পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাম্ৰেশ্বৰীৰ মন্দিৰ

 আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্ৰায় হাবিৰে ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছোঁ, অৰ্থাৎ মানৰ দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে প্ৰায় পৰ্ব্বতৰ কাষলৈকে আহোম আৰু চুতীয়াসকলৰ সুন্দৰ সুন্দৰ বসতি আছিল। নৈ খান উত্তৰৰ পৰা দক্ষিণলৈ বই শদিয়াত আহি ব্ৰহ্মপুত্ৰত পৰিছে। দুয়োপাৰৰ বস্তিবিলাক নৈৰ ফাললৈ মুখ কৰা। বস্তিবিলাকৰ পিছ ফালে তামোল-পাণ, আম-কঠাল, বাহ আছিল। আৰু এই বাৰীবিলাকৰ পিছফালে আহু, শালি, মাহ, সৰিয়হ ইত্যাদিৰ পথাৰ আছিল।

 ব্ৰহ্মপুত্ৰত পৰা মুখৰপৰা প্ৰায় এক ৰিঙৰ আঁতৰত উজনিফালে নৈ খানৰ পচিমপাৰে এখান “বলিয়া বাবাৰ” থান আৰু সাত কি আঠ ক্ৰোশ উজনিত নৈৰ পূব পাৰে প্ৰায় এক ক্ৰোশ আঁতৰত তাম্ৰেশ্বৰী মাতৃৰ মন্দিৰ। মন্দিৰৰ ওপৰৰ ছাল খান তামৰ, বেৰ বিলাক শিলৰ। এই মন্দিৰৰ ভিতৰত এটি শিলৰ দেৱী মূৰ্ত্তি। চুতীয়া আৰু দেউৰীসকলে এই দেৱীক “তামাৰ মাই” বোলে। চুতীয়াসকলৰ মাজত প্ৰবাদ আছে যে তেওঁবিলাক আগৰ ভীষ্মকৰ বংশৰ ক্ষত্ৰিয় জাতি আৰু এই “তামাৰ মাই” ভীষ্মক ৰজাৰ অধিষ্ঠাত্ৰী দেৱী আছিল। ভীষ্মকৰ পিছৰ ৰজাসকল ক্ৰমশঃ দুৰ্ব্বল হোৱাত ওপৰৰ পৰ্ব্বতৰপৰা নামি অহা মিচিমি সকলে চুতীয়াসকলক, বিশেষ দেৱী মূৰ্ত্তিৰ ওপৰত অত্যাচাৰ কৰাত, অৰ্থাৎ এই দেৱী মূৰ্ত্তি পৰ্ব্বতলৈ নি তেওঁবিলাকৰ মাজত থাপিব খোজাত, মূৰ্ত্তি খান হেনো ডিবং নৈৰ পানীত আপোনা-আপুনি ডুবি অন্তৰ্দ্ধান হৈছিল। প্ৰবাদ আছে যে মিচিমি সকলো আগৰ পৰশুৰামৰ লগত অহা যুজাৰু বীৰসকলৰ হে