পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

যাওঁতে সেইদিনা গোঁহাইদেৱনীয়ে কমলেশ্বৰক জা-জলপান খুৱাই কাষতে বহুৱাই লই কলে :— “গোঁহাইদেৱ বোপাটি! মই কথা এটা কওঁ!

 কমলেশ্বৰ — “কওক আই দেউতা। ”

 শঃ খোঃ গোঁহাইদেৱনী — “মই দেখিছোঁ মোৰ ফুলেশ্বৰী আই- দেৱে তোমাক ভাল পায়। তুমিও বোধ কৰো তেওঁক ভাল পোৱা। সেই দেখি মই মোৰ আইদেৱক তোমালৈ বিয়া দিব খোজো — তুমি কি কোৱা?” শদিয়াখোৱা গোঁহাইদেৱৰ পৰিবাৰে এই কথা কলত কমলেশ্বৰ গোঁহায়ে সেৱা এটা কৰি কলে — “দেউতা ঈশ্বৰীয়ে যেনে ভাল দেখে কৰক। ” কমলেশ্বৰৰ এক কথাত গোঁহাইদেৱনীয়ে তৎক্ষণাৎ গই শদিয়াখোৱা গোঁহাইদেৱত জনালে — শদিয়াখোৱা গোঁহাইদেৱ নিজৰ খোটালিৰপৰা ওলাই আহি পিৰালিত থিয় হোৱা মাত্ৰেই কমলেশ্বৰে সেৱা কৰিলে — শদিয়াখোৱা গোঁহাইদেৱে মূৰত ধৰি আশীৰ্ব্বাদ দিলে। বিয়াৰ দিনবাৰ স্থিৰ হল। বিয়ালৈ কনকেশ্বৰ, ধনেশ্বৰ, দেউৰীসকল, চুতীয়াসকল, আহোমসকল নিমন্ত্ৰিত হল। বিয়াৰ ধুম-ধামে শদিয়া খলক লাগি পৰিল। টোল- খোল, ডগৰ, পেপা, কালি, তাল সকলো বাজনা বাজি উঠিল। শদিয়া- খোৱা গোঁহাইদেৱে সকলো নিমন্ত্ৰিত মানুহকে যথাযোগ্য আদৰ-অভ্যৰ্থনা জনাই জা-জলপান খুৱালে, নিশা আয়তীসকলৰ নামৰ জাউৰি আৰু উলীৰ মাজত, ঢোল-খোল পেঁপাৰ মধুৰ বাজনাৰ মাজত কমলেশ্বৰ গোঁহাইদেৱৰ লগত ফুলেশ্বৰী আইদেৱৰ চকলং বিধি মতে বিয়া হৈ গল। ডেকা-গাভৰু উভয়ে সুখী হল। কোৱা নিষ্প্ৰয়োজন এই বিয়াত বৈষ্ণবী, লাংফাই আঘণীও আছিল।

 এই বিয়াৰ প্ৰায় এমাহ মানৰ মূৰত ফুলেশ্বৰী গাভৰুৱে এদিন আঘণীক মতাই আনি সুধিলে :— “আঘণী! তোৰ ধনেশ্বৰে সৈতে বিয়া হোৱাত কিবা আপত্তি আছেনে?”

 আঘণী — “আইদেৱে দেখোন এই বেটীৰ সকলো কথা জানে। ”

 ফুলেশ্বৰী — “মই আকৌ ভাবিছিলো তই কিজানি মত সলাইছ — সেই দেখিহে তই নিজে মোক ইমান দিনে খাটনি ধৰা নাই। ”

 আঘণী — “দেউতাই যদি গোঁহাইদেৱক পাহৰিব নোৱাৰিলে দেউতাৰ বেটীয়েনো কেনেকৈ দেউতাৰ সেনাপতিজনক পাহৰিম। পিছত বোপায়ে এতিয়ালৈকে সন্মতি দিয়া নাই। সেই দেখিহে বেটী মনে মনে ঘৰতে বহি আছিলো। ”