পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

যতনাই দিছিল। দিনৰ ভাগত নিজৰ ঘৰৰ বন বাৰী, আহুতলী ৰখা ইত্যাদি কাম কৰিছিল। এইদৰে পোন্ধৰ দিন মান যোৱাৰ পিছত তাৰ সেৱা শুশ্ৰূষাত তুষ্ট হৈয়ে নেকি, নে তালৈ এনেযে মৰম লাগিয়েই নেকি এদিন বৈষ্ণবীয়ে ডেকাজনক কলে :— “বাবা তই আজি এই পোন্ধৰ দিনে তোৰ ঘৰৰ বন বাৰি পেলাই থৈও আমাক সেৱা শুশ্ৰূষা কৰিছ, খৰি পানী যতনাই দিছ বাৰু কচোন তোৰ নাম কি, জাতি কি, তোৰ কোন কোন আছে। ” বৈষ্ণবীৰ এই কথাৰ উত্তৰত ডেকাজনে কলে :— “মাতৃ! মোৰ নাম ধনেশ্বৰ, জাতিত মই চুতীয়া, মোৰ বোপাই আছে, আই মই সৰু হৈ থাকোতেই ঢুকাইছে। বোপায়ে পিছতুৱা এগৰাকী মাহী মাতৃ আনিছে। মই ঘৰত সকলো বনবাৰী কৰোঁ। খেতি পথাৰ কৰোও আৰু ৰখোও। ঘৰত হালোৱা গৰু এহাল আছে গাই গৰু দুজনী আছে। গাইৰ গাখীৰ পাওঁ দুসেৰমান। বাৰীত শাক পাচলি আছে। খেতিৰ ধানৰ ভাত খাওঁ। মাছ পুঠিটো এই নৈতে সময়ে সময়ে মাৰি খাওঁ। ”

 বৈষ্ণবী — “বাৰু বাৰু বাবা ধনেশ্বৰ! তোক মাহীমাৰে ভাল ব্যৱহাৰ কৰেনে?

 ধনেশ্বৰ — “মাতৃ! তেওঁ বেয়া ব্যৱহাৰো নকৰে। কৰিবৰ কাৰণো নাই; কিয়নো নৈৰপৰা পানী টুপি নি ভাত দুসাজ ৰন্ধা আৰু ঠাই সৰাত বাজে বাদ বাকী কাম সকালো মই আৰু বোপায়ে দুয়ো কৰোঁ। মাহীমায়ে ৰন্ধা-বঢ়াৰ উপৰিও আমাক বই কাটিও পিন্ধায়। ”

 বৈষ্ণবী — “তোৰ মাহীয়েৰাৰ লৰা-ছোৱালী হৈছেনে?”

 ধনেশ্বৰ — “আই! হৈছে। এজনী সাত বছৰীয়া ভনী-ছোৱালী আৰু এটা পাঁচ বছৰীয়া ভাই আছে। এই ভাইটো হবৰেপৰা মাহী আইৰ আৰু লৰা ছোৱালী হোৱা নাই।

 বৈষ্ণবী — “বাবা। তোক দেখোঁতে ডাঙৰৰ ঘৰৰ লৰা যেন দেখি। বাৰু তহঁতৰ মানুহ ঘৰৰ গুৰি গোষ্ঠী কেনেকুৱা?”

 ধনেশ্বৰ — “আই! বোপইৰ মুখে শুনিছোঁ। আমি হেনো আগৰ ৰজা ৰত্নপালৰ জীয়াৰী বংশৰ।

 বৈষ্ণবী — (মনে মনে) “অ সেই দেখিহে এনেকুৱা চিন চাব। (ফুটাই) বাৰু বাবা! কচোন ৰত্নপাল ৰজাৰ পুৰুষ বংশৰ কোনোবা আছেনে? আৰু তহঁত বৰ্ত্তমানত নো কোন খেলৰ। ”