কাম কৰ। মোৰ এই সাজ কাপোৰ যোৰ তই পিন্ধি তোৰ যোৰ মোক দি তই ওলাই যা। কেৱে ধৰিব নোৱাৰিব। তোৰ সলনি এই বন্দী ঘৰত ময়ে থাকোঁ, মোক বলি দিব নোৱাৰে কিয়নো মই মইকী মানুহ। পূৰ্ব্বাপৰ ৰীতিমতে মাইকী মানুহক, ৰজাক, ব্ৰাহ্মণক, আহোমক, বয়সীয়াল মতা মানুহক বলি দিব নোৱাৰে। ” ধনেশ্বৰে কলে, “কি কথা কৱ ঐ মোৰ আঘণী! মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ। জীউটো গলেও মই নিজৰ গৌৰৱ, আত্মসন্মান, সকলোকে লোপ কৰি, মাইকীৰ সাজ কাপোৰ পিন্ধি ছদ্মবেশ লই, আগলৈ সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ পলাই যাব নোৱাৰোঁ। মই বীৰ জাতিৰ লৰা। দৈব দুৰ্বিপাকত মই বৰ্ত্তমানে যাঁড়ৰ খেলত পৰি বলিত যাবলৈ ওলালেও মই আগৰ ৰত্নধ্বজ ৰজাৰ জীয়াৰী বংশৰহে লৰা। গৌৰৱ হানি আৰু হাঁহিয়াতৰ পাত্ৰ হোৱাতকৈ মৃত্যু মোৰ পক্ষে শতগুণে শ্ৰেষ্ঠ। ”
আঘণী — “যদি দৈৱে, তামৰ মায়ে ৰক্ষা নকৰে তেন্তে দেখোন আৰু উপায় নাই যদিও শদিয়াখোৱা গোঁহাইত খাটনি ধৰোৱা গৈছে তোৰ ৰক্ষাৰ নিমিত্তে। ”
ধনেশ্বৰ — “প্ৰভু কৃষ্ণই যি কৰে সেয়ে হব আঘণী! তই বেজাৰ নকৰিবি। উপজিছিলো যেতিয়াই তেতিয়াই এদিন মৰিবও শাগিব। তই মোলৈ পাহৰি পেল। এতিয়া ঘৰলৈ যা। ”
আঘণীয়ে চকু চলচলীয়া কৰি ঘৰলৈ গ'ল।
২৬
আহিনৰ আজি পঞ্চমী তিথি। শদিয়াখোৱা গোঁহাইৰ চৰাত আহোম, চুতীয়া, দেউৰী ইত্যাদি লোকে লোকাৰণ্য। শদিয়াখোৱা গোঁহায়ে জীয়েক ফুলেশ্বৰী আইদেৱৰ খেচ-খেচনীত তত নাপাই ৰাইজক আৰু বৈষ্ণৱীক মতাই আনিছিল। শদিয়াখোৱা গোঁহাইদেৱে বৈষ্ণবীক কলে :— “বৈষ্ণবী! দেও পৰীক্ষাটোত যে কাৰসাজি হৈছিল তুমি প্ৰমাণ কৰিব পাৰিবানে?”
বৈষ্ণবী — “পৰা হব দেউতা ঈশ্বৰ। ”
শঃ খোঃ গোঁঃ — “তেনেহলে আৰম্ভ কৰা সকলো ৰাইজে দেখক। কি কি লাগিব কোৱা। ”