পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

চুতীয়া ডেকাজনক দিলে। দুখান পাতত উৰ্দ্ধবাহু আৰু বৈৰাগীক দিলে, এখান পাতত নিজে অলপমান বাঢ়ি লৈ ঈশ্বৰক নিবেদন কৰি প্ৰসাদ ললে। বটলহিত যি থাকিল আৰু পাততো যি খিছিৰি প্ৰসাদ থাকিল, তাক আলহী, অভ্যাগত, পশু-পক্ষী, মাছ মগৰলৈ থই দিলে। তাৰ পিছত বৈৰাগীয়ে জোলোঙাৰপৰা এচিলিম ভাঙ উলিয়াই কাটি মলি হুপি মুহুদি কৰিলে। গাইপতি নিজৰ নিজৰ চুৱা পাত পেলাই ঠাই চাফা কৰি তিনিউ সেই ধুনীৰ তিনি ফালে পৰি থাকিল। চুতীয়া ডেকাজনে তেওঁবিলাকৰপৰা বিদায় লৈ ঘৰ পালেগৈ। তেওঁৰ ঘৰ মন্দিৰৰপৰা প্ৰায় আধা মাইলমান বাটৰ আঁতৰত আছিল।

 চুনপোৰাত থিতাপি লবৰেপৰা নিতৌ ওচৰৰ গাওঁবিলাকপৰা লৰা-ছোৱালী, বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, উৰ্দ্ধবাহু আৰু বৈষ্ণবীক চাবলৈ এই মন্দিৰলৈ আহিব ধৰিলে; আৰু তেওঁবিলাকৰ কেৱে বা ঠিকনা চোৱাবলৈ, কেৱে বা ঔষধ পাবলৈ খোজানত কৰিব ধৰিলে। তেওঁবিলাকে অনেককে “আমি একো নেজানো” বুলি কই বিদায় দিছিল। এৰাব নোৱাৰা দুই এজনক বৈৰাগীয়ে ছায়েই হওক বা ভষ্মই হওক তাকে ঔষধ বুলি দিছিল। বৈষ্ণবী জনাই হলে সেইবিলাক একোতে নাছিল। তেওঁ সকলোকে ঈশ্বৰৰ নাম লবলৈ, বিশেষকৈ কৃষ্ণৰ নাম লবলৈ, উপদেশ দিছিল আৰু ভক্তিমন্ত দুই এজন আহোম আৰু চুতীয়া ৰয়সীয়াল মানুহক নামঘোষা, কীৰ্ত্তন ইত্যাদি গাইও শুনাইছিল। অসমীয়া মানুহসকলে বৈষ্ণবী জনাক আগৰ এগৰাকী অসমীয়া মাইকী মানুহ বুলি জানি, আৰু তেওঁৰ সাম্য অথচ তেজোময় মূৰ্ত্তিটোত আকৃষ্ট আৰু বশ হৈ তেওঁক শ্ৰদ্ধা-ভক্তি কৰিছিল। তাৰ লগে লগে অনেকে তেওঁৰ আতি-গুৰিও জানিব বিচাৰিছিল, কিন্তু তেওঁ “আমি পূৰ্ব্বৰ কথা কব নাপায়” এইদৰে কই সকলোকে বুজনি দি খেজালতৰ হাত সাৰিছিল।

 আন মানুহে এইদৰে এওঁবিলাকক দিক্দাৰী কৰিলেও আমাৰ সেই চুতীয়া ডেকাজনে নিতৌ পুৱা গধূলি এওঁবিলাকক খৰি পানী