এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
তাম্ৰেশ্বৰীৰ মন্দিৰ
নাসা তিল ফুল কুসুম সুন্দৰ | শোভে অতি অৰুণ অধৰ। |
দশন দাড়িম্ব বীজ পান্তি | হাস্যে জিনে চন্দ্ৰমাৰ কান্তি |
কম্বুকণ্ঠে কৌস্তুভ প্ৰকাশে | সূৰ্য্য যেন উদিত আকাশে |
সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন | ভূজযুগ ৰত্নৰ মোলান। |
কেয়ুৰ কঙ্কন তাতে জ্বলে | ৰত্নৰ গুণিয়া শোভে গলে |
হিয়াত শ্ৰীবৎস কৰে কান্তি | যেন মেঘে বলাকাৰ পান্তি |
পীতবস্ত্ৰে শোভে তনু কলা | আপাদ লম্বিত বনমালা |
তাতে পৰি অনেক ভ্ৰমৰে | মধু লোভে পৰিয়া গুঞ্জৰে |
বক্ষস্থলে মুকুতাৰ হাৰ | আকাশী গঙ্গাৰ যেন ধাৰ |
ৰত্নৰ মেখেলা কটি মাজে | সোণৰ কিঙ্কিণী তাতে বাজে |
কৰি কৰ উৰু নিৰুপম | চৰণ পঙ্কজ মনোৰম |
ধ্বজে বজ্ৰ অঙ্কুশে অঙ্কিত | ৰত্নময় নুপূৰে ৰঞ্জিত |
ভকতৰ হৃদয় ৰঞ্জন | সেবিবো হেৰা আমি তান চৰণ ॥” |
“বাবা! শাস্ত্ৰে ঈশ্বৰৰ ৰূপ এই দৰেই চিন্তিব দিছে। ” ধনেশ্বৰ — “আই কওকচোন তেওঁকনো কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে?”
বৈষ্ণবী — “বাবা! মনত যেনে ভাৱে প্ৰাৰ্থনা কৰিলে ভাল লাগে সেইদৰেই প্ৰাৰ্থনা কৰিব লাগে। পিছত আমাৰ নামঘোষা আদি পুথি মতে ঈশ্বৰক এই দৰে প্ৰাৰ্থনা কৰে।
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপ হাৰি
ইজানি গোবিন্দ মোক যেন জুয়াই কৰিয়োক
তুৱা পদে কৰোহোঁ গোহৰি ॥
সহস্ৰ সহস্ৰ অতি অপৰাধ দিনে ৰাতি
কৰোঁ মই মহা মুঢ়জন।
আমি প্ৰভু তবু দাস তাকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন ॥
নাজানোহোঁ আবাহন নাজানেহোঁ বিসৰ্জ্জন
পূজা মন্ত্ৰ নাজানো কিঞ্চিত!
এতেকে পৰমেশ্বৰ দাস ভৈলোঁ চৰণৰ
মোৰ গতি সাধিতে উচিত।