পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
তাম্ৰেশ্বৰীৰ মন্দিৰ

 আঘণী — “মই জানো সি দেও পৰীক্ষাত পৰিছে। পিছত তাৰে মোৰে ভাল-পোৱা-পুইটো অকল ইহজনমৰ নিমিত্তেই নহয়। ইপুৰি সিপুৰি দুয়ো পুৰিৰ নিমিত্তে। সি যদি তামাৰ মাইৰ আগত কটা যায় মই তাৰ ৰূপটো এই গোটেইটো জনমতে ধ্যান কৰিম। সিপুৰিত তাৰ লগ লাগিমগৈ। ”

 মনেশ্বৰ — “তেন্তে তই গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিবিনে?”

 আঘণী — “গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিম। ”

 মনেশ্বৰ — “বাপেৰে যদি বল কৰি তোক মোত বিয়া দিয়ে তেন্তেনো তই কি কৰিবি?”

 আঘণী — “বল কৰি বিয়া দিয়াৰ আগেয়ে এই ক্ষুৰেৰে (বুকুৰ চোলাৰ জেপৰপৰা ক্ষুৰ এখন উলিয়াই দেখুৱাই) এই গলটো কাটি মৰিম। ”

 মনেশ্বৰ — “আও! তোৰ ইমান কখ্যানে? আঘণী! মই ভালেৰেও কওঁ তই কেলেই তোৰ নাৰী জনমটো বৃথা কৰিবলৈ ওলাইছ?”

 আঘণী — “তই তিৰোতাৰ মৰ্ম্মকথা কি বুজিবি। তই নিজে তিৰুতা হোৱা হলে বুজিলিহেঁতেন। মই ধনেশ্বৰত বাদে আন কতো বিয়া নোসোমাওঁ। মোৰ এই দেহটা তামাৰ মাইৰ আৰু পিতাদেৱৰ সেৱা-পূজাত লগান। তই এজনী হয় দুজনী হয় তিৰুতা বিয়া কৰাই সুখী হগৈ। ” এই বুলি কই আঘণী ঘৰৰ ভিতৰলৈ সোমাই গল। মনেশ্বৰ বেজাৰ মনেৰে নিজ ঘৰলৈ উলটিল।

১৯

 যিদিনাখন শদিয়াখোৱা গোঁহাইদেৱৰ চৰাত দেও পৰীক্ষা হৈছিল, সেইদিনা দৈবাৎ বৈঞ্চবী গাঁৱৰ ফালে গইছিল, তেওঁ দেও পৰীক্ষা চাবলৈ পোৱা নাছিল। পিছত গধুলি মন্দিৰলৈ আহি শুনিলে কেনেকৈনো সেই পৰীক্ষাটো পাতিছিল আৰু কেনেকৈনো সেই পৰীক্ষাত ধনেশ্বৰ পৰিছিল। সকলো কথা শুনি-বুজি বৈষ্ণবী নিশাটো মমে মনে ৰল। পিছদিনা শুই উঠি তেওঁৰ নিত্য নৈমিত্তিক