পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

বেৰবিলাক শিলৰ, সেই শিল বিলাকক জোৰা লগাই ৰাখিছিল শিলৰ গজালেৰে। মঠটোৰ ওপৰৰ চালখান আছিল তামৰ। এই কাৰণেই মঠটোৰ নাম হৈছিল “তামেশ্বৰীৰ মন্দিৰ” মঠটোৰ মুঠেই পশ্চিম ফালে এখন দুৱাৰ। মঠলৈ সোমোৱা দুৱাৰমুখতে এখান সৰু শিলৰ পীৰা আছিল। অলপ আঁতৰতে এটা বৰ ডাঙৰ গাঁত আছিল। এই তামাৰ মাইক অকল চুতীয়া আৰু দেউৰী সকলেহে যে ভয় কৰিছিল এনে নহয়; ওচৰৰ মিচিমি, চিংফৌ, আবৰ, খামতি ইত্যাদি পৰ্ব্বতীয়া জাতিবিলাকেও ভয় কৰিছিল। সুদূৰ তিব্বত, চীন আৰু হিন্দুস্থানৰ পৰাও অনেক তান্ত্ৰিক আৰু বামাচাৰী শাক্তও আহি এই মন্দিৰত পূজা দিছিল। এই মন্দিৰৰ গড়ৰ ভিতৰত এটা শিলৰ বেৰাৰ ওপৰত ইটাৰ চালৰ ঘৰ আছিল। তামেশ্বৰীৰ মন্দিৰত বছৰি এটা নৰবলি হৈছিল। যি মানুহক বলি দিব, সেই মানুহক এই গড়ৰ ভিতৰত সুমাই ৰাখি ভালকৈ খুৱাই বুৱাই শকত-আবত কৰা নিয়ম আছিল। শৌচ, পেচাব আদি লাগিলে লোৰ শিকলিত তিনিটামান শকত দেউৰীয়ে ধৰি নি বাহিৰত শৌচাচাৰ আদি কৰাই আনিছিল। ভোগ-ভাত ৰান্ধিবলৈ আন কাষে এটা খেৰি ঘৰ আছিল। যাত্ৰী থাকিবলৈ এটা দীঘলীয়া খোটালি খোটালি খেৰি ঘৰ আছিল। সেই ঘৰটোৰ ভিতৰত এজন বিদেশী বামাচাৰী তান্ত্ৰিক প্ৰায় চাৰি বছৰ আগৰেপৰা আছিল। এই বামাচাৰী তান্ত্ৰিকজন আগৰ কৰ মানুহ কেৱে নেজানিছিল; কিন্তু তেওঁৰ কেতখিনি আশ্চৰ্য্য ক্ষমতা মানুহে দেখিছিল। তেওঁ মানুহক চকুৰে চায়ে সন্মোহিত কৰিব পাৰিছিল; হাত অলপ বুলায়েই মানুহক তন্দ্ৰাত পেলাব পাৰিছিল। সকলোকে বশো কৰিব পাৰিছিল। আধ্যাত্মিকতাৰ ফালে তেওঁ কিমান উন্নত আছিল অৱশ্যে সেইটো কেৱে নেজানিছিল। কিন্তু এইটো হলে সকলোৱে ঠিৰাংকৈ বুজিছিল যে তামাৰ মাইৰ আগত নৰবলি দিয়াত তেওঁ আগৰণুৱা আছিল; আনকি এক প্ৰকাৰ উন্মত্তও আছিল। আহাৰৰ বিষয়ত তেওঁ নিতৌ এটে- কেলি দুটেকেলি মদ পিছিল, আৰু তাৰ লগে লগে ছাগলী, পাৰ, হাঁহ ইত্যাদিৰ এফেৰা মঙ্গহ নহলে তেওঁ অন্নকে নুচুইছিল। অৱশ্যে সেই কালত তামাৰ মাইৰ আগত ভোগ-ভাতৰ উপৰিও নিতৌ এটা জন্তুৰ বলি হৈছিল, আৰু সেই জন্তুৰ মঙ্গহ সমানে আধা এই তান্ত্ৰিকে লইছিল, বাকী আধাহে দেউৰী, পূজাৰী, বলিকটীয়া এই সকলে পাইছিল।