পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ফুলেশ্বৰী — “সি জানিবা দেউতাৰ সেনাপতি, পিছত তোৰনো সি কি হয় যে তই তাৰ নিমিত্তে এনেকৈ খাটনি ধৰিবলৈ আহিলি। সি দেখোন জাতিত চুতীয়া তোৰ ইষ্ট-কুটুম, অঙ্গহি-বঙ্গহি একো নহয়। ”

 আঘণী — “আইদেউ! মই ধনেশ্বৰক ভাল পাওঁ। সিহঁতৰ ঘৰ আমাৰ ওচৰতে। মইও সৰুৰেপৰা মাউৰা সিও সৰুৰেপৰা মাতৃহীন। আমি সৰু কালৰেপৰা দুয়ো একেলগে ফুৰিছিলো, একেলগে উমলিছিলো, এতিয়াও একেলগে ধানতলিত টঙি ৰখোঁ। এইবিলাক কাৰণত তাৰে মোৰে বৰ মিল। তাক মই ভাল পাওঁ। ”

 ফুলেশ্বৰী — “তাক ভাল নোপোৱাটোহে তোৰ উচিত; কিয়নো সি যেতিয়াই চুতীয়া জাতিৰ আৰু তই দেউৰী কুলৰ তেতিয়াই তাৰ লগত তোৰ বিয়া হবৰতো কোনো আশাই নাই তাতে সি যেতিয়াই বলিত পৰিছে তইনো তাক কেনেকৈ পাবি। সেই দেখি তালৈ মৰমৰ এৰি পেলোৱাটোৱেই তোৰ উচিত। ”

 আঘণী — “আইদেৱ! আপুনিও নাৰী আৰু এই বেটীও এজনী তিৰোতা মানুহ। নাৰীয়ে নাৰীৰ মোল নুবুজিলে প্ৰাণৰ কথা নুবুজিলে আন কোনে বুজিব। মৰমে জাতি-কুল নিবিচাৰে। তাক পাওঁ বা নাপাওঁ সেইটো বেলেগ কথা; কিন্তু তাক চকুৰ আগতে বলিত পৰি মৰিবলৈ দিবলৈ মোৰ এই জীউটোৱে নসহে, সেই দেখিহে আইদেৱ! তাৰ প্ৰাণ ভিক্ষা মাগিছো। ”

 ফুলেশ্বৰী — “বুজিলো আঘণী। তই তাক অকপট চিত্তেৰে ভাল পাৱ। বাৰু মই পিতৃদেৱক কম; কিন্তু সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তেতিয়াই তাক ৰক্ষা কৰাটো বৰ টান। ”

 আঘণী — “টান বুলি জানিহে আইদেৱৰ ওচৰলৈ আহিছোঁ। ”

 ফুলেশ্বৰী — “বলিত পৰা মানুহক আমাৰ দেউতাই নালাগে স্বৰ্গদেৱ ঈশ্বৰেও এৰি দিব নোৱাৰে। এৰি দিলেই প্ৰজা বিদ্ৰোহী হব। ”

 আঘণী — “যদি দেও পৰীক্ষাটোত কিবা কাৰসাজি বা চক্ৰান্ত আছিল তেনেহলেতো দেউতা ঈশ্বৰে মুক্ত কৰিব পাৰে। ”

 ফুলেশ্বৰী — “যদি কাৰসাজিটো কোনোবাই প্ৰমাণ কৰিব পাৰে তেহে পাৰি। ”

 আঘণী — “আইদেৱ! সমূহ ৰাইজৰ আগত, দেউতা ঈশ্বৰৰ আগত বৈষ্ণবী মাতৃয়ে প্ৰমাণ কৰিব যে দেও পৰীক্ষাটোত কুটচক্ৰান্ত কৰি সাজি আছিল। ”