পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ফুলেশ্বৰী — “বুজিলো নদটোৱে জানিবা সকলোকে পানী দি, বতাহ দি সুখী কৰিছে; কিন্তু নদটোৰনো নিজৰ কি উপকাৰ হৈছে। ”

 কমলেশ্বৰ — “বাৰু গাভৰুদেৱ, কোৱাচোঁ তুমি জানিবা মোক ভাল পাই সুখী কৰিছা মোৰ সেইটো লাভ হৈছে; তোমাৰনো কি লাভ হৈছে?”

 ফুলেশ্বৰী — “তুমি সুখী হৈছা বুলি জানি মইও সুখী হৈছো। ”

 কমলেশ্বৰ — “নদটোৱেও সেইদৰে সকলোকে পানী দি, বতাহ দি, আনক সুখী কৰাৰ লগে লগে নিজেও বোধ কৰোঁ সুখী হৈছে। ”

 ফুলেশ্বৰী — “যাওক আপুনি কিহৰ লগত কিহক ৰিজাইছে। ”

 কমলেশ্বৰ — “মই বিশেষকৈ একো ৰিজোৱা নাই। তুমি সোধা দেখিহে ময়ো কইছোঁ। পিছত গাভৰুদেৱ মই আজি তোমাৰ ওচৰত এটা ভিক্ষা বিচাৰিহে আহিছোঁ। ”

 ফুলেশ্বৰী — “আও! মোৰ কি সাধ্য আছে আপোনাক ভিক্ষা দিবলৈ। বাৰু কওকচোন কি ভিক্ষা লাগে। পাৰিলে দিম, নোৱাৰিলে সমিধান। ”

 কমলেশ্বৰ — “তুমি সহজে ভিক্ষা দিব পাৰিবা। তুমি শুনিছা নহয় মোৰ সেই ধনেশ্বৰ নামৰ চুতীয়া সেনাপতিটো বলিত পৰিছে। তাক তুমি তোমাৰ পিতৃদেৱতাত খাটনি ধৰি তাক মোকোলাই দিব পাৰিলে তাৰ উপকাৰ হোৱাৰ লগে লগে মোৰো এটা উপকাৰ হয়। তাক মই শিকাই বুজাই চুতীয়া সৈন্যসকলৰ ওপৰত সেনাপতি পাতি লৈছিলোঁ। মানৰ লগত যুজ লাগিলে সি মোৰ এখান শক্তিশালী বাহুৰ দৰে হলহেঁতেন। এতিয়া সি যদি বলিত পৰে তেন্তে মই আকৌ এটাক শিকাই বুজাই লব পাৰিলেহে মানৰ লগত ভালকৈ যুজিবলৈ সাজু হব পাৰিম। আন এজনক শিকাই বুজাই লওঁ মানে, যদি মান অগিবাঢ়ি আহে তেন্তে অলপ লেঠাত পৰিম। আকৌ তাৰ নিচিনা সাহসী, বাহুবলী, ৰণ-নিপুণ, যুজাৰু বীৰ এজন পামনে নাপাম তাৰো সঠিক নাই। ”

 ফুলেশ্বৰী — “সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তাক আমাৰ দেউতাইহে নালাগে স্বৰ্গদেৱেও হেনো এৰি দিব নোৱাৰে। ”

 কমলেশ্বৰ — “সিতো এক প্ৰকাৰ আহোমেই হৈছে। তাতে যদি দেও পৰীক্ষাটোত কাৰসাজি অৰ্থাৎ চল চক্ৰান্ত হৈছিল, তেন্তে দেউতাই বোধ কৰোঁ এৰি দিব পাৰিব। ”