পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
তাম্ৰেশ্বৰীৰ মন্দিৰ

ক্ৰিয়াদি কৰি অলপ সন্ধ্যা আৰতি কৰি ওচৰৰ গোঁহাই গাঁৱৰ ফাললৈ গল, আৰু অলপ ইঘৰ সিঘৰ ফুৰি বেলি এপৰমান হোৱাত কমলেশ্বৰ গোঁহাইৰ চৰা পালেগৈ। কমলেশ্বৰ গোঁহাই এজন আহোম ডেকা! তেওঁৰ মাক বাপেক উভয়েই বৰ্ত্তমান আৰু তেওঁৰ তলতীয়া দুজন ভায়েক আৰু এজনী ভনীয়েক আছিল। তেওঁৰ বয়স প্ৰায় ২৭ বছৰ হৈছিল। তেওঁ দেখিবলৈ শুৱনি আৰু নিপোটল বাহুবলী আছিল। তেওঁ শদিয়াখোৱা গোঁহাইৰ সেনাপতি আৰু শাসন কাৰ্য্যত, ৰণত, তেওঁ শঃ খোঃ গোঁহাইৰ সোঁহাতৰ দৰে আছিল; বংশ গৌৰৱত তেওঁ শদিয়াখোৱা গোঁহাইৰ প্ৰায় সমানে আছিল। তেওঁৰ পিতৃও শদিয়াখোৱা গোঁহাইদেৱৰ মেলৰ প্ৰধান মেলুৱৈ আছিল।

 শদিয়াখোৱ গোঁহাইদেৱৰ ফুলেশ্বৰী আইদেৱ নামৰ জীয়াৰী এজনীত বাজে আৰু আন সতি-সন্তান নাছিল। ফুলেশ্বৰীক কমলেশ্বৰ গোঁহাইদেৱে ভাল পাইছিল, আৰু ফুলেশ্বৰী আইদেৱেও কমলেশ্বৰক ভাল পাইছিল। ডেকা-গাভৰু দুজনাৰ উভয়ে উভয়ক ভাল পোৱা- পুইত, উভয়ৰে মাক বাপেকসকলে কোনো হকা-বধা নকৰিছিল; আৰু তেওঁলোক উভয়ে মাজে সময়ে ফুলনিত বা চৰাঘৰত দেখা-দেখি হৈ কথা-বতৰা হোৱাতো একো নকইছিল। উভয়ৰে পিতৃ-মাতৃসকলে উভয়কে বিবাহ বন্ধনেৰে মিলিত কৰিবৰ ইচ্ছা কৰিছিল।

 যি সময়ত বৈষ্ণবী গই কমলেশ্বৰ গোঁহাইদেৱৰ আগ চোতালত থিয় দিছিল সেই সময়ত গোঁহায়ে অকলৈ একান্ত মনেৰে এখান পত্ৰ পঢ়ি আছিল। পত্ৰখান পঢ়ি উঠি মূৰ দাঙিয়েই বৈষ্ণবীক দেখা পাই আথে বেথে এখন চতিয়া ঢাৰি পতাই দি বৈষ্ণবীক বহুৱালে। বৈষ্ণবীয়ে “প্ৰভু প্ৰাণ কৃষ্ণ” বুলি ঢাৰিত বহি কলে :— “দেউতা মই আজি আপোনাৰ ওচৰলৈ ভিক্ষা মাগিবলৈ আহিলো। দুখুনীক এফেৰা ভিক্ষা দিবনে?”

 কমলেশ্বৰ — “ভিক্ষা দিম। কিন্তু আগেয়ে মোক তোমাৰ সুললিত কণ্ঠেৰে গীত গাই শুনাবানে?”