পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
তাম্ৰেশ্বৰীৰ মন্দিৰ

গাহৰিটো মাৰিলোহেঁতেন তই কুকুৰে কেলেই মই ঘাইল কৰা গাহৰিটো মাৰিলি” — এইদৰে কোৱাত, বিশেষকৈ মোক “কুকুৰ” বুলি কোৱাত মইও খঙত দুষাৰ কৈছিলোঁ। পিচত দুইৰো ভিতৰত কাৰ হাত পোন, এই কথাৰ অৰিয়া-অৰি লগাত আমি দুয়ো আঘণীক মধ্যস্থ বা সমজুৱা মানি লইছিলোঁ। আঘণীয়ে তাইৰ হাতৰ তকাটো তাইৰ চাঙৰ গাত লগাকৈ পুতি আমাক দুকুৰি নলৰ আঁতৰৰপৰা সেই তকাত কাঁড় লগাব দিলে। মনেশ্বৰে প্ৰথমেই কাঁড় মাৰিলে; সেই কাঁড় তকাত নেলাগি এহাত মান আঁতৰেদি গল। মই কাঁড় মাৰি তকাত লগোৱাত আঘণীয়ে মোক মোৰ পিঠিত চপৰিয়াই প্ৰশংসা কৰাত মইও তাইক চুমা এটা খাইছিলো। মই তাইৰ কঁকালত ধৰা নাছিলো। মই কেতিয়াও অসদ অভিপ্ৰায়ে তাইক চুমা খোৱা নাছিলো, দেউতা ঈশ্বৰ! এয়ে আচল কথা। ”

 শঃ খোঃ গোঁঃ — “বাৰু কচোন। চুমা খাওঁতে আঘণীয়ে একো আপত্তি কৰা নাছিলনে!”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ! আঘণীয়ে কোনো ওজৰ আপত্তি কৰা নাছিল। ”

 শঃ খোঃ গোঁঃ — “কেলেই ওজৰ নকৰিছিল কচোন। ”

 ধনেশ্বৰ — (তললৈ মুৰ কৰি) “দেউতা ঈশ্বৰ! তাই মোক সৰুৰে পৰা ভাল পায় আৰু মইও তাইক সেইদৰে ভাল পাওঁ। তাইৰো মাক সৰুতে মৰিছে মোৰো আই সৰুতে ঢুকাইছে, সেই দেখি আমাৰ উভয়ৰে উভয়লৈ এটা মিলা প্ৰীতিৰ ভাব আছে। তদুপৰি আমি দুয়ো সৰুৰেপৰা একেলগে উমলি জামলি, ৰং ধেমালি কৰি ডাঙৰ হৈছো। ”

 মনেশ্বৰ — “হেৰ নিলাজ! তাই আমাৰ দেউৰী জাতিৰ ছোৱালী হৈ তোৰ নিচিনা চুতীয়া এটাক ভাল পোৱা কথাটো তেনেই মিছা?”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ দেখক। সি মোক এই ৰাইজৰ আগতে দেউতা ঈশ্বৰৰ আগতে আকৌ “নিলাজ” বুলি গালি পাৰিলে। আঘণীয়ে মোক ভাল পায়নে নাপায় এই কথা আঘণীক মতাই আনি সুধিলেই হয়। তাৰ পিছত দেউতা ঈশ্বৰে অনুমতি কৰক সিয়ে ময়ে এজন নমৰোঁ মানে কাঁড়ে কাঁড়ে, জাঠিয়ে জাঠিয়ে, অথবা ঢালে বাৰুৱে এই ৰাইজ আৰু দেউতা ঈশ্বৰৰ আগত যুজ কৰোঁ।