পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
তাম্ৰেশ্বৰীৰ মন্দিৰ

 কমলেশ্বৰ — “যদি দেও পৰীক্ষাটোত অন্যায় অধৰম আৰু কাৰসাজি হৈছিল, আৰু সেইটো তুমি প্ৰমাণ কৰি দিব পাৰা তেতিয়া হলে শঃ খোঃ গোঁহাইদেউতাই তাক এৰাই দিবও পাৰে। তাক এৰাই দিলে মইও ভাল পাম; কিয়নো সি এজন মোৰ প্ৰধান যুজাৰু সেনাপতি আৰু বীৰ। মানৰ যুজত সি মোক বৰ সহায় কৰিব পাৰিব। বাৰু কোৱাচোঁ বৈষ্ণবী! তুমিনো তাক ৰক্ষা কৰিবলৈ কিয় ইমান চেষ্টা কৰিছা?”

 বৈষ্ণবী — “দেউতা! মোৰ ধৰ্ম্মই হৈছে নিৰপৰাধী মানুহক বিপদত পৰিলে ৰক্ষা কৰাটো। তাতে সি আমাক আমি আহিবৰেপৰা জুই পানী খেৰ-খাগৰি দি সহায় কৰিছে। তদুপৰি মই এইটোও জানো যে ৰাজদ্ৰোহত নপৰা, অথবা মৃত্যুদণ্ড দণ্ডিত হব লগা অপৰাধীত বাজে তামাৰ মাইৰ সন্তোষৰ অৰ্থেহে নিৰপৰাধী আগলৈ উঠি অহা ডেকা এজনক বলি দিয়া কাৰ্য্যটোৱেই নিষ্ঠুৰ, অন্যায় আৰু পাপপূৰ্ণ। সি যি কাৰসাজিত দেওপৰীক্ষাত বলিত পৰিছে এই কথা মই শঃ খোঃ গোঁহাইদেউতাৰ আগত, সকলো ৰাইজৰ আগত প্ৰমাণ কৰিম। কিন্তু সদ্যহতে দেউতাই গাভৰুদেৱক এইফেৰা খাটনি কৰি থব লাগে। ”

 কমলেশ্বৰ — “বাৰু মই ফুলেশ্বৰী গাভৰুক আজিয়েই হওক বা কাইলৈকে হওক এইটো কথা মই খাটিম। ”

 বৈষ্ণবী — “ভাল দেউতা! ঈশ্বৰ কৃষ্ণই আপোনাক ফুলেশ্বৰী আইদেৱে সৈতে শুভ-পৰিণয় কৰাওক। অপোনাক মানৰ যুজত জিকাওক। আপোনাৰ ধনে-জনে পদে-মৰ্য্যদাই উন্নতি বিধান কৰক। মই দুখুনী বৈষ্ণবীয়ে ইয়াত পৰ আৰু কি দিব পাৰো। দেউতা এতিয়া আহিবহে খোজো। ”

 কমলেশ্বৰ — ‘মাতৃ! যোৱাৰ আগেয়ে আৰু এটি সুমধুৰ গীত শুনাবানে?”

 বৈষ্ণবী — “ভাল দেউতা!”

ৰাগ মাহুৰ ধনশ্ৰী

গোপিনী প্ৰাণ; কাহেনু গয়োৰে গোবিন্দ

  হামু পাপিনী পুনু দেখব নাহি

  আৰু সোহি বদন অৰবিন্দ”