পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ধনেশ্বৰ — “আই! ৰত্নপাল ৰজাৰ পুৰুষ বংশত কেৱে নাই। আমি এতিয়া কিবা বোলে ষাড়ৰ খেলৰ হেনো। ”

 বৈষ্ণবী — “ষাড়ৰ খেলনো কাক বোলে। কিয় বোলে জাননে?”

 ধনেশ্বৰ — “আই! আপুনি শুনিব পায় যে তাম্ৰেশ্বৰীৰ মন্দিৰত বছৰি দুৰ্গাপূজাৰ সময়ত এটা নৰবলি হয়। সেই বলিটো আজিকালি আমাৰ খেলৰ পৰা দিব লাগে। নিঘুণি, ডেকাবয়সৰ অথচ অবিবাহিত এজন বলি হব লাগে। পিছত কিবা বোলে এটা দেও পৰীক্ষা পাতি কাক বলি দিব থিৰাং কৰে। আমাৰ ষাড়ৰ সেইবাবে আহোম ৰজাঘৰে নিষ্কৰ মাটি বৃত্তি যে দিছেই তদুপৰি আমি কোনো দোষ কৰিলেও আমাক দণ্ড বিহিব নোৱাৰে। ”

 বৈষ্ণবী — “এৰা বাবা! এতিয়া সকলো কথা বুজিলো” এই বুলি কই বৈষ্ণবীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে।

 ধনেশ্বৰ — “আই! আপুনি দেখোন দীঘলকৈ হুমুনিয়াহ কাঢ়িলে? ইয়াৰ কিবা অৰ্থ আছেনে?”

 বৈষ্ণবী — “অৰ্থ আছে। যি কি নহওক তই বাবা কালিলৈ পুৱা অলপ সোনকালে আহিবি। মই তোৰ হাতখান চাম। ”

 ধনেশ্বৰ — “ভাল আই! আহিম বাৰু। এতিয়া সেৱাহে কৰিলো। ”

 বৈষ্ণবী — “জীয়াই থাক বাবা। ”

 আগদিনাৰ কথা মতে পিছদিনা কাউৰে “কা কা” কৰাৰ আগেয়ে ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহি বৈষ্ণবীক সেৱা কৰিলে। বৈষ্ণবীয়ে সেই সময়ত তেওঁৰ প্ৰাতঃকৃত্যাদি কৰি ধুনীৰ ওচৰত বহি আছিল। উৰ্দ্ধবাহু আৰু বৰাগী নৈলৈ স্নান কৰিবলৈ আৰু নিত্য কৰ্ম্মাদি কৰিবলৈ গৈছিল। বৈষ্ণবী নীৰলে অকলে বহি আছিল। ধনেশ্বৰে সেৱা কৰি উঠিলত বৈষ্ণবীয়ে তাক ওচৰলৈ নি তাৰ সোঁহাতৰ তলুৱাখান চাই কলে :— “বাবা! তই যে আগৰ ৰত্নধ্বজ পালৰ জীয়াৰীৰ বংশৰ সেইটো তোৰ হাতৰ আৰু কপালৰ আকবোৰেই সূচাই থৈছে। পিছত তোৰ যদিও এতিয়া কষ্ট আছে তথাপি মই