পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “ভাল দেউতা, গাওঁ বাৰু”

ৰাগ গৌৰী

“ওৰে সখি! পেখোৰে কুঞ্ছ লোচন
   চলনি নন্দ কুমাৰা
ইন্দু বদন—কোটি মদন ৰূপে তুল নাহি চাৰা

পদ

মকৰ কুণ্ডল মঞ্জিত গন্দ গলে গজমতি লুলে।
তৰিতাম্বৰ শ্যামসুন্দৰ শিৰে শিখণ্ডক ডুলে ॥
কৰ কঙ্কন কিঙ্কিনী কণক ঝনকে চলে গোপালা।
পঞ্চম পুৰে, লম্বিত উৰে কেলি কদম্বক মালা
পদ-পঙ্কজ মঞ্জীৰ ঝুৰে হৃদয়চিত্ত হামাৰু।
শঙ্কৰ কহ ছাৰ বিৰহ ওহিজন আধাৰু ॥”

 গীত গোৱা হলত বৈষ্ণবীয়ে কলে :— এতিয়া ভিক্ষা দিয়ক দেউতা। ”

 কমলেশ্বৰ — “বাৰু ৰবা, মই ভিতৰৰপৰা আহোঁ। ” এই বুলি ভিতৰলৈ গই চিকা ৰূপ এটকা লই আহি কলে :— ‘হোৱা এই চিকা ৰূপ টকিকে নিয়া। ”

 বৈষ্ণবী — “দেউতা! মই চিকাৰূপৰ, ধন সোণৰ ভিখাৰিণী নহওঁ। মোক দেউতাৰপৰা আন এটা ভিক্ষা হে লাগে। ”

 কমলেশ্বৰ — “কোৱা তেন্তে তোমাক কি ভিক্ষা লাগে। শক্তি থাকিলে দিয়া হব। ”

 বৈষ্ণৱী — “দেউতা! এই বেটীয়ে জানো দেউতাই আমাৰ শদিয়া- খোৱা গোঁহাই দেউতাৰ জীয়াৰী ফুলেশ্বৰী আইদেৱক ভাল পায়। ”