পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “সেই বিলাক বিষয় বাবা! তুমি একো নাভাবিবা। তুমি সম্পূৰ্ণ আৰোগ্য নোহোৱা মানে মই আহি থাকিম। আজিলৈ আহোঁহে। ”

 লাংফাই — “এৰা আই! আহি থাকিবা দেই। মোৰ তোমাক সুধিবলগীয়া বহু কথা আছে। ” ইয়াৰ পিছতে বৈষ্ণবী সেই দিনালৈ মন্দিৰলৈ উলটি আহিল।

৩০

 তাৰ পিছদিনাও বৈষ্ণবী সেইদৰে লাংফাইৰ ঘৰলৈ গল, আৰু সেইদিনা দেখে লাংফাই প্ৰায় আৰোগ্য হৈছে।

 লাংফায়ে সুধিলে — “বাৰু কোৱাচোঁ আই! তুমি আগৰ কৰ মানুহ, মোকনো কেলেই ইমান যতন কৰিছা?”

 বৈষ্ণবী — “দেউৰী বাবা; মই আগৰ অসমীয়া মানুহ। মই দুখিত আতুৰক সহায় কৰা, পিয়াহ লগাক পানী দিয়া, এনেকুৱা ধৰম লই ঘৰ-দুৱাৰ এৰি এইদৰে দেশে দেশে ফুৰিছো। ”

 লাংফাই — “আই! তোৰ কথাবিলাক বৰ ভাল লাগিছে। বাৰু কচোন ঈশ্বৰজনা কেনেকুৱা? তেওঁক কেনেকৈ সেৱিব আৰু পূজিব লাগে?”

 বৈষ্ণবী — “বাবা! ঈশ্বৰজনানো কেনেকুৱা সেইটো দৰাচলতে কেৱে নাজানে! কেৱে তেওঁক কৃষ্ণ, কেৱে সদাশিৱ, বলিয়া বাবা, বুঢ়া বাবা, পিতৃ, সখি, বান্ধৱ, প্ৰভু ইত্যাদিৰূপে ভাবে, কেৱে তেওঁক ৰাধা, লক্ষ্মী, দুৰ্গা, সতী, কালী, ভৈৰৱী ইত্যাদিৰূপে ভাবে। দৰা- চলতে ঈশ্বৰজনানো কেনেকুৱা কেৱে কব নোৱাৰে। হিন্দু শাস্ত্ৰৰ ওখ খাপত ঈশ্বৰক পৰমাত্মা বোলে। সেই পৰমাত্মাৰ অংশ সকলো প্ৰাণীতে, জীৱতে আনকি তৰু-লতা, তৃণাদিতো আছে। সেইদেখি আমি বিশেষ বিষ্ণুপন্থীসকলে ঈশ্বৰক আয়েই বোলো বা বোপায়েই বোলো আমি কোনো জীৱ-জন্তু মাৰি নুপূজোঁ। কেৱল ফুলে-ফলে চাউলে-মাহে, উপকৰণে-নৈবিদ্যে ধূপ-ধুনাই পূজো। তেওঁক আমি কৰুণাময়, দয়াময়, গুণনিধি, শান্ত, শিৱ, সুন্দৰ বোলো। তেওঁৰ প্ৰীতিৰ অৰ্থে আমি প্ৰাণীক সেৱা কৰো, কোনো প্ৰাণীকে হিংসা