পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
তাম্ৰেশ্বৰীৰ মন্দিৰ

১৫

 চাওঁতে চাওঁতে আষাঢ় মাহ গৈ শাওণত পৰিল। কনকেশ্বৰ গোঁহায়ে আৰু ধনেশ্বৰ চুতীয়াই ৰণুৱাবিলাকক সদায় পুৱাই যুদ্ধ বিদ্যা শিকাই অৰ্পিত কৰিলে। এই মাহটো ধনেশ্বৰ ৰাতিপুৱা বেলা বৈষ্ণবীৰ তালৈ যাব পৰা নাছিল যদিও গধূলি গধূলি সদায় গৈছিল আৰু বৈষ্ণবী আৰু সাধু দুজনক খৰি-খেৰ ইত্যাদি দুয়ো বেলাৰ নিমিত্তে গোটাই দিছিল।

 শাওণ মাহ পৰিবৰেপৰা বৈষ্ণবী ওচৰৰ গাৱেঁ-ভূয়ে, আহোম, দেউৰী, চুতীয়া এই সকলৰ প্ৰায় ঘৰে ঘৰে ফুৰিছিল, আৰু ঠায়ে ঠায়ে দুই এটি কীৰ্ত্তন, বৰগীত গাই মানুহক শুনাইছিল। তেওঁৰ সুৱলা মাতত আৰু সুন্দৰ জাত লগাই গোৱা গীত, ৰাগ, পদত সকলোৱেই মোহিত হৈছিল, আৰু তেওঁক সন্মান আৰু ভক্তি কৰিছিল। তেৱোঁ ভিক্ষা কৰাৰ লগে লগে মানুহৰ মনত পৰম পবিত্ৰ বৈষ্ণৱ ধৰ্ম্মৰ গুটি সিঁচি ফুৰিছিল। উৰ্দ্ধবাহু আৰু ডেকা সন্ন্যাসীজনে মাজে মাজে গাৱেঁ গাৱেঁ ফুৰি ভগৱতীৰ শাক্ত ধৰ্ম্ম আৰু বেদান্তৰ ব্যাখ্যা দি ফুৰিছিল; কিন্তু দুখৰ বিষয়েই হওক বা সুখৰ বিষয়েই হওক গাৱঁলীয়া হোজা অসমীয়া প্ৰজাই বেদান্তৰ ব্যাখ্যাতকৈ প্ৰভূ কৃষ্ণৰ লীলা, নাম, গীত, ৰাগ, পদ ইত্যাদি শুনিবলৈহে বেছি ভাল পাইছিল।

 এদিন গাওঁ ফুৰি ফুৰি বৈষ্ণবীজনা হঠাৎ লাংফাই দেউৰীৰ ঘৰৰ চোতালত ঠিয় হলগৈ। সেই সময়ত লাংফাই দেউৰী তামাৰ মাইৰ মন্দিৰলৈ গইছিল। ঘৰত অকল আঘণীহে আছিল। বৈষ্ণবী ঠিয় হোৱা মাত্ৰেই আঘণীয়ে নিজৰ চাঙৰপৰা নামি আহি বৈষ্ণবীক বহিবলৈ পীৰা এখান দিলে। তাৰ পিছত তামোলপান এজোৰ বটাত আনি আগবঢ়াই দিলে। বৈষ্ণবীয়ে সেই তামোল-পান আঘণীক কাটিব দিলে। আঘণীয়ে আচৰিত হৈ সুধিলে — ‘আই! মই দেখোন দেউৰী জাতিৰ মানুহ। মোৰ হাতেনো আপুনি কটা তামোল লবনে! আনবিলাক হিন্দুৱে দেখোন আমাৰ হাতৰ গুৱা নলয়। ”