পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

 “দুঃখহাৰী কৃষ্ণই দুঃখ নিবাৰণ নকৰিলে আনে কৰোঁতা নাই ধুৰুপ জানিবি। সেই দেখি বাছা! তই কৃষ্ণক খাটিবি। ”

 এই কথা বতৰা কৈ বৈষ্ণবী মন্দিৰৰ ফাললৈ গল। আঘণীয়ে এগুণ গুণ কৰি গালে :— কৃষ্ণ এক দেৱ দুঃখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।

২১

 সেই কালত ষাড়ৰ খেলৰ কোনো মানুহকে ৰজা বা শদিয়াখোৱা গোঁহাইদেৱে দণ্ড বিহিব নোৱাৰাত বাজেও নিয়ম আছিল যে যিজন নিঘুণি আবিয়ৈ ডেকা বলিত পৰিব সেই জনক বন্দীশালৰ ভিতৰত থাকে মানে যেতিয়াই যি খাবলৈ খোজে, যি পিন্ধিবলৈ ইচ্ছা কৰে, সেই বিলাকতো দিবই লাগিব তদুপৰি তেওঁ যাক যেতিয়া দেখা কৰিব খোজে তাকে তেওঁৰ ওচৰলৈ আনি দিবই লাগিব। এই নিয়ম থকাৰ নিমিত্তে বন্দী হবৰ দিনৰেপৰা ধনেশ্বৰে ধৰ্ম্মৰ বিষয়ে, জনম মৰণৰ বিয়য়ে, কথা হবলৈ বৈষ্ণবীক নিতৌ ভাটিবেলা ভাটিবেলা আহিবলৈ অনুৰোধ কৰিছিল। মাজে সময়ে আঘণীকো মতাই অনাই কথা-বতৰা হৈছিল। এই দুয়োজনাকে গড়ৰ ভিতৰলৈ আহিবলৈ দিবৰ ইচ্ছা নাথাকিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসৰি তেওঁলোকক আহিবলৈ দিবলৈ বাধ্য হৈছিল। এজন দেউৰী পূজাৰীয়ে ধনেশ্বৰক পুৱা-গধূলি বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁ (ধনেশ্বৰ) বৰ ভাগ্যবান যেহেতু তামাৰ মায়ে তেওঁৰ ৰক্ত আৰু মাংস গ্ৰহণ কৰিব। বেমাৰ হৈ মৰাৰ পাছত এই নশ্বৰ দেহটো জুইত পুৰি অথবা মাটিত পুতি নষ্ট কৰাতকৈ জীয়াই থাকোঁতেই এই দেহৰ ৰক্ত-মাংস তামাৰ মাইত লগোৱাটো বেছি সৌভাগ্যৰ কথা। ” ধনেশ্বৰে দেউৰীজনৰ এই কথাৰ উত্তৰত সুধিছিল :— “তামাৰ মাই যদি দেৱী গোসানী বা মাতৃ হয় তেনেহলে সেই মাতৃয়েনো পুত্ৰৰ তেজ মঙ্গহ কেনেকৈ খায়? মাকে সন্তানক মৰম কৰি খুৱায়হে। সন্তানক জনম দিয়ে কেচুৱা অৱস্থাত সেই সন্তানক নিজৰ ৰক্তৰপৰা উৎপন্ন হোৱা বুকুৰ গাখীৰ খুৱাই আৰু সন্তান ডাঙৰ হলেও মাকে আগেয়ে সন্তানে কি খাইছে বা নাখাইছে তাৰ হে বিচাৰ লয়। মাকে দেখোন সন্তান নাখায়, কেবল বাঘ, মেকুৰী ইত্যাদিয়েহে সন্তান প্ৰসব কৰি উঠিলে শেহৰ