পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
তাম্ৰেশ্বৰীৰ মন্দিৰ

বাছা! সেই দেখি তই দিবাৰাত্ৰি হৰিৰ গুণ গা। হৰিক স্মৰণ কৰ। সঙ্কটত হৰিৰ নাম মধুসূদন। এই মধুসুদন নাম জপ কৰি থাকিবি।

 ধনেশ্বৰ — “আই! মধুসুদনৰ নাম লই থাকিলে মই এইবেলি এই মৃত্যুৰ হাত সাৰিব পাৰিমনে?”

 বৈষ্ণবী — “মধুসূদনে ৰক্ষা কৰিব পাৰে। ৰক্ষা নকৰিলেও হানি নাই, কিয়নো নাম বস্তুটো ইপুৰী সিপুৰী দুয়োৰে লগৰীয়া। ”

 ধনেশ্বৰ — “বাৰু আই! মানবী জনমটো যদি এনেকুৱা পবিত্ৰ বস্তুয়েই তেনেহলেনো আমাৰ আহোম ৰজাই আৰু দেউৰীসকলে এনেকুৱা এটা নিৰ্দ্দোষী পবিত্ৰ জীৱন অকালতে গোসানীৰ আগত বলি দি নষ্ট কৰে কেলেই?”

 বৈষ্ণবী — “বাছা! এই নৰবলি অনুষ্ঠানটোৱেই এটা মোহ বা অজ্ঞানৰ, অথবা অন্ধবিশ্বাসৰপৰা ওপজা এটা অনুষ্ঠান। গোসানীয়ে কস্মিন্কালেও ৰজা বা দেউৰীসকলক কোৱা নাই “মোক মানুহ বলি দে। ” আগেয়ে প্ৰাণদণ্ডত দণ্ডিত হব লগা মানুহকহে গোসানীক বা জগন্মাতৃক সাক্ষী কৰি, তাৰ জীৱটো তৰি যাবলৈ, গোসানীৰ আগত কাটিছিল। পিছত অজ্ঞান মানুহে, মোহত অন্ধ হোৱা মানুহে, ভাবি ললে যে গোসানীক বছৰি অন্ততঃ এটা নৰবলি দিলেহে গোসানী সন্তুষ্ট থাকিব। সেই দেখি বছৰি দোষী মানুহ নাপালেও নিৰ্দ্দোষী মানুহৰ খেল এটাকে আহোম ৰজাত জনাই, ৰজাক বুজাই বঢ়াই বলিত যাবলৈ চুতীয়াসকলৰ ভিতৰত ষাড়ৰ খেল পাতি ললে এই দেউৰীসকলে। ইয়াৰ দ্বাৰাই যে আমাৰ অসমৰ কিবা এটা ভাল হৈছে মই কব নোৱাৰো বৰং এনেকুৱাবিলাক পাপৰ কাৰণত আমাৰ অসম ধ্বংসৰ মুখত! এই হতভাগিনীয়েও অসীম দুখ, কষ্ট আৰু অত্যাচাৰ ভুঞ্জি সংসাৰ এৰি এই বেশ ললো। ভাবিছিলো এই বেশকে লই সুখী হম কিন্তু পৰিতাপৰ বিষয় এই বেশ লইও সুখী হব নোৱাৰিলো; কিয়নো যলৈকে যাওঁ ততে অন্যায়, অধৰম, অত্যাচাৰহে দেখি ফুৰিব লাগিছো। আমাৰ শঙ্কৰ সূৰ্য্যৰ নিৰ্ম্মল, পবিত্ৰ, কৰুণাপূৰ্ণ প্ৰেম পৰিপূৰ্ণ, জীৱ হিংসা নোহোৱা বৈষ্ণৱ ধৰ্ম্ম স্থাপিত কৰি এই অঞ্চলত বাজে আন সকলো ঠাইতে বীৰাচাৰী তান্ত্ৰিক মত খণ্ডন কৰি গোসানীৰ আগত বলি বিধান দিয়া অনুষ্ঠানটো গুচালে। কিন্তু