পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
তাম্ৰেশ্বৰীৰ মন্দিৰ

খবৰ পালো মান হেনো এই শদিয়াৰ ফালে আগবাঢ়ি আহি ডুমডুমা পাইছেহি। তোমালোক তিনিউ তোমালোকৰ সৈন্য-সামন্ত লই কালি পুৱাই যাত্ৰা কৰি নৈ পাৰ হৈ গই মানক ডাঙৰি মানতে আগচি ধৰিবা। সিহঁতক কোনো ৰকমেই নৈ পাৰ হব নিদিবা। মই আজিয়েই চাওডাঙৰ হতুৱাই ঢোল পিটি শুনাই দিওঁ সকলোৱে যেন যুজলৈ সাজু হয়। আজিয়েই মোৰ পৰিবাৰ আৰু ফুলেশ্বৰী আইদেউ দুয়ো লগ-লাগি ৰাতিটোৰ ভিতৰতে কমলেশ্বৰ গোঁহাইৰ নিমিত্তে এখান যুজৰ টঙালি কাপোৰ বই উলিয়াই কোন পুৱাল, কোন নুপুৱালতে কমলেশ্বৰ গোঁহাইক দিব লাগে। সেইদৰে কনকেশ্বৰ গোঁহাইকো ধনেশ্বৰকো সিহঁতৰ ঘৰৰ তিৰোতাসকলে, আৰু যুজাৰু সকলো সৈন্যৰ নিমিত্তে সৈন্যসকলৰ ঘৰৰ তিৰোতা মানুহসকলে ৰাতিৰ ভিতৰতে যুজৰ কাপোৰ বই দিব লাগিব। যেয়ে ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিব নোৱাৰিব সেই গৰাকী তিৰোতাকে বৰা, শইকীয়া সকলে দণ্ড বিহিব। মোৰ আদেশ যেন অমান্য নহয়। চাওডাঙহঁত যা, তহঁতে গোটই শদিয়া ৰাইজতে এই আদেশ শুনাই দেগৈ। ”

 গোঁহাইদেৱৰ এই আদেশ চওডাঙসকলে ঢোল পিটি শুনাই দিলে। নবমীৰ দিনৰেপৰা গোটেই শদিয়া অঞ্চল সজাগ হল। শদিয়াৰ আইসকল ওৰে নিশা উজাগৰে থাকি কপাহৰপৰা সূতা কটাৰেপৰা কাপোৰ তৈয়াৰ কৰালৈকে ওৰে নিশা চাকি লগাই কাপোৰ বই প্ৰত্যেক অসমীয়া সৈন্যকে যুজৰ কাপোৰ দিলে। প্ৰত্যেকটো সৈন্যয়ে মাতৃ, পত্নী, ভনী এই সকলৰ মৰমৰ চিন স্বৰূপে টঙালি কাপোৰ পাই যুজলৈ, দেশৰ শত্ৰুৰ বিৰুদ্ধে যুজ কৰিবলৈ দহগুণ উৎসাহিত হল। অসমীয়া ৰাইজ! ভাবি চাওক সেই স্বাধীন কালত অসমৰ এনেকুৱা ৰাতিৰ ভিতৰতে কাপোৰ বোৱা কাম যে কেনেকুৱা আছিল, গাঁৱে গাঁৱে, ঘৰে ঘৰে চাকিৰ পোহৰে কি যে দীপান্বিতা কৰি তুলিছিল।

 পিছদিনা পূৱা শদিয়াখোৱা গোঁহাইদেৱে বগা ঘোৰা এটাৰ ওপৰত উঠি তেওঁৰ চৰাৰ মুখত আছিল। পোন প্ৰথমেই কমলেশ্বৰ গোঁহাইদেৱে তেওঁৰ ৰণুৱাসকলে সমন্বিতে মাটিত আঠু লই হাতৰ অস্ত্ৰ দাঙি লৈ শঃ খোঃ গোঁহাইদেৱত বিদায় ললে, তাৰ পিছতে সেইদৰে কনকেশ্বৰ ধনেশ্বৰেও সেৱা জনাই বিদায় ললে — সেই সময়ত গোঁহাইদেৱৰ ঘৰত আৰু মন্দিৰত, আন কি ঘৰে