পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ধনেশ্বৰ — “ভাল দেউতা আহিম” এই বুলি সেৱা জনালে। শদিয়াখোৱা গোঁহায়ে মেল ভাঙিলে, তেতিয়া সকলোবিলাক ঘৰাঘৰি গল।

১৩

 এইবিলাক ঘটনা হৈ যাবৰ তিনিদিনমান পিছত এদিন ভাটী বেলীয়া সৎৰাম দেউৰীয়ে দুখান ভাৰ ভেটী লই লাংফাই বৰদেউৰীৰ ঘৰলৈ আহিল। ভাৰ ভেটী গ্ৰহণ কৰি লাংফায়ে সৎৰামক আষ্ট- আদৰ কৰি চাঙলৈ তুলি নি টুপত বহুৱালে; আৰু ভিতৰৰ পৰা এটেকেলি মদ আৰু বটাত তামোল-পান উলিয়াই আনিলে। তেতিয়া সেই টেকেলিৰপৰা বাকি বাকি চাৰিউজন মানুহে মদ খালে; তাৰ লগে লগে তামোল চালিও খালে। তাৰ পিছত লাংফায়ে সুধিলে — “পিছত বিয়ৈ! আজিনো কি সকামে অহা হৈছে কওকচোন। ”

 সৎৰাম — “মোৰ ইচ্ছা এই আষাৰ মাহতে ল'ৰা-ছোৱালী হালৰ বিয়াখন পাতোঁ। নেদেখিছে কেনেকৈ সি কটা চুতীয়াই আপোনাৰ জীয়েকৰ মন বেয়া কৰিব লাগিছে। ”

 লাংফাই — “এৰা। আপুনি যি কৈছে সজকে কৈছে। পিছত সদ্যহতে বিয়া পাতিবলৈ মই কোনো যোজাকে কৰিব পৰা নাই। দেখিছেই মোৰ ঘৰত অকল মই আৰু আঘণীহে। আহুধান কেডালো চপাবলৈ আছে। তদুপৰি এই বেলি তামাৰ মাইৰ পূজা হোৱাৰ আগতে মই ছোৱালীজনীক বিয়া দিব নোৱাৰিম। পূজা হৈ গলেই সাদিন মানৰ পিছতহে বিয়া দিব পাৰিম। ”

 সৎৰাম — “ইয়াৰ ভিতৰতে যদি কেনেবাকৈ সেই চুতীয়া লৰা- টোৱে তাইক পলুৱাই লই যায় তেন্তে সকলো কথা মিছা নহবনে?”

 লাংফাই — “সদ্যহতে সি তাইক পলুৱাই নিব নোৱাৰে; আৰু মোৰ জীয়াৰীয়েও তাৰ লগত পলাই নাযায়; সি এতিয়া কমলেশ্বৰ গোঁহাইৰ লগত যুদ্ধ বিদ্যা শিকিবলৈ কুচ্কাৱাজ শিক্ষাত লাগিছে; সেই দেখি সি সদ্যহতে পলাবও নোৱাৰে। মই তাৰ অন্যায় হেপাহৰ মুধা মাৰিবলৈ মই বেষ্টিত আছোঁ। আশা কৰোঁ তামাৰ মাইয়ে মোৰ মনোবাঞ্চা পূৰ্ণ কৰিব। ”