পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
তাম্ৰেশ্বৰীৰ মন্দিৰ

 বৈষ্ণবী — “মা আঘণী; আমি প্ৰভু কৃষ্ণৰ সেৱক সকলে কাকো কোনো জাতিৰ মানুহকে হীন বুলি নাভাবোঁ। আমাৰ মনত সকলো মানুহেই সমান — আমাৰ মনত ডাঙৰ জাতি, সৰু জাতি ইত্যাদিৰ বাচ বিচাৰ নাই। অৱশ্যে আমি নোখোৱা বস্তুটো কাৰো হাতে নাখাওঁ; আৰু কোনো বস্তুকেই ঈশ্বৰত অৰ্পণ নকৰাকৈ নাখাওঁ। যদি মানুহজন সৎ আৰু নিকা হয়, আৰু তেওঁ আমাক খাবলৈ দিয়া বন্তু ঈশ্বৰত লগাই প্ৰসাদ কৰে তেন্তে আমি সেই বস্তু সেই জনৰ হাতৰপৰা খাম। পাপীক আমি ঘিণ নকৰোঁ, কিন্তু পাপক হলে ঘিণো কৰোঁ ভয়ো কৰোঁ। তুমি যেতিয়াই কোনো পাপে স্পৰ্শ নকৰা সৎমনৰ ছোৱালী, তেতিয়াই তোমাৰ হাতে তামোল-চালি খোৱাত দোষ নাই; সেইদেখি আই গুৱা তুমিয়েই কাটা। ” বৈষ্ণবীৰ এই আদেশ পাই আঘণীয়ে পানী এলোটা আনি ভালকৈ হাত দুখান ধুই ঠাইখিনি অতাই তাৰ ওপৰত বটাটো থৈ গুৱা কাটিলে। কাটি বৈষ্ণবীক সেৱা কৰি বটাটো আগবঢ়াই দিলে। বৈষ্ণবীয়ে দুখান গুৱা হাতত লই এখান নিজে খালে; আনখন আঘণীক খাব দিলে; আঘণীয়ে তামোল খাই হাত যোৰ কৰি বৈষ্ণবীক সুধিলে :— আই! কওকচোন আপোনাৰ কৃষ্ণৰ সেৱক সকলে কি খায় কি নাখায়। ”

 বৈষ্ণবী — “আই আঘণী! আমি আমিষ অৰ্থাৎ মাছ মাংস এই বিলাক নাখাওঁ, আমি আতা, আতপ চাউল, গৰুৰ ঘিউ, মগু মাহ, শাক-পাচলি ইত্যাদি খাওঁ। ”

 আঘণী — “আই বুজিলো — আপোনালোকে পেটৰ নিমিত্তে কোনো প্ৰাণী হিংসা নকৰে। পিছত আই! দুখীয়াৰ ঘৰলৈ আহিল আপোনাকনো কি দি শুশ্ৰষা কৰিম। দুখুনীৰ দেখোন একো নাই। ”

 বৈষ্ণবী — “বাছা! তই মোক একো দিব নালাগে। এই যে পিৰা আৰু গুৱা দিলি আৰু ভক্তিভৰে বচন দিলি এয়ে যথেষ্ট হৈছে। বাছা! আমি আদৰ আৰু বচনৰ হে ভিখাৰিণী, ধন সোণৰ নহওঁ। আমাৰ ঘৰ নাই, দুৱাৰ নাই, যতে পাওঁ তত থাকোঁ। মানুহৰ ঘৰে-দুৱাৰে গৈ ভিক্ষা মাগি, ঈশ্বৰ কৃষ্ণৰ দুই এটি নাম, গীত পদ গাই, চাউল পাত এমুঠি নি খাওঁ। বাছা! মোক মৰম