পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

হলি চুতীয়া আৰু আঘণী হ’ল দেউৰী জাতিৰ। তহঁতৰ ভিতৰততো বিয়া হব নোৱাৰে। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ! এই দাসে এটা নিবেদন জনাব খোজো”।

 শঃ খোঃ গোঁঃ — “বাৰু কি কৱ ক। ”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰ; আগৰ কালত আমি চুতীয়া আৰু দেউৰী একে জাতিৰ মানুহ। যি সকলে তামাৰ মাইৰ সেৱা-পূজা ললে সেইসকল দেউৰী হল; আনবিলাক চুতীয়া হৈ ৰল। পিছত আমাৰ সেই চুতীয়াৰ ভিতৰতে কেৱে কেৱে হিন্দু হৈ হিন্দু চুতীয়া নাম লৈছে, কেৱে দেউতা ঈশ্বৰসকলৰ জাতি লৈ আহোম চুতীয়া হৈছে। ” সেই দেখি মইও যদি দেউতাৰ জাতিৰ আহোম হওঁ — আৰু আঘণীও যদি আহোম সমাজত ভুক্ত হয়; তেন্তে আমাৰ দুইৰো ভিতৰত বিবাহ হব পাৰিব। দেউতা ঈশ্বৰৰ দেখোন এই নিয়ম বিদিত আছে। ”

 শঃ খোঃ গোঁঃ — (মুখতে খঙ দেখুৱাই) “হে কটা চুতীয়া; তই এতিয়া এটা জগৰ লগাই, পৰলৈ খুজি থোৱা ছোৱালীক চুমা খাই দণ্ডৰ ভয়ত আহোম হব খুজিছ নহয়নে?”

 ধনেশ্বৰ — “দেউতা ঈশ্বৰে কাটক বা মাৰক মই আজিৰপৰা আহোম হলোৱেই। দেউতা ঈশ্বৰে কোন খেলত থৰ আদেশ কৰিলেই সেই খেলৰ সকলক দাসে আন একো দি সেৱা কৰিব নোৱাৰিলেও এশৰাই তামোল দি হলেও সেৱা কৰিবলৈ তৈয়াৰ আছোঁ।

 শঃ খোঃ গোঁঃ — “হেৰ! মই আজিয়েই তোক আহোম কৰিব নোৱাৰোঁ। পিছত তই চুতীয়া হৈনো কোনটো সাহেৰে তামাৰ মাইৰ বৰদেউৰীৰ জীয়েকক বিয়া কৰাব খোজ। ”

 ধনেশ্বৰ — “যদিও মই জাতিত চুতীয়া আৰু লাংফাই তামাৰ মাইৰ বৰদেউৰী তথাপি মই যেতিয়াই আগৰ চুতীয়া ৰজা নীতিপালৰ জীয়াৰীফালৰ বংশধৰ তেতিয়াই ময়ো মান-সম্ভ্ৰমত লাংফাই বৰদেউৰীতকৈ কোনো অংশে হীন নহওঁ। ”

 লাংফাই — “হেৰ কটা ধনেশ্বৰ! তই যাৰে বংশৰ হৱ তই যে এতিয়া ষাড়ৰ খেলৰ সেইটো পাহৰিলিনে? তই হলি ছাগলীৰ দৰে আৰু মই হলো বাঘৰ দৰে — তহঁতৰ মানুহ তামাৰ মাইত বলি