পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

কাৰণতে তেৱোঁ অতি শীঘ্ৰে মানৰ লগ এৰি মানৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ মনে মনে পাঙিছে। গোঁহাইদেৱে যেন শদিয়া ৰাজ্যখন মানৰপৰা ৰক্ষা কৰি ৰাখে; যেন শদিয়াত মানক সোমাব নিদিয়ে; তেওঁ যেন সৈন্য সামন্ত এদল সাজু কৰি লই মানক ব্ৰহ্মপুত্ৰৰ ইপাৰতে ধৰেহি। ” চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পৰা এই চিঠি পাই শদিয়াখোৱা গোঁহাইদেৱে তেওঁৰ প্ৰধান সেনাপতি কমলেশ্বৰ গোঁহাই নামৰ ডেকা এজনক মতাই আনিলে; লগতে তেওঁৰ চ’ৰাৰ মেলৰ বুঢ়া-মেথা সকলোকে মাতিলে। চুতীয়া সকলৰো প্ৰত্যেক খেলৰ মানুহ মতাই আনিলে। সকলোকে চৰাত যথা-যোগ্য আসনত বহুৱাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে লিখা পত্ৰ পাঠ কৰি শুনাই কলে — “বাৰু সমজুৱাসকল! আৰু কমলেশ্বৰ বাপা। কোৱাচোন আমি এতিয়া কি কৰা উচিত। ” সমজুৱাসকলৰ ভিতৰত বয়োবৃদ্ধ এজনে কলে — “দেউতা ঈশ্বৰ; আমাৰ সকলো খেলৰ আৰু জাতিৰ পৰা শ শ ডেকা লৰা আৰু মানুহ গোটাই লই সেই সকলক অলপ যুদ্ধ বিদ্যা শিকাই ৰণলৈ আগ বঢ়োৱা যাওক। ”

 কমলেশ্বৰ — “দেউতা ঈশ্বৰ! মইও সেই কথাকে কওঁ। সৈন্য গোটাই লই সেই সৈন্যক দহবাৰদিনমান কুচ্-কাৱাজ শিকাব লাগে। সৈন্যৰ নিমিত্তে খোৱামেলা বস্তুও গোটাব লাগে। ”

 কমলেশ্বৰৰ এই কথা সকলোৱে সমৰ্থন কৰিলে। তেতিয়া শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাইক এই সকলোবিলাক যো-জা কৰিবলৈ আদেশ দিলে। মেল নৌভাঙোতেই ধনেশ্বৰ চুতীয়াইও আগবাঢ়ি আহি শদিয়াখোৱা গোঁহাইদেৱক সেৱা জনাই কলে — “দেউতা ঈশ্বৰ! মই বন্দিও যুজলৈ সাজু হব খোজোঁ — আৰু যদি উপযুক্ত দেখে তেন্তে আপোনাৰ সেনাপতি ডাঙ্গৰীয়া গোঁহায়ে মোক তেওঁৰ অনুগত সহকাৰী ৰূপে লয় যেন। ধনেশ্বৰৰ এই নিবেদনত শদিয়াখোৱা গোঁহাইদেৱে সন্তুষ্ট হৈ কলে — “কমলেশ্বৰ বাপা! এই ধনেশ্বৰক যদি যুদ্ধ বিদ্যাত উপযুক্ত দেখা তেন্তে তাক তোমাৰ তলতীয়া সহকাৰী ৰূপে লব পাৰা। কাঁড় মৰা বিদ্যাত মই তাক চোকা পাইছোঁ। বোধ কৰোঁ হিলৈ মৰাতো চোকা হব। চাই চিন্তি পৰীক্ষা কৰি যেনে ভাল দেখা কৰিবা। ”

 শদিয়াখোৱা গোঁহাইদেৱৰ এই কথাত কমলেশ্বৰ গোঁহায়ে ধনেশ্বৰক কলে — “বাৰু ধনেশ্বৰ। কাইলৈ তুমি পুৱাই তোমাৰ ধেনু কাড়, ঢাল-বাৰু যি আছে মানে লই মোৰ ঘৰলৈ আহিবা। ”