পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
তাম্ৰেশ্বৰীৰ মন্দিৰ

পৰা আহোম হলো” বুলিয়েই আহোমৰ কুলত তুলিব, আৰু পূৰ্ব্বাপৰ মান-মৰ্য্যাদা বিবেচনা কৰি আমাক যেনে তেনে কোনো এখেল আহোমৰ লগত সামিল কৰি দিব। আমি অৱস্থাপন্ন হলে সেই আহোম খেলত এটা ভেজ-ভাত দিব পাৰিলেই হব। দুখীয়া হলে আনকি এখৰাহি তামোল পান দি সেই খেলটোক এটা সেৱা কৰিলেও আমাক আনন্দ চিত্তেৰে গ্ৰহণ কৰি নিজৰ খেলৰ ভিতৰত ঠাই দিব। ”

 আঘণী — (চকু চলচলীয়া কৰি) “যদি পিতয়ে দেউৰী জাতিতে থাকে তেন্তে মই সুখী হব নোৱাৰিম বোধকৰো। ”

 ধনেশ্বৰ — “বাৰু আঘণী। তই মোক ভাল পাবলৈ নেৰিবি, মইও তোক ভাল পাবলৈ নেৰো। তোক পাবলৈ দিনে নিশাই ঈশ্বৰক খাটিম। দেখোঁ প্ৰভুৱে কি কৰে। এই কথা-বতৰাৰ পিছতে মনেশ্বৰো আহি সেই ঠাই পালে। সেই দিনা আৰু কেৱে কাকো মাত বোল নকৰাকৈ দিনটো টঙি ৰখি গধূলি ঘৰঘৰি গল।

১০

 ভূঁইতলীত ধনাই, মনাই আৰু আঘণীৰ মাজত হৈ যোৱা ঘটনাৰ দুদিনৰ পিছত সৎৰাম, লাংফাই, মনাই এই তিনিজন দেউৰী শদিয়াখোৱা গোঁহাইৰ চৰাত থিয় হোৱা মাত্ৰকে, গোঁহাইদেৱ ভিতৰৰ- পৰা ওলাই আহি দেউৰী কেজনক যথাযোগ্য আসন বহিবলৈ দি নিজে ফুলাম বৰপিৰাত বহি সুধিলে — “দেউৰীসকল। আজি কি সকামনো ইয়ালৈ অহা হৈছে? তামাৰ মাইৰ পূজা-সেৱা যথা নিয়মে চলি আছেতো?” লাংফাই বৰদেউৰীয়ে কলে — “গোঁহাইদেৱ। তামাৰ মাইৰ পূজা-সেৱা যথা নিয়মে চলি আছে। পিছত আমি এটা গোচৰ জনাবলৈ আহিছোঁ।

 শঃ খো গোঁঃ — “কি গোচৰ জনোৱা। ”

 লাংফাই — “গোঁহাইদেৱ! এই হৰেশ্বৰ চুতীয়াৰ পুতেক ধনেশ্বৰ চুতীয়াৰ উৎপাতত আমি ৰব নোৱাৰাত পৰিছে। গল পৰহি দিনা ভূইতলীত আহুধান ৰাখোঁতে ধনাই চুতীয়াই এই মনাই দেউৰীলৈ খুজি বাঢ়ি থোৱা মোৰ আঘণী নামৰ ছোৱালীজনীক এই মনাইৰ অগিতে নিলাজ ভাবে ধৰি চুমা খাই অসৎ অভিপ্ৰায়ে তাইৰ