পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
তাম্ৰশ্বৰীৰ মন্দিৰ

দেখাত তোৰ শেষ বয়সত সুন্দৰ সুখ আছে। কিন্তু বাবা! তোৰ আজিৰপৰা ছমাহৰ ভিতৰত এটা বৰ ঘাতুক ঋষ্ট আছে। আনকি ভয় নাখাবি — তোৰ মৃত্যু পৰ্য্যন্ত হব লগা আছে। তই আজিলৈকে এই কেইদিন যে আমাক সেৱা কৰিলি তাৰ ফলতে ঈশ্বৰে তোক ৰক্ষা কৰিলেও কৰিব পাৰে। ”

 ধনেশ্বৰ — “এৰা আই! মই যেতিয়াই চুতীয়া জাতিৰ, বিশেষকৈ ষাড়ৰ খেলত উপজিছোঁ, আৰু যেতিয়াই মই আগৰ ৰত্নধ্বজ ৰজাৰ জীয়াৰী ফালৰ লৰা তেতিয়াই আই! মোৰ একোলৈকে আনকি মৃত্যুলৈকো ভয় নাই। উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব। কিন্তু আই! তথাপি কওকচোন এই ঋষ্টত ৰক্ষা পৰি জীয়াই থাকিবৰ কিবা উপায় আছেনে?”

 বৈষ্ণবী — (ভালেখিনি পৰ চকু মুজি মনে মনে বহি থাকি) ফুটাই — “বাবা! ঈশ্বৰৰ কৃপা হলে উপায়ো ওলাব। মই সেই উপায়টো দেখিছোঁ দেখিছোঁ যেন লাগিছে। ”

 ধনেশ্বৰ — “আই! তেন্তে কওকচোন সেই উপায়টোনো কি?”

 বৈষ্ণবী — “মই এইটো দেখিছোঁ যে তোক এটা প্ৰাণীৰ পবিত্ৰ, নিঃস্বাৰ্থ প্ৰেমে ৰক্ষা কৰিব! পিছত বাবা! তই কচোন তই কোনো গাভৰুক এতিয়ালৈকে নিঃস্বাৰ্থভাবে ভাল পাইছনে?”

 ধনেশ্বৰ — (অলপ পৰ তললৈ মূৰ কৰি থাকে)।

 বৈষ্ণবী — “ক বাবা! লাজ কৰিব নালাগে। মই তোৰ মাৰৰ সদৃশ। পবিত্ৰ প্ৰেমে প্ৰেমিকক যমৰ ঘৰৰপৰাও ওলটাই আনিব পাৰে। সতী সাবিত্ৰীয়েই তাৰ প্ৰমাণ। ”

 ধনেশ্বৰ — “আই! কওকচোন সতী সাবিত্ৰীৰ আখ্যানটো কি?”

 বৈষ্ণবী — “তই নাজান?”

 ধনেশ্বৰ — “নাজানো আই। মই লিখা-পঢ়া নজনা পুথি ভাগৱত পঢ়িব নোৱাৰা এটা মূৰ্খ চুতীয়া লৰা। জনাৰ ভিতৰত মই কাড় ধেনু মাৰিব জানো। বাৰুৱে তৰোৱালে, দায়ে, জাঠি-জোঙে যুজ কৰিব জানো। আই কওকচোন সাবিত্ৰীৰ কথাটোনো কি?”

 ধনেশ্বৰৰ এই কথাত বৈষ্ণবীয়ে সাবিত্ৰী সত্যবানৰ আখ্যানটো চমুকৈ কলে। তেতিয়া ধনেশ্বৰে কলে :—