পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ধনেশ্বৰ — “তেনেহলে আই! মই এইটো বুজিম নে যে ভগবন্তৰ কৃষ্ণ ৰূপটো অতি সুন্দৰ আৰু তেওঁক প্ৰাৰ্থনা কৰাত, ভক্তি কৰাত হাঁহ, পাৰ, পঠা-ছাগলী আদি একো জন্তুকে মাৰিব নালাগে”।

 বৈষ্ণবী — “হয় বাবা! তই ভালকৈ বুজিছ। তই এই প্ৰেমৰ অৱতাৰ প্ৰভু কৃষ্ণক যেতিয়াই পাৰ তেতিয়াই কায়মনবাক্যে ভাবিবি আৰু প্ৰাৰ্থনা কৰিবি। তেওঁক তোৰ সুখ দুখ সকলো জনাবি। তেওঁক আৰাধনা কৰিবি। তেওঁত আত্ম সমৰ্পণ কৰিবি। তেওঁ ভক্ত ভয়হাৰী ভগৱন্ত। তেওঁ মধুসূদন। তেওঁক সঙ্কটত পৰি এই নামেৰে মাতিলে তেওঁ ভক্তক সুদৰ্শন চক্ৰৰে ৰক্ষা কৰে।

 ধনেশ্বৰ — “তেন্তে আই! মই আজিৰপৰা প্ৰভু কৃষ্ণত শৰণ ললো। তেওঁক ভাবিম তেওঁকে মোৰ প্ৰাৰ্থনা জনাম। ”

 বৈষ্ণবী — এৰা বাবা। তাকে কৰিবি। বাৰু আজিলৈ যাগৈ। ”

 বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি ঘৰলৈ আহিল আৰু চাৰিটা খাই-বই উঠি ভূইতলী পালেগৈ।

 ভূইতলী পায়েই ধনেশ্বৰে দেখিলে আঘণী আহি তাইৰ চাঙখনত বহি আছে। ধনেশ্বৰে আঘণীৰ ওচৰলৈ গই কলে, — “আঘণী! মই কালি কোৱামতে তই আহিছ। পিছত আঘণি, কথাটোনো কি মই তোক কওঁ শুন। কথাটো এই, মই তোক সৰুৰেপৰা, মোৰ আই ঢুকাবৰেপৰা তোৰ লগত উমলি-জামলি ডাঙৰ হৈছো। মই তোক সৰুৰেপৰা, ভাল পাইছো বিশেষকৈ আঘণি! তোৰো আয়েৰ নাই; মোৰো নাই, সেই দেখিও মোৰ তোলৈ বৰ মৰম। পিছত কচোন আঘণি। তইও মোক ভাল পাৱনে?

 আঘণী — “ভাল পাওঁতো। ”

 ধনেশ্বৰ — “তেন্তে তই মোৰ লগত সদাই একেলগে থাকিবলৈ মোৰ চিৰকালৰ লগৰী হবলৈ ইচ্ছা কৰনে?”

 আঘণী — “মই ইচ্ছা কৰিলেইনো কেনেকৈ তোৰ লগৰী হম। পিতায়ে মোক মনেশ্বৰলৈ বিয়া দিব বুলি স্থিৰ কৰিছে নহয়। ”

 ধনেশ্বৰ — “তই তালৈ সন্তোষ মনেৰে যাবিনে?”