পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

কই গইছে যে এই গোটেই ব্ৰহ্মাণ্ডখান স্থাৱৰ জীৱ-জঙ্গম সকলো সেই পৰমব্ৰহ্ম ঈশ্বৰৰ হে অংশ। তেওঁক এৰিলে আন একোৰেই অস্তিত্ব নাই। মণিবিলাক যেনেকৈ একেডাল সূতাতে গথা থাকে সেইদৰে এই কোটী কোটী ব্ৰহ্মাণ্ড ঈশ্বৰতেই সংলগ্ন হৈ আছে। জীৱমাত্ৰেই ঈশ্বৰৰ অংশ “যত্ৰ জীৱ তত্ৰ শিৱ”! এই পৰমব্ৰহ্ময়ে সন্তান ৰূপ জন্ম লই পিতৃ, মাতৃ, ভাই, ভনী ইত্যাদি সকলোকে সন্তোষ দিয়ে আৰু কেচুৱা কালত এটাইৰে সেৱা পূজা লয়। আন পক্ষে ঈশ্বৰেই পিতৃ তেৱেঁই মাতৃ, তেৱেঁই পুত্ৰ, তেৱেঁই কন্যা, তেৱেঁই স্ত্ৰী; তেৱেঁই স্বামী, তেৱেঁই ভাই, তেৱেঁই ভনী, তেৱেঁই ইষ্ট, তেৱেঁই কুটুম্ব, তেৱেঁই সখি, তেৱেঁই সুহৃৎ, তেৱেঁই শৰণ্য, তেৱেঁই বৰণ্য, গুণৰূপেও তেৱেঁই গুণীৰূপেও তেৱেঁই, তেৱেঁই জ্ঞান, তেৱেঁই জ্ঞানী, তেৱেঁই, শিৱ তেৱেঁই, কালী, দুৰ্গা, তেৱেঁই আত্মা, তেৱেঁই পৰমাত্মা। তেৱেঁই জীৱ, তেৱেঁই, সুন্দৰ, তেৱেঁই একমেবা- দ্বিতীয়ং! আমাৰ অসমৰ মহাপুৰুষ মাধৱদেৱে নামঘোষাত কেনে সুন্দৰকৈ কইছে চাচোন বাছা!

“নমে নিত্য নিৰঞ্জন নাৰায়ণ
 আমিও অংশ তোমাৰ
তযু সেৱাচুৰ পায়া মহামায়া
 মুহিলে মন আমাৰ। ”

 দৰাচলতে আমি সকলোৱে সেই পৰমাত্মাৰহে অংশ, কিন্তু আমি তেওঁক নজনা বাবে, তেওঁক ভক্তি নকৰা বাবে, তেওঁক সেৱা নকৰা বাবে আমি নিজক নিজে পাহৰা বাবে, তেওঁৰে মায়াই আমাৰ মন মোহিত কৰি আমি যে তেওঁৰে অৰ্থাৎ অমৃতৰ সন্তান এই ভাব পাহৰাই ৰাখিছে। শাস্ত্ৰই কইছে “পাশযুক্তো ভবেৎ জীৱ পাশমুক্তো সদাশিৱ” বাছা! এই মানব জীৱনটো বৰ পবিত্ৰ বস্তু। এই মানৰ জীৱনতেহে হৰিৰ আৰাধনা, হৰিৰ সেৱা হব পাৰে। আন জনমত নহয়। মহাপুৰুষ মাধৱদেৱে কৈছে :—

“ইন্দ্ৰিয় জনিত সুখ সমস্ত যনীতে পায়।
  হৰিসেৱা কোনো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য এই মনুষ্য তনুমাত্ৰ।
  এতেকেতে ফুৰ হৰিণ গাই ॥”