পৃষ্ঠা:তাম্ৰেশ্বৰীৰ মন্দিৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
তাম্ৰেশ্বৰীৰ মন্দিৰ

 ফুলেশ্বৰী — “বাৰু মই আজিয়েই দেউতাক কই তোৰ পিতাৰক মতাই আনিম আৰু দেউতাৰ হতুৱাই কোৱাইমেলি যেনেহলেও মই তোৰ পিতাৰক তোৰ বিয়াৰ সন্মত কৰাম। ” ফুলেশ্বৰী আইদেৱৰ এই কথাত আঘণী আনন্দিত হৈ সেৱা এটা কৰি ঘৰলৈ গল।

 পিছদিনা শদিয়াখোৱা গোঁহায়ে লাংফাই দেউৰীৰক মতাই আনি আঘণীক ধনেশ্বৰলৈ দিবলৈ সন্মত কৰোৱাই, ধনেশ্বৰ আৰু ধনেশ্বৰৰ বাপেকলৈ খবৰ পঠিয়াই সিহঁতকো অনাই আঘণী আৰু ধনেশ্বৰৰ বিয়াখন পতালে। দুদিনৰ ভিতৰতে আঘণী আৰু ধনেশ্বৰৰ বিয়া- খানো চকলং মতে হই গল। অনেক দুখৰ পিছত ধনেশ্বৰ আঘণী সুখী হল। লাংফায়ে চকলং মতে বিয়া হোৱাত কোনো আপত্তি নকৰিলে। বিয়া হোৱাৰ আগেয়ে ধনেশ্বৰ আৰু আঘণীয়ে আহোম ৰাইজক জনাইছিল যে তেওঁলোক আহোম জাতিত উঠিব। ৰাইজে সম্মতি দিলে, তেতিয়া ধনেশ্বৰে আহোম ৰাইজক অলপ জা-জলপান খুৱাই সেৱা কৰিলে। আহোম ৰাইজে তেওঁবিলাকক আহোম সমাজত ঠাই দিলে। ধনেশ্বৰৰ লগে লগে ধনেশ্বৰৰ বাপেককে প্ৰমুখ্যে কৰি গোটেইটো ষাড়ৰ খেলৰ চুতীয়াসকল আহোম হল। লাংফায়ে তামাৰ মাইক প্ৰকৃত মাতৃ বুলি ভাবিবলৈ ধৰিলে — নৰবলি খাইতী ৰাক্ষসী কলঙ্কটো মাতৃৰ গাৰপৰা তেওঁৰ মনৰপৰা আঁতৰালে। প্ৰভু কৃষ্ণত বিশিষ্ট ভক্তি আৰু প্ৰীতি জন্মাত লাংফায়ে বৈষ্ণবীৰ পৰাই বৈষ্ণৱ ধৰ্ম্মত শৰণ ললে। দেউৰী গাৱঁৰপৰা উঠি আহি, শদিয়াখোৱা গোঁহাইৰ হাউলিৰ ওচৰতে লাংফাই আৰু ষাড়ৰ খেলৰ চুতীয়াসকল, ধনেশ্বৰ এই সকলে ঘৰ বান্ধি ললে। এটাইবিলাকেই মদ মঙ্গহ এৰি বৈষ্ণব হল। আৰু সকলোৱে সুখেৰে কাল নিয়াব ধৰিলে। ধনেশ্বৰক শদিয়াখোৱা গোঁহায়ে চুতীয়া আহোমসকলৰ ওপৰত গোঁহাই-বৰুৱা পাতিলে।

৩৫

 বিয়া দুখান হৈ যোৱাৰ পিছত খৰালি কাল ভালকৈ পৰাত এদিন বৈষ্ণবীয়ে শদিয়াখোৱা গোঁহাইদেৱক কাকুতি মিনতি কৰি জনালে যে তেওঁবিলাকক পৰশুৰাম কুণ্ডলৈ যাবলৈ বিদায় দিব লাগে। বৈষ্ণবীৰ অনুৰোধত শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোকৰ