পদ
কেমন ভাগ্যৱতী ভয়োৰে সুপৰভাত
আজু ভেটব মুখ চান্দা।
উগত মুৰ দূৰ গয়ো গোবিন্দ
ভয়ো গোপ গোপী আন্ধা ॥
আজু মথুৰাপুৰে মিলয় মহোৎসৱ
মাধব সাধৱ মানা।
গোকুলক মঙ্গল দূৰ গয়ো নাহি
বাজত বেনু বিধানা ॥
আজু যত নাগৰী কৰত নয়ন ভৰি
মুখ পঙ্কজ মধুপানা।
হামাৰি বঙ্ক বিধি হাতে হল নিধি
কৃষ্ণ কিঙ্কৰ ৰস ভানা ॥
এই গীত গাই উঠি বৈষ্ণবীয়ে গোঁহাইত বিদায় লই মন্দিৰলৈ উলটিল।
২০
কমলেশ্বৰ গোঁহাইদেৱে সৈতে এই কথা-বতৰা হোৱাৰ পিছদিনা ভাটিবেলীয়া বৈষ্ণবী আঘণীহঁতৰ ঘৰলৈ, আৰু চোতালত থিয় হৈ হৰি গুৰু বুলি মাত লগালে :—
“বাছা আঘণী! ঘৰত আছনে? আঘণীয়ে সেই সময়ত ঘৰৰ ভিতৰত কিবা-কিবি বন-বাৰী কৰি আছিল, এনেতে বৈষ্ণবীৰ মাত শুনি ততালিকে ওলাই আহি বৈষ্ণবীক হাত যুৰি সেৱা জনাই পীৰা এখান পাৰি দি কলে :— “আই বহক। ” বৈষ্ণবী বহিল। তাইও নিজে ঢাৰি এডোখৰত বহি কলে :— “আই মোৰ পৰম সৌভাগ্য যে আজি আপুনি আকৌ মোৰ এই চোতালত ভৰিৰ ধুলা পেলালেহি। হতভাগিনীৰ প্ৰতি আদেশ বা কি হয়?”
বৈষ্ণবী — “বাছা! তই দেখিছই ধনেশ্বৰক তামাৰ মাইৰ আগত বলি দিবলৈ লই গইছে। তাক ৰক্ষাৰ কাৰণে কাম এটা কৰিব পাৰিবিনে?”