পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
তাম্ৰেশ্বৰীৰ মন্দিৰ

মানুহক তাহানি যেতিয়া ৰাজ অজ্ঞাত মোৰ সমুখত বলি দিছিল তেতিয়াও মই সেই মানুহক নিৰ্ভয় দি মৃত্যুৰ পাছতে তাৰ জীউটো কৈলাসলৈ লই গইছিলো; কিয়নো সি মৰণ কালত মোক চকুৰে দেখি দেখি মৰিছিল। তাৰ পিছত যেতিয়া দোষী মানুহ নাপাই নিৰ্দ্দোষী মানুহক বলি দিবলৈ ধৰিলে, তেতিয়াৰেপৰা মোৰ প্ৰাণটো বৰ আকুল হ’ল। হাঁয় মোৰ নামৰপৰা মাতৃত্ব কাঢ়ি নি নজনা মানুহে মোক নিজৰ সন্তান খাতী বাঘিনী বা ৰাক্ষসীতহে পেলাইছে। মোৰ মনৰ দুখত তহঁত ৰাইজৰ আৰু ৰজা ঘৰৰো দিন দিন হানি হৈছে। উজনি অঞ্চলত মৰাণৰ বিদ্ৰোহ, ভাটীত দন্দুৱাৰ বিদ্ৰোহ ইত্যাদি অগনি জ্বলিল, এতিয়া মানে আহি তহঁতৰ দেশ লণ্ডভণ্ড কৰিবলৈ ধৰিছে। যি কি নহওঁক এতিয়াৰপৰা আৰু মোৰ মন্দিৰত নৰবলি নহব। এই বেলি এই তান্ত্ৰিকৰ বলিয়েই শেষ হল। আই কওকচোন এইটা কি সপোন দেখিলো?”

 বৈষ্ণবী — “বাবা! এইটো উত্তম সপোন দেখিছা। মাতৃয়ে জানো কেতিয়াবা সন্তানৰ বিশেষ পুত্ৰৰ তেজ মঙহ খায়। অৱশ্যে পশুৰ ভিতৰত বিড়ালি, বাঘ, আৰু কুকুৰ শিয়ালেও হেনো শেষত হোৱা পোৱালি এটা জাল স্বৰূপে খায়। তামাৰ মাইতো পশু নহয় — তেওঁ গোঁসানীহে, জগতৰ মাতৃহে। তেওঁ কেলেই নৰবলি লব। ”

 লাংফাই — “তেনেহলেনো এই নৰ-বলি প্ৰথাটো কেনেকৈ আজি ইমান দিনে চলিল?”

 বৈষ্ণবী — “সেইটো মানুহৰ অজ্ঞানতা দোষৰপৰা উদ্ভৱ হল। যি কি নহওক মোৰ বিবেচনাৰে অজ্ঞান এন্ধাৰৰ দিন গল। শঙ্কৰ সূৰ্য্যই ভাটী অসম ডোখৰ তেওঁৰ নিৰ্ম্মল পৱিত্ৰ বৈষ্ণৱ ধৰ্ম্মেৰে পোহৰালে। আনকি কামৰূপত কেঁচাইখাতী গোসানীৰ আগত হোৱা নৰ-বলি প্ৰথাটোও ৰহিত হল। কিন্তু এই ঠাইত আৰু সিপিনে জৈন্তিয়াত শঙ্কৰ সূৰ্যৰ পোহৰ নপৰাৰ কাৰণেই এই ভয়ানক নৰ-বলি প্ৰথাটো আছিল। সুখৰ বিষয় এতিয়াৰপৰা ইয়াতে শঙ্কৰ সূৰ্য্যই এই দুখুনী বৈষ্ণবীৰ হতুৱায়ে অলপ পোহৰ দিছে। সেই কাৰণে এতিয়াৰেপৰা তামাৰ মাইৰ মন্দিৰতো আৰু নৰ-বলি নহব। ”

 লাংফাই — “বৈষ্ণবী আই! কালি তোমাৰ ঔষধত আৰু বিশেষ তুমি পিবলৈ দিয়া পানী টুপিত মই যেন নতুন জনম পালোঁ। আই! তোমাৰ ঋণ মই কেনেকৈ সুজিম। ”