পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

মন আৰু ইচ্ছাশক্তি বৰ বলী। তেওঁলোকে সংসাৰৰ সককো চিন্তা এৰি কেৱল একমনে ঈশ্বৰক ভাবে। তেওঁক সেইদৰে ভাবোঁতে ভাবোঁতে মন বলী হয়। যি সকল নৰৰ ভিতৰত শ্ৰেষ্ঠ তেওঁলোকৰো মন বলী। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই তোমাৰ দৰে কৰিয়েই যাৰে তাৰে নাম তোলাব পাৰিমনে?”

 বৈষ্ণবী — “দেউতা ঈশ্বৰে পৰীক্ষা কৰি চাওক। ”

 বৈষ্ণবীৰ এই কথাত শঃ খোঃ গোঁহাইদেৱে সেই লৰা তিনিটাৰ হতুৱায়ে কনকেশ্বৰ গোঁহাইৰ নামটো ইচ্ছা কৰি প্ৰথম পৰীক্ষাটোত তোলালে; কিন্তু ২য় পৰীক্ষাটোত নোৱাৰিলে। যি কি নহওক বৈষ্ণবীৰ ওপৰত সন্তুষ্ট হৈ গোঁহাইদেৱে কলে — “বৈষ্ণবী! মই চৌথা দিনা ধনেশ্বৰক মুক্ত কৰিম। পাৰিমনে মুক্ত কৰিব?”

 বৈষ্ণবী — “নিশ্চয় পাৰিব দেউতা ঈশ্বৰ। ”

 শঃ খোঃ গোঁঃ — “বাৰু বৈষ্ণবী! মই যদি ধনেশ্বৰক এৰাই দিওঁ তেন্তে এইবেলি তামাৰ মাইৰ পূজাৰ বিঘিনি নহবনে?” পূজাৰ বিঘনি হলে তামাৰ মাই কুপিত হৈ ৰজা আৰু ৰাইজৰ অমঙ্গল নকৰিবনে?”

 বৈষ্ণবী — “কেলেই বিঘিনি হব দেউতা ঈশ্বৰ। তামাৰ মায়ে কেতিয়াও কোনো কালেই কোৱা নাই “মোক মানুহ বলি দে তেহে মই সন্তুষ্ট থাকিম। ” এটা শিলৰ বা কাঠৰ বা আন ধাতুৰ মূৰ্ত্তিৰ আগত এটা নিৰপৰাধী মানুহক বলি দিয়াটো পাপহে পূণ্যৰ কাৰ্য্য নহয়। ”

 শঃ খোঃ গোঁঃ — “ৰাজদণ্ডত প্ৰাণদণ্ড পাবলগীয়া মানুহকো গোসানীৰ আগত বলি দিলে পাপ হয়নে?”

 বৈষ্ণবী — “এনেকুৱা মানুহক বলি দিলে দোষ নহয়। কিন্তু প্ৰাণ দণ্ডৰ ব্যৱস্থাটোৱে অন্যায়। ৰাজদ্ৰোহীকে প্ৰাণে নামাৰি কোনো এঠাইত বন্দী কৰি থোৱাটোহে প্ৰশস্ত বিধি। ”

 শঃ খোঃ গোঁঃ — “বাৰু! ধনেশ্বৰ দোষী নহয়নে? সি লাংফাই দেউৰীৰ জীয়েকক অসৎ ব্যৱহাৰ কৰা বাবে দোষী নহয়নে?”