পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
তাম্ৰেশ্বৰীৰ মন্দিৰ

 কমলেশ্বৰ — (মিচিককৈ হাঁহি) তুমিনো কেনেকৈ জানিলা মই তেওঁক ভাল পাওঁ বুলি?”

 বৈষ্ণবী — “দেউতা! আমি স্ত্ৰীজাতি মানুহে যৎকিঞ্চিৎ কথাৰ আও-ভাৱৰেপৰা বুজো পানীৰ সোঁত কোনপিনে বয়। ”

 কমলেশ্বৰ — “বাৰু জানিবা ভাল পাৱেঁই। পিছত কোৱা তোমাক কি লাগে!”

 বৈষ্ণবী — “দেউতাই জানে যে দেউতাৰ এজন সেনাপতি ধনেশ্বৰ চুতীয়াক সিহঁতে এই বেলি তামাৰ মাইৰ আগত বলি দিবলৈ ধৰি নি বন্দী কৰি থৈছে। ”

 কমলেশ্বৰ — “জানো। সি উচিতমতে কৰা দেও পৰীক্ষাত যেতি- য়াই পৰিছে তেতিয়াই তাক তো নি বলি দিবই। ”

 বৈষ্ণবী — “দেউতা ঈশ্বৰ! উচিতমতে পৰীক্ষাত পৰিছেনে, নে সেই বামাচাৰী তান্ত্ৰিক আৰু বৰ দেউৰীৰ ষড়যন্ত্ৰত অন্যায়কৈ পৰীক্ষাত পৰিছে সেই বিষয়ে বেটীয়ে সদ্যহত একো নকওঁ। আৱশ্যক হলে এদিন কম। পিচত দেউতাই আমাৰ ফুলেশ্বৰী আইদেৱক খাটি আইদেৱৰ হতুৱাই শঃ খোঃ গোঁহাই দেউতাক কোৱাই ধনেশ্বৰক মুক্ত কৰি দিব লাগে এয়ে মোৰ গোহাৰি—ভিক্ষা। ”

 কমলেশ্বৰ — “আও! তুমি এইটো বৰ অসম্ভৱ ৰকমৰ অৰ্থাৎ দিব নোৱাৰা ভিক্ষা খুজিলা। ফুলেশ্বৰী গাভৰুৱে খাটিলেও আৰু শদিয়াখোৱা দেউতা ঈশ্বৰৰ তাক এৰি দিবলৈ প্ৰবল ইচ্ছা থাকিলেও দেও পৰীক্ষাত যেতিয়াই সি পৰিছে তেতিয়াই তাক এৰি দিব নোৱাৰে; আনকি স্বৰ্গদেৱ ঈশ্বৰেও নোৱাৰে। ”

 বৈষ্ণবী — “দেউতা! সি হেনো দেউতা ঈশ্বৰৰ আগত মই আজিৰ পৰা আহোম হলো এই বাক্য দিছিল। দেউতাসকলৰ পূৰ্ব্বাপৰ নিয়ম অনুসৰি সি আহোম হৈছেই। আহোমকতো তামাৰ মাইৰ আগত বলি দিব নোৱাৰে। ”

 কমলেশ্বৰ — সেইটো অবশ্যে হয়; কিন্তু সি যেতিয়াই কোনো খেল আহোমত উঠিবলৈ নো পাওঁতেই বলিত পৰিল, তেতিয়াতো তাক এৰি দিব নোৱাৰে। এৰি দিলেও গোটেই প্ৰজা বিদ্ৰোহী হব। ”

 বৈষ্ণবী — “বাৰু যদি মই কওঁ আৰু প্ৰমাণ কৰো যে দেও পৰীক্ষা- টোত ঘোৰ কাৰসাজি আৰু চক্ৰান্ত হৈছিল তেনেহলেতো শঃ খোঃ দেউতা ঈশ্বৰে তাক এৰি দিব পাৰিব। ”