পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

বলীষ্ঠ দেউৰী কেইজনমানৰ হতুৱাই দুয়ো হাত বন্ধালে। তাৰ পিছত ককালত এডাল জৰি লগাই তাক টানি নিলে। কমলেশ্বৰ গোঁহায়ে কলে — “মই যুদ্ধ বিদ্যা শিকাই বুজাই অৰ্পিত কৰা চুতীয়া সেনাপতিজনক যেতিয়াই তামাৰ মাইৰ বলিৰ নিমিত্তে নিয়া হল তেতিয়াই তেওঁৰো এফেৰা মস্কিল হল। ধনেশ্বৰৰ নিচিনা আন এজন চুতীয়া ডেকাক শিকাই বুজাই লওঁতে অন্ততঃ দুই তিনি মাহ লাগিব; ইয়াৰ ভিতৰতে যদি কেনেবাকৈ মানে আহি শদিয়া আক্ৰমণ কৰে তেনেহলে মোৰ পক্ষে শদিয়া ৰক্ষা কৰা টান হব পাৰে। ”

 শদিয়াখোৱা গোঁহাইদেৱে কলে :— “কি কৰিবা বপা! সি দেও পৰীক্ষাত পৰিল যেতিয়াই তাক কেনেকৈ ৰাখিম। ”

 কমলেশ্বৰ — “কিয় দেউতা ঈশ্বৰ; সি আহোম হৈছে নহয় সি যেতিয়াই “মই আজিৰপৰা আহোম হলো” এই বচন দেউতাৰ আগত দিছে তেতিয়াই সি এক প্ৰকাৰ আহোমেই হৈছে দেখোন। তাক বলিত দিব কেনেকৈ?”

 শদিয়াখোৱা গোঁহাইদেৱ — “সি আহোম হলো বুলি কলেও তাক যেতিয়াই কোনো আহোম খেলতে থপা হোৱা নাই, তেতিয়াই সি চুতীয়া হৈয়ে আছে। তাতে সি যেতিয়া দেও পৰীক্ষাত বলিত পৰিছে তেতিয়াই তাক ৰাখিবলৈ গলেও হুলস্থল লাগিব, আন কি প্ৰজাও বিদ্ৰোহী হৈ উঠিব পাৰে। সেই দেখি বপা; সদ্যহতে মই একো কৰিব নোৱাৰো। ”

 শদিয়াখোৱা গোঁহাইৰ উত্তৰত কমলেশ্বৰ সেনাপতি মনে মনে ৰল॥

 পুতেকক সেইদৰে দেউৰীসকলে বলেৰে টানি লৈ যোৱা দেখি হৰেশ্বৰে কান্দি চিঞৰি চিঞৰি কলে :— “নিশ্চয় লাংফাই আৰু বামাচাৰী সেই তান্ত্ৰিক বঙালটোৱে কিবা চালাকি কৰি কুট্ মন্ত্ৰ আৰু যাদু কৰি মোৰ বাছাক অন্যায়কৈ বলিত পেলালে ঔ” বুলি মুৰ্চ্ছা গই পৰিল। তেওঁক আনবিলাক চুতীয়াই ধৰা-ধৰি কৰি ঘৰলৈ লই গল। ধনেশ্বৰে নিৰ্ভীক মনেৰে, এটা দৃঢ় প্ৰতিজ্ঞাৰ ভাবেৰে দেউৰীহঁতৰ লগত একো টনা আজোৰা, যুজ-বাগৰ নকৰাকৈ গল। দেউৰীসকলে তেওঁক নি সেই শিলৰ ঘৰটোৰ ভিতৰত বন্দী কৰি থলে।