পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
তাম্ৰেশ্বৰীৰ মন্দিৰ

পালে সেই সকলক শুশ্ৰুষা কৰক। যুজত পৰা বীৰসকলৰ অনাথ পৰিয়ালসকলৰ কাৰণে তেওঁ এটা বিচাৰ কৰি, দিহা কৰিব। এই কথা প্ৰসঙ্গতে ৰাইজক ইয়াকো জনালে যে এতিয়াৰপৰা আৰু তামাৰ মাইত নৰবলি নহব আৰু ধনেশ্বৰ চুতীয়াক তেওঁ নিজ জাতত তুলিব আৰু এখেলত তেওঁক গোঁহাই বাব দি পাতিব। শদিয়াখোৱা গোঁহাইদেৱৰ কথাৰ সামৰণিত ৰাইজে “জয় স্বৰ্গদেৱৰ জয়, জয় আমাৰ শদিয়াখোৱা গোঁহাই ৰজাদেৱৰ জয়” এই ৰকমে জয়ধ্বনি দি ঘৰা- ঘৰি গল। যুজত মৰাসকলৰ ঘৰত দেই নিশা অলপ অচৰপ কান্দোন কাটন হলেও এই বীৰসকলে নিজ দেশৰ হকে যুজত প্ৰাণ দিছে এই গৌৰৱত সেইসকলৰ পৰিয়ালসকলে শোক পাতলাইছিল। ধন্য সেই কালৰ শদিয়াবাসী অসমীয়াৰ বিশেষ আহোম আৰু চুতীয়া সকলৰ বীৰত্ব।

None but the brave weds the fair.

৩৩

 আজি কালি কৰি মানৰ যুজ হৈ যাবৰ তিনি মাহ হল। শদিয়াখোৱা গোঁহাইদেৱে চোৰাংচোৱাৰ মুখে শুনিলে যে ৺চন্দ্ৰকান্ত সিংহ ৺পুৰন্দৰ সিংহ দুয়োজনা ৰজা আৰু ডাঙৰীয়া সকলো উজনি অসম এৰি ভাটীৰ ফালে গল। তেতিয়া ডাঙৰীৰ কোঠত মুঠেই ২০ জন মান সৈন্য এৰি আৰু কেইজনমান ভাল চোৰাংচোৱা এৰি বাকী সকলোবিলাক ৰণুৱাকে শদিয়ালৈ লই গল। ডাঙৰীৰ কোঠত পাল বদলি কৰি দুবছৰলৈকে ২০টা ২০টা ৰণুৱা ৰখা আৰু ৪/৫ জন চোৰাংচোৱা ৰখা ব্যৱস্থা কৰিলে। শদিয়াতো কমলেশ্বৰ গোঁহাইদেৱে যুজৰ পিছৰেপৰা সৈন্যসকলক গধূলি গধূলি কুচ কাৱাজত ৰাখিলে ৩ মাহলৈকে, তাৰ পিছত সকলোকে নিজ নিজ খেতি-বাতি কৰি খাবলৈ বিদায় দিলে। প্ৰায় নিতৌ ভাটীবেলীয়া এই তিনি মাহে কম- লেশ্বৰ গোঁহাই শদিয়াখোৱা গোঁহাইদেৱৰ ঘৰলৈ আহিছিল আৰু সৈন্যৰ কুচ-কাৱাজ কৰা সময় নপৰালৈকে ফুলেশ্বৰী আইদেৱে সৈতে গোঁহাই- দেৱনীয়ে সৈতে কথা-বতৰা পাতিছিল। গোঁহাইদেৱনীয়ে কমলেশ্বৰক মাজে মাজে জা-জলপানো খুৱাইছিল। পিছত ৰণুৱাবিলাকক খেতি-বাতি কৰি খাবলৈ বিদায় দিয়াৰ পিছদিনাও শঃ খোঃ গোঁহাইদেৱৰ ঘৰলৈ