পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
তাম্ৰেশ্বৰীৰ মন্দিৰ

৩২

 তিনিওজনা বীৰে সসৈন্যে যেতিয়া তিনি হাজাৰ সৈন্যে সৈতে নৈ পাৰ হৈ শদিয়াৰ ঘাট পালেগৈ তেতিয়া শদিয়াখোৱা গোঁহাই- দেৱৰ আদেশ অনুসৰি প্ৰায় সকলোবিলাক শদিয়াবাসীয়েই নানা মাঙ্গলিক উৎসৱ কৰি সসৈন্যে তিনিওজনা বীৰকে নৈৰ ঘাটৰে পৰা ঢোলে-খোলে আগ বঢ়াই আদৰি নিলে আৰু যিখন ঠাইত সৈন্যবিলাকক শদিয়াখোৱা গোঁহাইদেৱে পৰিদৰ্শন কৰিব তাত নি ঠিয় কৰালে। শদিয়াখোৱা গোঁহাইদেৱে ঘোৰাৰ ওপৰত উঠি ৰই আছিল। তিনিওজনা বীৰে শদিয়াখোৱা গোঁহাইদেৱক আঠু কাঢ়ি সন্মান জনালে। তিতাসকলে উৰুলি দিবলৈ ধৰিলে — মন্দিৰত আৰু গোঁহাইদেৱৰ ঘৰতো শঙ্খ, ঘণ্টা, জবা, কাঁহ ইত্যাদি মাঙ্গলিক বাদ্য বাজিল। ইয়াৰ পিছত শদিয়াখোৱা গোঁহাইদেৱে বীৰ তিনিজনক সসৈন্যে নি তৰি থোৱা ৰভাখনৰ তলত বহুৱালে — নিজেও চালপিৰা এখানত বনাত আৰু কিংখাপৰ ওপৰত বহিল। ইয়াৰ পিছত কমলেশ্বৰ গোঁহাইদেৱকে প্ৰমূখ্য কৰি বীৰ তিনিওজনকে ৰাইজক শুনাই শুনাই কবলৈ দিলে, মান কিমান আহিছিল, কেনেকৈ যুজ কৰিলে, যুজত কিমান মান মৰিল, অসমৰ ৰণুৱা কিমান মৰিল, কিমান ঘাইল হল, ইত্যাদি। তিনিওজনে শদিয়া এৰি গই মানৰ লগত যুজি মানক কেনেকৈ কাটি মাৰি খেদি নি একেবাৰে তালাপত থৈ আহিল এই সকলোবিলাক কথা যথাযথ কবলৈ দিয়াত বীৰ তিনিওজনে যুজৰ বাতৰি অসমীয়াৰ জয়, মানৰ পলায়ন সমস্ত বৰ্ণালে। মানে যে এইফালৰ অসমীয়াক মত্তক অৰ্থাৎ বৰ বলী বীৰ বুলি শলাগি গল ইয়াকো জনালে। যুজৰ কথা কওঁতে কমলেশ্বৰ ধনেশ্বৰৰ বীৰত্বৰ বিশেষ প্ৰশংসা কৰি কইছিল যে ধনেশ্বৰ চুতীয়া হলেও তেওঁ কোনো অংশে এজন যুজাৰু আহোম গোঁহাইতকৈ কম নহয়। কমলেশ্বৰৰ এই প্ৰশংসাত ধনেশ্বৰে তললৈ মূৰ কৰিলে তেতিয়া শদিয়াখোৱা গোঁহায়ে ঠিয় হৈ ৰাইজক জনালে যে শদিয়াৰ ৰাইজে এই তিনিজনা সেনাপতি পাই কিমান সৌভাগ্যবান। সমস্ত শদিয়া ৰাইজেই উলাহ কৰক যি ৫/৬ শ অসমীয়া ৰণুৱা মৰিছে সেই সকলৰ অৰ্থে ইষ্ট-কুটুমে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱন্তক তুতি কৰি নাম গুণ কৰক। আহত সকল আহি