সমললৈ যাওক

পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “বাবা! আচল ঈশ্বৰ জনাৰ প্ৰকৃততে কোনো ৰূপ নাই। তেওঁক যেয়ে যিদৰে ভাবে সি সেই দৰেই, সেই ভাবেই তেওঁক পাব পাৰে। তেওঁক কেৱে পিতৃস্বৰূপে, কেৱে মাতৃস্বৰূপে, কেৱে সখা, বন্ধু, স্বামী, প্ৰভু ইত্যাদি স্বৰূপে ভাবে। কেৱে তেওঁক ককালত বাঘ-ছাল পিন্ধা, মূৰত জটা ৰখা, গাত ভস্ম সনা, গলত সাপৰ মালা ইত্যাদি পিন্ধা-মহাদেৱ বা বলিয়া বাবা বুলি ভাবে। কেৱে তেওঁক নবঘনশ্যাম স্বৰূপে — বনমালাধাৰী, বৃন্দাবন-বিহাৰী কৃষ্ণস্বৰূপে ভাবে। মাতৃভাবে কেৱে তেওঁক কালী, দুৰ্গা, ভৈৰবী ছিন্নমস্তা, তাৰা ইত্যাদি ৰূপে ভাবে। কেৱে তেওঁক কমলা, বাধা লক্ষী ইত্যাদি ৰূপে ভাবে। তহঁতৰ ইয়াত ঈশ্বৰৰ মাতৃ ভাবটোক “তামাৰ মাই” বুলি ভাবে। ”

 ধনেশ্বৰ — “আই! ঈশ্বৰক বলিয়া বাবা ৰূপে ভবা সকলে দেখোন ভাঙ ঘোটা খাই বলিয়ালি কৰে। হাঁহ পাৰ মোচাৰি মাৰে। মাতৃৰূপে ভবা সকলে, তামাৰ মাই বুলি ভবা সকলে — দেখোন তামাৰ মাইৰ আগত নৰবলিও দিয়ে। ”

 বৈষ্ণবী — “বাবা! তামাৰ মাইক মানুহৰ তেজখাইতী বুলি ভাবে অজ্ঞান অৰ্থাৎ নজনা মূৰ্খ মানুহ বিলাকেহে। ভাবি চাচোন মাকেনো কেতিয়াবা তেওঁৰ নিজৰ সন্তান মানুহক খায়নে? জ্ঞানী- সকলে ঈশ্বৰক প্ৰভু বুলি ভবাসকলে, ঈশ্বৰক মদন মোহন, ত্ৰিভঙ্গ শ্যাম, কৃষ্ণৰূপে ভাবে। দৰাচলতে ঈশ্বৰক কৃষ্ণ বুলি ভবা সকলে কাৰো অনিষ্ট নকৰে, তেওঁবিলাকে কৃষ্ণৰ সুন্দৰ; মঙ্গলময়, মধুময় প্ৰেমময় ৰূপ ভাবি বৰ সন্তোস পায়। ”

 ধনেশ্বৰ — “বাৰু আই! মোক কৃষ্ণৰ সম্পূৰ্ণ ৰূপ কেনেকুৱা কওকচোন। ”

 বৈষ্ণবী — “বাবা! তেওঁৰ প্ৰেমময়, মধুময়, শান্তিময়, মঙ্গলময় সৌন্দৰ্য্যময় ৰূপ কেৱে বখানি অন্ত কৰিব নোৱাৰে। তেওঁৰ গুণ যে অন্তই নাই, তথাপি আমাৰ কীৰ্ত্তন, ভাগৱত ইত্যাদিত যিৰূপে কইছে তাকে অলপ তোক কওঁচোন শুন :—

“নীল আকুঞ্চিত যাৰ কেশ শিৰে ৰত্ন কিৰিটি সুবেশ।
ভ্ৰুৰযুগ মদনৰ চাপ  দৰশনে হৰে হদি তাপ
ৰুচিকৰ কমল লোচন  সুধা সম মধুৰ বচন