পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

পৰে, সেই মানুহক তামাৰ মাইৰ আগত বলি দিওঁ! ছাগ হৈ বাঘৰ জীয়াৰীলৈ হেপাহ কৰা আক্কলটোও তোৰ কম নহয়! হেৰ! মৰিবলৈ অতপালি কৰিছ। ”

 ধনেশ্বৰে দাঁত কামুৰি এই কথাৰ উত্তৰ দিবলৈ নৌপাওঁতেই শদিয়াখোৱা গোঁহাইদেৱে কলে — “বৰদেউৰী! তুমি এতিয়া তাৰ লগত চুপতি নকৰাই ভাল। বাৰু মই তাক আৰু দুষাৰ কথা সোধো। ” শঃ খোঃ গোঁহাইদেৱৰ আদেশত লাংফাই মনে মনে ৰল, তেতিয়া গোঁহাইদেৱে কলে — “হেৰ ধনেশ্বৰ। তই যি বংশৰ হৱ তই যেতিয়াই পৰলৈ খোজাবঢ়া কৰি থোৱা ছোৱালীৰ মন ভঙাবলৈ তাইক নিলাজভাবে চুমা খালি তেতিয়াই তই নিয়মমতে দন্দ পাব লাগে। তোক চমটাৰে কোবাই, গাত পানী ঢালি, চোৰাত মেলি নাকটো কাটিলেহে এই দোষৰ শাস্তি হয়। কি কৱ তই। ”

 ধনেশ্বৰে শঃ খোঃ গোঁহাইদেৱৰ এই কথাৰ কোনো উত্তৰ দিবলৈ নৌপাওঁতেই ধনেশ্বৰৰ বাপেক হৰেশ্বৰে আগবাঢ়ি গই শদিয়াখোৱা গোঁহাইৰ ভৰিত পৰি জনালে — “দেউতা ঈশ্বৰ! দাসে এটি নিবেদন জনাওঁ। আমি ষাঁড়ৰ খেলৰ মানুহ যেতিয়াই, পূৰ্ব্বাপৰ স্বৰ্গদেৱ ঈশ্বৰসকলে বিহি দিয়া নিয়ম অনুসৰি মোৰ পো ধনেশ্বৰে লাংফাই দেউৰীৰ জীয়েককহে নালাগে মাক বা ঘৈণীয়েকক ললেও তাক কেৱে দণ্ড বিহিব নোৱাৰে। দেউতা ঈশ্বৰে এই কথা জানে। ”

 হৰেশ্বৰৰ এই কথাত সকলো ৰাইজ নিমাত হল! শদিয়াখোৱা গোঁহাইদেৱে কলে — “অ হৰেশ্বৰ! তুমি পূৰ্ব্বাপৰ নিয়মটো সোৱঁৰাই দি ভাল কৰিলা! অৱশ্যে মই ধনেশ্বৰক সেই নিয়ম অনুসৰি দণ্ড বিহিব নোৱাৰোঁ সঁচা। কিন্তু তাৰ নাকটো কাটিব পৰা হলেহে তাৰ দোষৰ দণ্ড হলহেঁতেন। যি কি নহওক তাক মই এৰি দিলো। বৰদেউৰী! মনেশ্বৰ! ৰাইজ সকলো ঘৰাঘৰি যোৱাগৈ। গোঁহাই- দেৱৰ এই আদেশত সকলো ঘৰাঘৰি গল। যাবৰ সময়ত লাংফাই দেউৰীয়ে ধনেশ্বৰৰ ফালে বৰ কট্ মট্ মুখেৰে আৰু ৰঙা চকুৰে টেৰ টেৰ কৰি চাইছিল! ধনেশ্বৰেও প্ৰকাৰন্তৰে লাংফাইক বুঢ়া আঙুলিটো দেখুৱাই বাপেকৰ পিছে পিছে ঘৰৰ ফাললৈ গল।