পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
তাম্ৰেশ্বৰীৰ মন্দিৰ

ধনেশ্বৰ চুতীয়াই দুহেজাৰ আহোম, আৰু ২০০০ দুহেজাৰ চুতীয়া ডেকাক কাঁড় মৰা, হিলৈ মৰা, ঢাল-বাৰু খেলা, জাঠি চলোৱা, কুচ কাজ কৰা, ইত্যাদি যুদ্ধ-বিদ্যা শিকাই অৰ্পিত কৰিলে। দেৱী পূজালৈ আৰু এমাহ মাথোন আছে। তাম্ৰেশ্বৰীৰ মন্দিৰত দুৰ্গোৎসৱ পূজাৰ আয়োজন হবলৈ ধৰিলে। হাঁহ, পাৰ, ছাগলী, মাহ, চাউল ইত্যাদি ভাৰে ভাৰে আহিবলৈ ধৰিলে। ইফালে ষাঁড়ৰ খেলৰ চুতীয়া গাঁওখনত বৰ উখল-মাখল লাগিল। এইবেলি বা কোন ডেকা বলিত পৰে এই চিন্তা সকলোৰে হল। এইবেলি ধনেশ্বৰকে প্ৰমুখ্য কৰি ১৬ বছৰ বয়সৰপৰা ২৫ বছৰ বয়সলৈকে ষাঁড়ৰ খেলৰ ভিতৰত ৯ জন ছেকা আছিল। এই ৯ জনৰ ভিতৰত বা কোনজনক দেও পৰীক্ষাই তামাৰ মাইৰ আগত বলিত পেলায়!

 সেই দিনাখন ভাদ মাহৰ ৫মী নে ৬ষ্ঠী তিথি — দেওবাৰ। লাংফাই দেউৰী, বামাচাৰী তান্ত্ৰিক, আৰু ৩/৪ জন দেউৰী আহি ষাঁড়ৰ খেলৰ চুতীয়া গাওঁখনত সোমাল; আৰু বয়সীয়াল চুতীয়াসকলৰ পৰা জানিলে যে ধনেশ্বৰকে প্ৰমুখ্য কৰি ৯ জন নিঘুণি ডেকা আছে, এই নওজনকে মাতি বুলি আনি, এটাইবিলাকেই শদিয়াখোৱা গোঁহাইদেৱৰ চৰাত উপস্থিত হলগৈ। আহোম আৰু চুতীয়া খেলৰ মাতব্বৰ সকলোবিলাক ৰাইজেই আহিছিল। তালৈ কমলেশ্বৰ গোঁহায়ো আহিছিল।

 যথা সময়ত শদিয়াখোৱা গোঁহাইদেৱলৈ বাতৰি পঠোৱা হল। গোঁহাইদেৱে উপযুক্ত কাপোৰ-কানি পিন্ধি চৰাত আহি বহিল। আৰু সকলোবিলাক মানুহেই নিজ নিজ উপযুক্ত আসনত বহা হলত ষাঁড়ৰ খেলৰ তিনিজন বয়সীয়াল মানুহে আৰু লাংফাই দেউৰীকে প্ৰমূখ্য কৰি দেউৰীসকলে সেই ৯ জন ডেকাক গোঁহাইদেৱৰ আগত ঠিয় কৰালে। সেই ৯ জনৰ ভিতৰত ধনেশ্বৰকো দেখি গোঁহাইদেৱৰ আৰু কমলেশ্বৰ গোঁহাইৰো মনটো বিষাদ যুক্ত হল। শদিয়াখোৱা গোঁহাইদেৱে দেও পৰীক্ষা আৰম্ভ কৰিবলৈ আদেশ দিলত লাংফাই দেউৰীয়ে তেওঁৰ চোলাৰ মোনাৰপৰা ৯ খান সমান দীঘ পুতলৰ ভূজ পত্ৰ উলিয়াই দিলে। বামাচাৰী তান্ত্ৰিকে সেই ৯ খান ভূজ পত্ৰৰ প্ৰত্যেক খনতে একো একোজন ডেকাৰ নাম দেৱনাগৰিত লেখি দিলে। সেই ৯ খান ভূজ পত্ৰ শদিয়াখোৱা গোঁহাইদেৱক ডেকাবিলাকৰ নামবিলাক পঢ়ি চাবলৈ দিলে। শদিয়াখোৱা গোঁহাইদেৱে পঢ়ি চাই