পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

নকৰো। আতুৰ, দুখী, ৰুগীয়া, ক্লিষ্ট এই সকলক সহায় কৰোঁ। বাবা! পৰমাত্মাৰ ৰাম নাম, কৃষ্ণনাম, বৰ মধুৰ। ”

 লাংফাই — “তেনেহলে আই! মইও ঈশ্বৰক ৰাম আৰু কৃষ্ণও বুলিব পাৰো, তামাৰ মাইও বুলিব পাৰো নহয়নে?”

 বৈষ্ণবী — “পাৰ বাবা! যি তামাৰ মাই সেয়ে ৰাম, সেয়ে কৃষ্ণ। আচল তামাৰ মায়ে বলিও নাখায়, ৰাম আৰু কৃষ্ণইও নাখায়। ” সেইদেখি তামাৰ মাইৰ আগত প্ৰাণী বলি, নৰ বলি নিদিয়াকৈ পূজিলেহে মাতৃ সন্তুষ্ট হয়। ”

 লাংফাই — “ভাল আই। মই আৰু কেতিয়াও তামাৰ মাইত বলি নিদিওঁ। ”

 বৈষ্ণবী — “পিছত দেউৰী বাবা! তোমাক মই কথা এটা খাটো। ”

 লাংফাই — “কি কব খোজা আই! কোৱা। ”

 বৈষ্ণবী — “দেউৰী বাবা! তই তোৰ জীয়েৰক ধনেশ্বৰলৈ বিয়া দে। ধনেশ্বৰ আৰু আঘণী দুয়ো দুয়োকে বৰ ভাল পায়। সিহঁতৰ বিচ্ছেদ নঘটাবি। সিহঁতক সুখী কৰিলে ঈশ্বৰে তোকো সুখী কৰিব।

 লাংফাই — (দীঘলকৈ হুমুনিয়াহ কাঢ়ি) “আই! মই আঘণীৰ বিষয়ে সদ্যহতে একো কব নোৱাৰোঁ। মনেশ্বৰৰ বাপেকে মোক আঘণীৰ নিমিত্তে ভাৰ-ভেটী খুৱাই থৈছে; আৰু ধনেশ্বৰ দেখোন জাতিতো চুতীয়া। ”

 বৈষ্ণবী — “বাবা! মনেশ্বৰৰ বাপেকে তোৰ ওপৰত কোনো গোচৰ কৰিব নোৱাৰে যদি আঘণী “নাযাওঁ” বোলে। তাইতো আগৰে পৰা মনেশ্বৰলৈ নাযাওঁ বুলি কইয়ে থৈছে। ধনেশ্বৰ বীৰ — আগৰ তহঁতৰ ৰজা ৰত্নধ্বজৰ জীয়াৰীৰ বংশৰ। এতিয়াও সি তাৰ নিজ গুণত নিজ বিদ্যাত শদিয়াখোৱা গোঁহাইদেৱৰ এজন সেনাপতি হৈ মানৰ যুঁজলৈ গইছে। সি সেই যুজত যেনেহলেও নাম কৰি কমলেশ্বৰ গোঁহাইদেৱ, শদিয়াখোৱা গোঁহাইদেৱৰ প্ৰিয় পাত্ৰ হৈ সি ৰজাৰ জাতিত উঠিব। অৰ্থাৎ সি পবিত্ৰ আহোম কুলত উঠিব। এনেকুৱা বিলাক স্থলত জীয়েৰক যদি ধনেশ্বৰলৈ দিয় তেন্তে সিহঁত উভয়ে সুখী হোৱাৰ লগে লগে তুমিও সুখী হবা বাবা। ”

 লাংফাই — “বাৰু আই! মই আঘণীকো সুধি পুচি চাওঁ — নিজেও অলপ ভাবো চিন্তো। ”