পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “ভাল বাবা! মই এতিয়া আহিলোহে। ”

৩১

 শদিয়াখোৱা গোঁহাই বিদায় লই কমলেশ্বৰ গোঁহাই প্ৰধান সেনাপতিৰ সহকাৰী হৈ শদিয়াত তেওঁবিলাকে শিকোৱা দুহেজাৰ সৈন্য ৰাখি বাকী ৪৫ হেজাৰ সৈন্য প্ৰায় দুশখন নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰাই প্ৰথমতে চৈখোৱাত থূপ হৈ সেই নিশা তাতে কটাই পিছদিনা মান কিমান দূৰত আছে এই খবৰা-খবৰ লই, ডাঙৰীলৈ যাত্ৰা কৰি আহিল — আৰু তাতে প্ৰত্যেকজন ৰণুৱাই নিজ হাতে দা-কুঠাৰ ধৰি গছ-গছনি কাটি, গছৰ খুটা কৰি এটা ডাঙৰকৈ কোঠ সাজিলে আৰু সেই কোঠৰ ভিতৰত সসৈন্যে সেই নিশা সেনাপতিসকল ৰল। এই কোঠ মৰাৰ দুদিনৰ পিছত বন্দুলা মানৰ সেনাপতি এজনৰ লগত প্ৰায় চাৰি হেজাৰ মান সৈন্য আহি ডাঙৰী পালে। বগা ঘোৰা এটাৰ ওপৰত কমলেশ্বৰ গোঁহাইদেৱ উঠি সৈন্য পৰিচালনা কৰিবলৈ সহকাৰী সেনাপতি দুজনক আদেশ দিলে। দুজন আহোম ৰণুৱা দুজোপা ওখ গছৰ ওপৰত উঠি মান সৈন্যৰ গতি বিধি চাই কাপোৰৰ সৰু সৰু নিচানেৰে ইঙ্গিত দিবলৈ বুলি ৰাখিছিল। মান প্ৰায় আধামাইলমান আঁতৰত থাকোঁতেই গছত উঠা ৰণুৱা দুজনৰ নিচানৰ ইঙ্গিত মতে কমলেশ্বৰ গোঁহাইদেৱে আদেশ দিয়াত তেওঁৰ সোঁহাতে সসৈন্যে ধনেশ্বৰ, বাওঁহাতে সসৈন্যে কনকেশ্বৰ ঠিয় হল, গড়ৰ ভিতৰত প্ৰায় এহেজাৰ সৈন্য এৰি, উভয় সেনাপতিয়ে সসৈন্যে গড়ৰ বাহিৰ হল আৰু ধনেশ্বৰে সোঁহাতে এটা অৰ্দ্ধবেহুৰ আকাৰ, অৰ্থাৎ ধেনু এখনৰ আধা ভাগৰ দৰে সৈন্য বিলাকক শাৰী কৰি আগুৱাব ধৰিলে, কনকেশ্বৰেও সেইদৰে বাওঁহাত ৰক্ষা কৰি সসৈন্যে আগুৱালে — কমলেশ্বৰ গোঁহাইৰ সুকৌশলৰ ফলত মানৰ সোঁহাতে বাওঁহাতে সমুখে অসমীয়া সৈন্য শাৰী শাৰীকৈ ঠিয় হল আৰু এইদৰে অৰ্দ্ধবেহু আকাৰে সিজিল হৈ অসমীয়া সৈন্য প্ৰথমতে মনক কাড়ে সৈতে যুজ ধৰি আগুৱাই আগুৱাই গল আৰু শেষত লৰি খেদি গৈ মনে সৈতে হতা-হতি ৰণ লগালেগৈ। সেই কালত অসমীয়া মানুহ, বিশেষ আহোম আৰু চুতীয়া সকল শাৰীৰিক বলত কম বলী নাছিল। মনে বলী; দা, যাঠি, জোঙ, ইত্যাদিৰে