পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
তাম্ৰেশ্বৰীৰ মন্দিৰ

সন্তানটো হেনো জাল খায়। কিন্তু সেইবিলাক জীৱ হিংসুক পশু। তামাৰ মাইতো পশু নহয়, তেওঁ তোমালোকৰ মতে ঈশ্বৰী হলেও এডোখৰ শিলহে। তেওঁ কোনো কালতেই মানুহৰ দৰে কথা কই মোক “নৰবলি দে” এনেকুৱা কথা কোৱা নাই। ঈশ্বৰীয়ে, মাতৃয়ে নৰ ৰক্ত-মাংস নাখায়। শিল বা মাটিয়ে বা ধাতুৱে একোকে খাব নোৱাৰে। যদি তামাৰ মায়ে এটা মানুহ বছৰি খায় তেন্তে তেওঁ মাতৃ নহয়। মানুহৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসীহে। ৰাক্ষসীত তেওঁৰ দেহটো লাগিলেনো তেওঁ কেনেকৈ ভাগ্যবান হব?” দেউৰীজনে ধনেশ্বৰক এইবিলাক কথাৰ যথাযথ উত্তৰ দিব নোৱাৰি বুজাবলৈ চেষ্টা কৰিছিল যে তামাৰ মায়ে এই দৰে বছৰি এটা নৰবলি লৈ সন্তুষ্ট হৈ, দেশখানৰ সকলো প্ৰজাকে ভালে-কুশলে ৰাখে। যিজন ডেকাক মায়ে বলি লয় সেইজন ডেকাৰ জীৱটো বৈকুণ্ঠলৈ বা কৈলাসলৈ যায়। ’ ইয়াৰ উত্তৰত ধনেশ্বৰে কইছিল :— “যদি বলিত পৰোতাজনৰ জীৱ বৈকুণ্ঠলৈ বা কৈলাসলৈ যায় তেনেহলে বৈকুণ্ঠ বা কৈলাস কামনা কৰা ব্ৰাহ্মণ আৰু দেউৰীহে বলিত যাব লাগে, তাকে নকৰি বৈকুণ্ঠ বা কৈলাসলৈ যাব নোখোজা বীৰ চুতীয়া ডেকাক বলি কিয় দিয়ে? এইটো ঘোৰ অন্যায় আৰু অবিচাৰ নহয়নে?" ভাল উত্তৰ নেপাই দেউৰীজনে কইছিল — “এইটো পূৰ্ব্বাপৰ ৰীতি। ” দেউৰীৰ এনেকুৱা বুজনিত ধনেশ্বৰে শান্তি যে নাপাইছিলেই তদুপৰি তেওঁৰ তাম্ৰেশ্বৰীলৈ, দেউৰী পুৰোহিত সকললৈ, আৰু বিশেষকৈ সেই বামাচাৰী তান্ত্ৰিকলৈ বৰ ঘৃণাৰ ভাৱ হে উপজিছিল। এদিন ধনেশ্বৰে বৈষ্ণবীক সুধিলে :— “আই নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক ‘মাতৃ’ ভাবে পূজা কৰাটো দোষণীয় যেনহে পাওঁ নহয়নে?” বৈষ্ণবী — “বাছা! ভকতৰ হিতৰ কাৰণে সাধনাৰ অৰ্থে, নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক কেৱে মাতৃ ভাবে, কেৱে পিতৃ ভাবে, কেৱে দাস ভাবে, নাই মূৰ্তি সাজিও পূজা কৰে। ঈশ্বৰক শুদ্ধ আচাৰে মাতৃ ভাবে পূজিলে আৰু ভক্তি কৰিলে দোষণীয় নহয়; কিন্তু মাতৃক নৰৰ ৰক্ত-মাংস খাইতীৰূপে পূজা আৰু ভক্তি কৰাটোহে দোষণীয়।

 ধনেশ্বৰ — “ঈশ্বৰক মাতৃ বুলি পূজোতা এই দেউৰীসকলে দেখোন মাতৃক নিজ সন্তানৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসী স্বৰূপেহে পূজা কৰে। সেইদেখি মোৰ মনেৰে হলে ঈশ্বৰক মাতৃ বুলি পূজা কৰাই উচিত নহয়। ”