পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

এশ ছকুৰি কাড়ি আৰু খাণ্ডা-বাৰু ধৰা মানুহ পুৱাই তাম্ৰেশ্বৰী মন্দিৰলৈ পঠায়; আৰু দুয়ো দুটা ঘোৰাত উঠি যেন তেওঁৰ লগতে তাম্ৰেশ্বৰীৰ মন্দিৰলৈ যায়। শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি দুয়োজনা গোঁহায়ে নিশাৰ ভিতৰতে সকলো যতন কৰি থলে।

২৭

 মনত নানা চিন্তা ভাবনা লই ধনেশ্বৰ চুতীয়াই সপ্তমীৰ দিনা বন্দীশালত শুই আছে। বেচেৰাই বুজি থৈছিল যে পিছদিনা দুপৰীয়া তেওঁৰ ইহ জীৱনৰ অন্ত পৰিব। তেওঁৰ সৰুৰেপৰা বৰ্ত্তমানলৈকে সকলো কথা মনত পৰিল — এই সোণাময় সংসাৰ কিজানি আৰু অহা কালিৰপৰা নেদেখে; কৃষ্ণক ভাবি চিন্তি, কৃষ্ণনাম জপি শুই আছে। এনেতে পুৱতী নিশা সমাজিক দেখিলে যেন তামাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা তামাৰ মাই নিজে এজনা অতি দিপ্ লিপ্ কন্যাৰ ৰূপ লই আহি তেওঁক কইছে :— “ধনেশ্বৰ! তই পৰম ভক্ত। তই কৃষ্ণ ভক্ত যেতিয়াই, তেতিয়াই তই মোৰ ভক্ত। বাছা! মই সকলোৰে মাতৃহে। মই কেতিয়াও মানুহৰ তেজ মঙহ নাখাওঁ। এই দেউৰীবিলাকে আজি ৬০০ বছৰে মোৰ দেহটো কলুষিত কৰিছে। মোক সকলোৰে মাতৃ গুচাই মোক এজনী ৰাক্ষসী কৰিছে। যি কি নহওঁক বাছা! মোৰ এই কলঙ্ক মুক্তিৰ দিন আহিল। বাছা! তই কৃষ্ণনাম লই থাক — মই আহিলো” এই বুলি কই দিপ্ লিপ্ কন্যাজনা যেন মন্দিৰৰপৰা গড় পাৰ হৈ ওলাই গল। এনেতে যেন বাহিৰত সুন্দৰ স্বৰ্গীয় বাজনা বাজিছে। সাৰ পালে — সাৰ পাই যে শুনে, মন্দিৰত সুন্দৰ আৰতিৰ ধ্বনি হৈছে, বাজনা বাজিছে। চকু মুখ মোহাৰি বেচেৰা উঠি বহিল। এনেতে অলপ বেলিৰ পিছতে সৰু দেউৰী দুজনে তামাৰ মাইৰ প্ৰসাদ আনি ধনেশ্বৰক খাবলৈ দিলে। ধনেশ্বৰে যথা সময়ত শৌচাচাৰ আদি কৰি গা-পা ধুই প্ৰসাদ খালে। এই শৌচাচাৰ আদি কৰোতে দীঘল দীঘল মোটা ৰছিৰে কঁকালত বান্ধি ৪ জনা দেউৰীয়ে তেওঁক শৌচাচাৰ আৰু স্নান আদি কৰাইছিল। ধনেশ্বৰৰ খোৱা-বোৱা শেষ হলত আৰু দুজনা দেউৰীয়ে বন্দীশালৰ ভিতৰলৈ সোমাই আহি ধনেশ্বৰক সুন্দৰ কানি-কাপোৰ পিন্ধালে, কপালত ৰক্ত চন্দনৰ ফোট ৰেঘা আদি দিলে, সোণ ৰূপৰ অলঙ্কাৰ পিন্ধালে। অলপ অলপকৈ বেলি উঠাৰ লগে লগে