পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

পৰশুৰাম কুণ্ডলৈ যাব নোৱাৰিবা। বাট-পথ দুৰ্গম হৈছে আৰু যাওঁতে যাওঁতে বৰষুণ পৰিলেই নৈ জান জুৰি আটাইবিলাক ভৰি পৰিব। সেইবিলাকত নাও-ডুঙ্গিও নাই। বাটৰ মানুহ, ৰাটতে ৰবা ইকুলো নহবা, সিকুলো নাপাবা। খাব নাপাই মৰিবা।

 বৈষ্ণবী — “তেন্তে এতিয়া আমাৰ উপায় কি হব দেউতা ঈশ্বৰ?”

 শঃ খোঃ গোঁঃ — “তোমালোকে পূজাৰ পিছলৈকে ইয়াত থাকিব লাগিব, পিছত আঘোণ মাহ পৰিলেহে যাব পাৰিবা। মোৰ হাউলিৰ বাহিৰে পূবত এটা বিষ্ণু মন্দিৰ আছে, তাৰ লগতে ভোগ ঘৰ, আলহী থকা ঘৰ আছে। তোমালোকে তাতে থাকাগৈ। মই সিধা ভূজা দি থাকিম। ”

 বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। পিছত আমি সময়ে সময়ে, গাঁৱে-ভূয়ে নাম-গুণ গাই শুনাই ভিক্ষা কৰিবগৈ পাৰিমনে?”

 শঃ খোঃ গোঁঃ — “পাৰিবা। কিন্তু তোমালোকে আমাৰ ৰজা- ঘৰৰ বিষয়ে কাকো একো নকবা। কি পুৰন্দৰ সিংহ স্বৰ্গদেৱ, কি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ কাৰো কথা নুলিয়াবা আৰু কোনো এজনকো নশলাগিবা। এইদৰে চলিলে তোমালোক ভালে থাকিব পাৰিবা কিন্তু ৰাজনীতি চৰ্চ্চা কৰিলে বিপদত পৰিব পাৰা, এই কাৰণে সাৱধান কৰিলো।

 বৈষ্ণবী — “ভাল দেউতা ঈশ্বৰ। আমি সেইদৰেই চলিম। ”

 শঃ খোঃ গোঁঃ — বৈষ্ণবি! মাতে-কথাই তোমাক দেখোন অসমীয়া মানুহ যেন লাগে। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ। মই আদিতে অসমৰে জীয়াৰী। মোৰ ঘৰ মাজুলিত আছিল। মই জাতিত কলিতা মানুহ। ”

 শঃ খোঃ গোঁঃ — “তেন্তেনো তুমি অসমীয়া জীয়াৰী হৈ বৈষ্ণবী কেনেকৈ হলা?”

 বৈষ্ণবী — “সেইবিলাক ভালেমান কথা দেউতা ঈশ্বৰ, আমি এই ঠাই এৰাৰ আগতে দেউতা ঈশ্বৰক সকলো কথা কম। পিছত এতিয়া আমাৰ ভাগৰ লাগিছে। এতিয়া আলহী থকা ঘৰলৈ যাব খোজো। ”

 শঃ খোঃ গোঁঃ — “বাৰু যোৱাগৈ। যেতিয়া যি লাগে তুমি মোক কবাহি আন কি মই নথকাত তুমি মোৰ গাভৰুদেৱৰ ওচৰলৈকো আহিব পাৰিবা। ”