পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাম্ৰেশ্বৰীৰ মন্দিৰ

লৰাবকে নোৱাৰিলে। পিছত যেতিয়া চাৰিজন চুতীয়া মানুহে গা ধুই দেৱীক কাকূতি মিনতি কৰিলে, তেতিয়া হেনো দেৱী মূৰ্ত্তি হালি জালি পাতল হল, আৰু তেতিয়া সেই চাৰিজন চুতীয়ায়ে মাতৃমূৰ্ত্তিক দোলাত তুলি নি এই ঠাইত থাপিলে। যি ঠাইত থাপিলে সেই ঠাইত এই তাম্ৰেশ্বৰীৰ মন্দিৰ নিৰ্ম্মিত হল। তেতিয়াৰপৰা এই মূৰ্ত্তিক চুতীয়া- সকলৰ পুৰোহিত দেউৰীসকলেহে সেৱা পূজা কৰে। ব্ৰহ্মণ কি আন কাৰো এই মন্দিৰত অধিকাৰ নাছিল। ব্ৰাহ্মণ দেউৰীসকলেই পূজাৰী, আঠপৰীয়া, পচাতোলা, বলিকটীয়া ইত্যাদি সকলো কাম কৰিছিল। এই তাম্ৰেশ্বৰী মাৰ মন্দিৰত বছৰি দুৰ্গোৎসবৰ সময়ত হাঁহ, পাৰ, মহ ছাগলি ইত্যাদিত বাজেও অষ্টমীৰ দিনা যেনে তেনে এটা হলেও নৰবলি হৈছিল। আৰম্ভণতে নৰহত্যাকাৰী, বা ৰাজদ্ৰোহৰ অপৰাধী, যাৰ মৃত্যুদণ্ড বিহিত হৈছিল, তেনেকুৱা মানুহকহে, তাৰ জীউটোৱে মৰণ কালত শান্তিৰে যাবৰ কাৰণে এনেকুৱা একোজন মাতৃ মূৰ্ত্তিৰ আগত বলিত পৰিছিল। পিছত দুৰ্গোৎসৱ বা কালীপূজা হলেই যে এটা মানুহক বলি দিবই লাগিব। এনেকুৱা অনুষ্ঠানত পৰিহে দোষী হওক নিৰ্দ্দোষী হওক এটা মানুহক বলি দিবই লাগিব এনেকুৱা নিয়ম হৈছিল। সেই দেখি পিছলৈ বছৰি বলিৰ কাৰণে দোষী মানুহ নোপাৱা হলত দেউৰীসকলৰ নিবেদনত আহোম ৰজাই চুতীয়াসকলৰ এখেল মানুহক “ষাড়ৰ খেল” নাম দি, সিহঁতক নিষ্কৰ মাটি-বৃত্তি দি এই “ষাড়ৰ খেলৰ” পৰাই একোটা নিঘূণি বিয়া নকৰোৱা উঠন ডেকাক “তামাৰ মাইৰ” আগত বলি দিয়া নিয়ম বিহিছিল। শদিয়াৰ ১৫ মাইল আঁতৰত পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত চুনপোৰা নামে এখন বিতোপন মুকলি ঠাই আৰু সেই ঠাইতে সেই কালত শদিয়াৰ শাসনকৰ্ত্তা আহোম ৰজাৰ প্ৰতিনিধি “শদিয়া খোৱা” গোঁহাই আছিল। চুনপোৰাৰপৰা তাম্ৰেশ্বৰী মন্দিৰলৈ যাবলৈ নাৱেৰেও সুবিধা আছিল; আৰু বামেদিও এটা আলি আছিল। দুৰ্গোৎসৱৰ সময়ত এই তাম্ৰেশ্বৰী মন্দিৰৰ নৰ-বলি চাবলৈ পশ্চিম ফালৰপৰা ৰাজগড় আলিয়েদি অনেক পশ্চিমীয়া মানুহ বিশেষকৈ অঘোৰ, বামাচাৰী তান্ত্ৰিক — আহিছিল আৰু ওপৰৰ ফালৰ পৰ্ব্বতবিলাকৰপৰাও মিচিমি খাম্তি আবৰ ইত্যাদি পৰ্ব্বতীয়া জাতি আহিছিল। তামেশ্বৰী মন্দিৰৰ দেউৰীসকলক আন মানুহে যে ভয় কৰিছিলেই আনকি আহোম ৰজা- সকলেও বছৰি ৰজাক নিৰ্ম্মালি দি আশীৰ্ব্বাদ কৰিবলৈ অহাত ৰজাই