পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

ধনেশ্বৰ — (বিদ্ৰুপ ভাবে) “বাৰু মোক যি কৰ কৰিবি শহুৰেৰক গোচৰ দি। ” (আঘণীৰ ফালে চাই) আঘণী। আমিও ঘৰা-ঘৰি যাওঁ বল গধূলিও হৈছে। পিচত আঘণী! তই যদি মোক সঁচাকৈয়ে ভাল পাৱ তেন্তে যাবৰ পৰতো মোক এটা চুমা দে। ” এইবুলি কৈয়েই ধনেশ্বৰে আঘণীৰ ওচৰ চাপি তাইক চুমা খালে আঘণীয়ে কোনো হকা-বধা নকৰি তাই ঘৰ মুৱা হল। ধনেশ্বৰো তাৰ ঘৰ মুৱা হল। এৰা-এৰি হবৰ সময়ত ধনেশ্বৰে কলে, — আঘণি! তই কাইলৈ ভূইতলালৈ অলপ আগেয়ে আহিবি দেই। তোক মই কিবা-কিবি কবলগীয়া আছে। ” আঘণী — “বাৰু আহিম দেই। ”

 ভূঁইতলীত এই ঘটনা হৈ যোৱাৰ পিছদিনা আগৰ দৰেই নিচেই পুৱাই ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহিল আৰু আগদিনা পথাৰত হোৱা দন্-হাইৰ কথা সকলো বিবৰি কোৱাত বৈষ্ণবী অলপ পৰ তললৈ মূৰ কৰি ৰৈ পিচত কলে, — “ধনেশ্বৰ! মই জানিলো তোৰ বিপদ আৰম্ভ হল। অৱশ্যে তই নিজে সেই বিপদ মাতি আনিছ বুলি মই কব নোৱাৰো; কিন্তু মই বিশ্বাস কৰো তোৰ পূৰ্ব্বজন্মৰ কৰ্ম্মফলে এই ঘটনা ঘটালে। তই ভাল কৰিবলৈ যাওঁতে বেয়া হল কি কৰিবি। পিছত তোক মই কওঁ তই এতিয়াৰে পৰা ঈশ্বৰক চিন্তিবলৈ ধৰ আৰু বিপদৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক প্ৰাৰ্থনা কৰিবলৈ ধৰ। বিশেষ বিপদ আহিলেও যেন ধৈৰ্য্য ধৰিব পাৰ এইটো ঈশ্বৰক খাট। ”

 ধনেশ্বৰ — “আই। ঈশ্বৰজননো কেনেকুৱা মই দেখোন একো। নাজানো। ”

 বৈষ্ণবী — “বাবা! ঈশ্বৰ নিৰঞ্জন নিৰাকাৰ অৰ্থাৎ তেওঁ নিত্য কিন্তু কোনো আকাৰ নাই। তেওঁ শিৱ, সত্য, সুন্দৰ। ”

 ধনেশ্বৰ — “সেইবিলাকৰ অৰ্থ কি মই দেখেন নাজানো। আমাৰ ইয়াত দেউৰীসকলে, আৰু আন আন মানুহেও কয় যে তামাৰ মাই জনাই ঈশ্বৰী আৰু বলিয়া বাবা জনেই হেনো ঈশ্বৰ। ”