ৰহঘৰা (দণ্ডিনাথ কলিতা)

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

ৰহঘৰা।

 

শ্ৰীদণ্ডিনাথ কলিতা প্ৰণীত

প্ৰকাশক

বি, আৰু কলিতা এণ্ড কোম্পানী।

তেজপুৰ, অসম।

 

চতুৰ্থ তাঙৰণ।

 

বেচ এটকা মাথোন

[  ]
প্ৰথম সংস্কৰণ   ১৮৩৮ শক   -১০০০
দ্বিতীয় ,,   ১৮৪৭ ,,   -১০০০
তৃতীয় ,,   ১৮৫৮ ,,   -১০০০
চতুথ ,,   ১৮৬৬ ,,   -১০০০
 

প্ৰিণ্টা্ৰ-

শ্ৰীৰাজেন্দ্ৰ লাল চৰকাৰ

কাত্যায়নী মেছিন প্ৰেস

২৯|১, শিৱনাৰাণ দাস লেন, কলিক

[  ]

উছৰ্গা।

 

শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱাৰ
   শ্ৰীচৰণকমলেষু

 

বিনীত নিবেদক
গ্ৰন্থকাৰ।

[  ]
[  ]

নিবেদন।

 ৰঙ্গৰ কিল চিৰকাল হাড়ভগা, খঙ্গত লপা থপা মাত্ৰ। ৰঙ্গেই আমাৰ স্বাভাবিক অৱস্থা। ৰঙ্গত যি হব, খঙ্গত সি হব নোৱাৰে। খঙ্গ নামেই চণ্ডাল-নীচ, অযোগ্য—সত্যৰ বহু দূৰত। ৰঙ্গত হলে কান্দিয়েই জিকিব পাৰি। তাৰ intention ভাল, সত্যৰ বিৰোধী নহয়। দায়িত্ব সদায় intentionৰ ওপৰত নিৰ্ভৰ কৰে। দেখাত নিতান্ত গৰ্হিত কামো তলব ভাল থাকিলে দোষৰ নহয়। জগতৰ যাৱতীয় কাৰ্যবিলাকেই য একেবাৰে ভাল হব ইয়াৰ কোনো অৰ্থ নাই। সকলোতে অলপ নহয় অলপ অনৰ্থ লুকাই থাকে। আমি জীয়াই থকাটোও দেখাত এটা অনৰ্থৰ ওপৰত। সিমান চকু দিলে ইয়াত একো কামকে কৰিব নাৱাৰি। পোক পৰুৱা মৰে বুলিলে ইয়াত খোজ এটাও দিয়া অসম্ভব। আমি খোজ দিয়াত যদি কিবা অনৰ্থ হয় বা আমি জীয়াই থাকিবলৈকে যদি কিবা বেয়া কাম কৰিব লগীয়া হয় তেন্তে আমাৰ সি ৰঙ্গৰ কিলহে। ৰঙ্গৰ কিল ২|১টা নমৰাকৈ আমি নোৱাৰো।

 ৰহ-ঘৰা ৰঙ্গৰ কিল! খাওঁতে মিঠা লাগে হওঁতে, কিন্তু যথাৰ্থতে ‘হাড় ভাগে।” নেখাওঁ বুলিও আমি থাকিব নোৱাৰোঁ। ৰঙ্গ-ৰহইচ আমি ভাল পাওঁ। দুখক দুখ ভাবেই গ্ৰহণ কৰিবৰ শক্তি আমাৰ কম। জগতত থকাটোৱেই কিল খোৱা, ইয়াত সত্যৰ সন্ধান কৰিব নোৱাৰি মায়া-মৰীচিকাত পৰি হাবাথুৰি খোৱা মাত্ৰ সাৰ। কিন্তু সি ৰঙ্গত, আনন্দত, খেলাত প্ৰতিষ্ঠিত কাৰণে আমি তালৈ কাণ নকৰোঁ। ইয়াৰ যথাৰ্থ তাৎপৰ্য্য, intention বা মতলব বেয়া নহয় কাৰণে বোজা, বৈ হাড় ভাগি যাবলগা হলেও আমাৰ স্ফুৰ্ত্তি দুগুণে বাঢ়িহে যায়। খেলা বা আনন্দত নহলে সাধাৰণ বস্তু এটাও আমি দাঙ্গি ধৰিবলৈ অমান্তি [  ] হওঁ। ৰহ-ঘৰাৰ ৰহ যথাৰ্থ মিঠা বুলি হে প্ৰস্তুত। যদি কোনোৱে তিতা পায় সি সিবিলাকৰ নিজ দোষত হে। তত্ৰাচ ইমানলৈকে আমি গাত লব পাৰোঁ, যে উদ্দেশ্য ভাল হলেই আনুষঙ্গিক কিবা অলপ বেয়া খাকিলেও সি নধৰ্ত্তব্যং।

 ৰহঘৰাৰ উদ্দেশ্য মহৎ। আৰু মহৎ কাৰণেই ইয়াত বহুবিধ বস্তুৰে mixtureসংমিশ্ৰণ হৈ এক উপাদেয় পেয় ৰূপে প্ৰকাশিত। পাঠক, সকলে পঢ়িলেই তাৰ বেলেগ বেলেগ সোৱাদো পাই যাব। আমি যে বেলেগ বেলেগ কৰি দেখুৱাবৰ আৱশ্যকতা কি? ৰহঘৰাৰ ৰহেৰে লিখকে আমাক এটি কথালৈ নিব খোজোটো আমি প্ৰায়বিলাক মিশ্ৰিত বস্তুতে দেখিবলৈ পাওঁ আৰু সেইটিয়েই হৈছে- মনে মুখে একে কৰা। সংসাৰত আমি আটায়ে মুখত মুখা পিন্ধি ‘চং দিছোঁ, এই মুখাই যেতিয়া আধিক লাভ কৰে, তেতিয়া তাৰ পৰা সমাজত ভয়ানক বিশৃঙ্খলা উপস্থিত হয়- বহুতো অনিষ্ট ঘটে। আৰু এই অৱশ্য পৰিবৰ্ত্তনীয় জগতত তেনে নহৈ নোৱাৰে। পৰিবৰ্ত্তন আছে যেতিয়া সি নিশ্চয় উন্নতিৰ ফাললৈ হবই হব আৰু সেই উন্নতি নিশ্চয় অৱনতিৰ ওপৰতে নিৰ্ভৰ কৰে। কুসংস্কাৰ- দুষ্ট তিতা এই ৰহঘৰাৰ মিঠাই মাৰিবৰ উপায় বুলি আমাৰ বিশ্বাস।

 এই যে উপায় ইও অতি প্ৰশস্ত। খঙ্গেৰে কোনো কাম কৰি আৰু কৰাব নোৱাৰি। ৰঙ্গেৰে কৰোৱা কামেই অতি ভাল হয় আৰু ক্বৰাবও পাৰি সহজে। ৰহঘৰাত খঙ্গমুৱা কথা এষাৰিও নাই। হাঁহি মুখে তাৰপৰা হব পৰা বেয়া ফলটো দেখুৱাই দি ইঙ্গিত কৰে মাত্ৰ অৱস্থাটি কেনে হৈছে, আৰু ভবিষ্যতলৈ সাৱধান কৰি দিয়ে আৰু কয় “কন্যাৰ হল সংসাৰখনি যমৰ দক্ষিণ দ্বাৰ।” হাঁহিমুখে আমি এজনক তেওঁৰ দোষ বেচিকৈ দেখুৱাব পাৰোঁ। “আমাৰ জাত” শীৰ্ষক কবিতাটিত

তাৰ পৰা আমাৰ লাভৰ ঘৰত কি আছে তাকে দেখুৱাইছে। [  ]

“ভিতৰত যদিও ঢকুৱাৰ বেৰ,
বাজত নেৰোঁ চুৰিয়াৰ ফেৰ,
এনেকৈয়ে  চিৰকাললৈ
 ৰব আমাৰ জাত;
ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।”

 দেশোদ্ধাৰকৰ মহাসভাত যি ছবি দেখুৱা হৈছে সি অতি বিতোপন। কিন্তু লাভৰ ভিতৰত “গছৰ আগৰ গৃধ্ৰৰাজে কথাটো কৰি টং, চোঁ মাৰি একে চোঁচাই ললেহি প্ৰভুৰ সঙ্গ। (মুঠতে) দেশোদ্ধাৰকৰ মহাসভা কেনিবা উৰি গল; পণ্ডিতে কওক হিচাপ কৰি উন্নতি কিমান হল।”

 লিখকৰ কোনো কোনো বিষয়ত নিজৰ মতৰ বাহিৰেও ২|১টি কবিতা “চাটুনিৰ” দৰে ব্যৱহৃত হবলৈ দিয়া আছে যেনে ‘চাহ-ৰহস্যম্’ ‘খিচিৰি’ প্ৰভৃতি। যেনেই কি নহওক, একে বিধত লাগি থাকিলে আমনি লাগেই। লিখকৰ কোনো কোনো বিষয়ৰ মত বিলাক অতি পৰিপাটিকৈ দিয়া হৈছে যেনে Dorwin Theoryৰ নেগুৰ তাৰ প্ৰমাণ।

 শেষ কথা, এই হাঁহিৰ চলত কেতিয়াবা বিদ্ৰূপ কৰাটো ভাল নহলেও তাৰ পৰা আমাৰ বহুত উপকাৰ হয়! ডাঙৰ হলে আমি শিক্ষকৰ হাতৰ কোব নেখালে ভয় কৰোঁ বিদ্ৰুপলৈ। তাৰ পৰা আমাৰ উপকাৰ হে হয়। ৰহঘৰা ৰাইজৰ আগত মেলি দিছোঁ খাই উপকাৰ হবলৈ হে। ৰহঘৰাৰ মিঠাত অপকাৰ নাই বুলি আমাৰ বিশ্বাস। ৰাইজে মিঠাৰ জোখায় আমাক মিঠা লগালে ভবিষ্যতলৈ আকৌ কি জানি সঙ্গ লবলৈ যত্নবান হব পাৰোঁ৷ অলমিতি-

তেজপুৰ, আশীৰ্ব্বাদ-ভিখাৰী
শ্ৰীমহাদেৱ শৰ্ম্মা।
১৮৩৮ শক, শাওণ।
[ ১১ ]
সূচী।
বিষয়।   ...   ...   পিঠি।
১০। বুঢ়া বুঢ়ীৰ দন্দ্   ...   ...  
২। নতুন “ভোজন ব্যৱহাৰ”   ...   ...  
৩। কবিৰ প্ৰেম   ...   ...  
৪। সুৰাৰ জন্ম   ...   ...   ১১
৬। চণ্ডাল-কুমাৰী   ...   ...   ১৩
৬। ধোঁৱাখোৱালৈ   ...   ...   ১৭
৭। কন্যামেধ।   ...   ...   ১৯
৮৷ ধনীৰামৰ ধন   ...   ...   ২৪
৯। মেধি তীৰ্থলৈ যায়   ...   ...   ২৭
১0। বুঢ়াৰ উপদেশ   ...   ...   ৩৫
১১। আমাতকৈ বুধিয়ক নাই   ...   ...   ৩৯
১২। পূৰ্ণচন্দ্ৰ   ...   ...   ৪৩
১৩। আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য     ...   ৩৭
১৪। বিহুৰ সম্ভাষণ   ...   ...   ৫১
১৬। চাহ-ৰহস্যম্   ...   ...   ৫৫
১৬। ডাৰুইণৰ “থিৱ’ৰিৰ" নেগুৰ   ...   ...   ৬৭
৷ আমাৰ জাত   ...   ...   ৭০
১৮। শঙ্কৰৰ ধৰ্ম্ম   ...   ...   ৭৬
১৯। শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি   ...   ...   ৭৮
২০। দেশোদ্ধাৰকৰ মহাসভা   ...   ...   ৭৯
১১। অসমীয়ালৈ উপদেশ   ...   ...   ৮৬
২২) শাস্ত্ৰৰ টোকা   ...   ...   ৮৮
২৩। ভেক-স্তোত্ৰ   ...   ...   ৯০
২৪। খিচিৰী   ...   ...   ৯২

[ ১৩ ]

ৰহঘৰা

বুঢ়া বুঢ়ীৰ দন্দ।

( ১ )

 বুঢ়াব বয়স পঞ্চাচ৷
ৰাতিৰ ৰাতিটো নাথাকে ঘৰত
 দিমটো খেলে তাচ।

(২)

 বুঢ়ীয়ে নধৰে আল।
এনেটো বুঢ়াৰ সং লোৱাতকৈ
 অকলে থকাই ভাল।

(৩)

 গাৱঁত হৈছিল বিয়া;
আনিছিল “বাই” লক্ষ্ণৌৰ পৰা,
 হিয়া চুৰকৈ নিয়া।

( ৪ )

 এবাটি ফটিকা খাই,
চকু ৰঙাক’ই  ফিট্‌ফাট্‌, হ’ই,
 ষুঢ়া বিয়াল’ই যায়।

[ ১৪ ]

(৫)

 পালেগৈ বিয়াৰ ঘৰ;
থৰক-বৰক বুঢ়াৰ চকুটো
 নাচনে কৰিলে থৰ।

(৬)

 উঠিল হঠাতে গা;
বিবিধ ভঙ্গীৰে ধৰিলে নাচোন
 কোনে চাব খোজ চা।

(৭)

 উঠিল মদৰ জাঁই;
নাচৰ পাকত  “বাই” চৰণত
 পৰিল বাগৰ খাই।

(৮)

 বৰটো পুতেকে ধৰি,
তেল-পানী ঢালি ঘৰল’ই বুলি,
 নিলে খৰ-ধৰ কৰি৷

(৯)

 বুঢ়ীও নাচিল কম!
জেন্তিপিৰ * চৰে  উঠিল জোকাৰি
 পাই কথাটোৰ গম।


* গ্ৰীচৰ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিচৰ পত্নী। এওঁ বৰ উগ্ৰ স্বভাবৰ আৰু কুন্দল-প্ৰিয়া আছিল। আন কি, এদিন অকল গাগি পৰিবেই তুষ্ট

নহৈ, চক্ৰেটিচৰ মুৰত এচৰীয়া বোকা পানী ঢালি দিছিল। [ ১৫ ]

(১০)

 “ইয়াকেহে কৰ শোলা?”
ডাঁঢ়িত খামুচি  গাজনি মাৰিলে,-
 “এতিয়াই বাহিৰ ওলা।”

( ১১)

 বুঢ়াই মাৰিলে টান;
ডাঁঢ়িকোছা ৰ’ল  বুঢ়ীৰ হাততে,
 পৰি ছিগি গ'ল কাণ।

(১২)

 আনিলে ডাক্তৰ মাতি;
পুতেকৰে স'তে  পৰ দি বুঢ়ীয়ে
 কটালে ইছোৱা ৰাতি।

(১৩)

 বুঢ়া-বুঢ়ীৰ ‘দন’,-
ইয়াক শুনিলে গুচে খৰিয়াল
 হয় ধৰ্ম্মল’ই মন।

[ ১৬ ]

“নতুন ভোজন-ব্যৱহাৰ”

উজনিৰ আলহী  নামনি পালেগৈ
 নুশুনি ঘৰৰ হাক;
পুৰণিকলীয়া মিতিৰৰ ঘৰত
 খাবলৈ পৰিল ‘ডাক’।
যথাৰীতিমতে  মিতিৰৰ পৰা
 আদৰ-সাদৰ পালে;
নানা তৰহৰ কথা-বতৰাৰে
 তামোল-ধপাত খালে।
মদপী মিতিৰ  মদৰ ৰসত
 নাছিল দেহাৰ ঠিক;
কথাৰ মাজত আলহীৰ গাত
 তামোল খাই পেলালে পিক।
খাবৰ বেলিকা  সোমাল ভিতৰ
 আলহী চ’ৰাতে থ’ই;
ভাত পানী খাই  চাকি নুমুৱাই
 পাটীত পৰিলগ’ই।
অকলে আলহী  থাকি কিছু বেলি
 দেখিলে সঁহাৰি নাই;
উঠিল বিচাৰি  ভোকে-উপবাসে
 নতুন চিনাকি ঠাই।
আন্ধাৰে মুধাৰে গ’ই কিছু বেলি,
 পালেগৈ চিনাকি জন;

[ ১৭ ]

আলহীক দেখি  অতি সাদৰেৰ
 নিলে কৰি নিমন্ত্ৰণ।
ৰাতি দুপৰত  বন্ধুৰ ঘৰত
 খাবৰ সময় হ’ল;
হাত মুখ ধুই  ভিতৰ সোমাই
 আলহী খাবলৈ গ'ল।
একাঁহী ভাতেৰে  আগতে দেখিলে
 কাঁহীয়ে আছিল শুই;
আঞ্জাৰ বাটিয়ে  আছিল কাষতে
 কৰি চুমা খোৱাখুই।
প্ৰবাসী আলহী  লাহে লাহে চাপি
 ললে আসনত বহি;
ৰচকী ৰান্ধনী  মিচিকি হাঁহিৰে
 ধৰিলে যোগান আহি।
ফিচিকি ফিচিকি  মিচিকি মিচিকি
 মূৰত ওৰণি ল'লে;
আজুৰি আজুৰি  এফালে টানোতে
 ইফালে উদং হ'লে।
ৰচক-পচক থৰক- বৰ
 খোজত কঁকাল হলে
ওলাওঁতে উজুতি  দুৱাৰ দলিত
 সোমাওঁতে পিছলা ল’লে।
ন ন সামগ্ৰী  নকৈ আনিলে
 পাতে পাতে পাতে দিলে,

[ ১৮ ]

সবাৰো শেহত  আলহী-ভাগত
 চকা পানী-টোপ পালে।
আলহী-চকুৱে  দুচকু মুদালে,
 ভজা মাছ মাটিতে থ’লে;
চুকত লুকুৱা  বোন্দা মেকুৰীয়ে
 থাপতে সামৰি ল’লে।
“লাগিব নে কিবা?”  গহীন মাতেৰে
 গৃহস্থে বাতৰি ল’লে;
ন আলহীয়ে  মুখৰ লাজতে
 নালাগে বুলিয়ে ক’লে।
আধাপেটী হ’ই,  কোৱাৰি চেলেকি
 আলহী পৰিল উঠি;
ন ৰান্ধনীয়ে  চেতনা লভিলে,
 পালে ওৰণিয়ে ‘ছুটি’।
ৰাতি পুৱালতে  সকলো কাহিনী
 শুনি পালে নাৰী-নৰ;
গতি-গোত্ৰ দেখি  উজনিৰ আলহী
 ভাটী এৰি দিলে লৰ।

[ ১৯ ]

কবিৰ প্ৰেম।

(১)

বাইৰণ, কীট্‌চ্, ৱৰ্ডচ্‌ৱৰ্থ, শ্যেলি, টেনিচ্‌ন
পঢ়ি পঢ়ি হ'ল মোৰ কবি হবৰ মন।
চেক্ষ্‌পীয়েৰ, স্কট পঢ়ি বহি মাজ ৰাতি,
নাটক-নভেল লিখিম বুলি ললোঁ চচ্মা‌ আঁটি।
লাহে লাহে পক ধৰিলে কবিতাৰ ফল,
ওলাল নাট্য-কাব্য-গল্প-মধুৰ সৰল।
ভাবিলোঁ মনত কত ভবিষ্যৎ কথা,
কিৰূপে সুখৰ মোৰ কৰিম ব্যবস্থা।
ঠিক হ’ল যাকে তাকে নিবিলাওঁ হিয়া,
“কবিনী” নাপাওঁমানে নকৰাওঁ বিয়া।
কিয়নো, কবিত্ব গুণ নাথাকিলে গাত,
নাপাম সোৱাদ লগা প্ৰেমসনা মাত।
নপকে পুনৰ প্ৰেম কবিতা নহলে,
এই দৰে দিনে দিনে কত কথা পাঙো,
নাপাই সুফল পুনু নিজে নিজে ভাঙো।
সাজিলোঁ মনতে কত মানস-প্ৰতিমা,
কতনা ভাবিলোঁ কথা নাই তাৰ সীমা।
কিন্তু হায়! সকলোটি সপোনৰ খেলা।
নাথাকে এটিও যেবে চকু দুটি মেলা।
শেহত প্ৰিয়াৰ শুনো বুলি পূৰ্ব্বভাষ,
প্ৰেমৰ কবিতা লিখি কৰিলোঁ প্ৰকাশ।

[ ২০ ]

প্ৰতিধ্বনি হ’ল তাৰ মধুৰ সুৰেৰে,
মাহেকীয়া কাকতত বীণা ঝঙ্কাৰেৰে।
ওলাল তলত নাম বিনোদিনী-বালা,
ভাবিলোঁ এৱেঁই মোৰ মানসী কমলা।
জানিলোঁ পঠালে বিধি যোৰে ভাব জানি,
সুশিক্ষিতা কবিপ্ৰিয়া প্ৰেম-মন্দাকিনী।
কবিতাৰ ৰূপ দেখি হলোঁ বিমোহিত,
ভাবিলোঁ হাঁহিব ঘৰে এনে জেউতিত।
অৰ্দ্ধাঙ্গিনী কৰোঁ বুলি কৰিলোঁ যতন,
পূৰ হল আশা, মন আনন্দে মগন।
বিবাহ সম্পন্ন হ’ল, মিলি গলোঁ দুটি,
ভাবিলোঁ মিলিল দুটি কাব্য-প্ৰেম সুঁতি।

 

(২)

কিন্তু কিনো ক’ম ভাই,  কওঁমানে বাঢ়ি যায়,
 প্ৰেমিক কবিৰ এই প্ৰেমৰ বৃত্তান্ত;
সকলো অসাৰ আশা,  সকলো স্বপ্নৰ ভাষা,
 সকলোটি হ’ল হায় দিঠকত অন্ত।
যেতিয়া চিচাহকৰি  আনিলো প্ৰেয়সী কৰি,
 কবিতা-প্ৰেমেৰে স'তে চিনা বিনোদিনী,

[ ২১ ]

ৰাইজৰ গালি খাই পলাবৰ ঠাই নাই
 কল্পনা কোমল শয্যা হ’ল কাঁইটনি।
কি কম প্ৰিয়াৰ কথা!  শুনিলে লগাবা লেঠা,
 চাওঁ বুলি সকলোৱে নতুন বোৱাৰী;
এবাৰ দৰ্শন পালে  নাতৰিবা কোনো কালে,
 ৰ’বা চাই একেৰাহে আপোন পাহৰি।
ৰূপত নিজেই কালী,  থিয় হলে ধৰে চানি
 ৰঞ্জিত তাম্বুলৰাগে সুদীৰ্ঘ দশন,
কেশ মাধবীৰ কুঞ্জ,  ভ্ৰমে তাত প্ৰাণীপুঞ্জ,
 স্বভাৰ-কটাক্ষ-ভৰা ৰক্তিম নয়ন।
সৰৰ নাকৰ চিন হলে নাক-ফুল হীন,
 বিশাল অধৰ যথা বাও খৰাহিৰ;
নিন্দি কদলীৰ মূল মধ্যদেশ অতি স্থূল,
 প্ৰথম সুজন এয়ে সম্ভৱ বিধিৰ।
কি দিম শিক্ষাৰ নাম!-  নিচিনে ঘৰুৱা কাম,
 চিনে মাত্ৰ গৃহ-কোণ, শয়ন-মন্দিৰ;
পিকেৰে বোলায় বাৰ,  মলিয়ে ভূষণ গাৰ,
 বচন গৰ্দ্দভ-নাদ কিম্বা হস্তিনীৰ।
কবিতা হীৰক-দ্যুতি,  প্ৰকাশি বঢ়াব জ্যোতি,
 বুলি তেও মনে মনে আছিলোঁ সুস্থিৰ;
“শত্ৰু ভাৰ্য্যা ৰূপৱতী”—  শাস্ত্ৰৰ বচন মাতি,
 মাৰিছিলোঁ। মুখ আৰু গঞ্জনাকাৰীৰ।
কিন্তু কবিতাৰ চিন  পোৱা হল সুকঠিন,
 নিজ মই অনুৰোধ কৰিলোঁ এবাৰ।

[ ২২ ]

তিনি দিন তিনি ৰাতি  এৰি থ’ই ঢাৰিপাটি,
 লিখিলে কবিতা এই সুধাৰ ভাণ্ডাৰ! -

“তুমি কবিটা লেখিবলৈ দিলা,
মোৰ পানতো হৰি নিলা।
তুমি আপিচলৈ গলে,
মই অকল সৰিয়া হলে।
ভোক নেলাগে, তোপনি নাহে।
মদন-বানে দগ্ধ পান,
কৰা এটিআ ত্ৰাণ।
তোমালই টামোল লই,
ৰাতত থাকো গই।
জলপান সজাই বাতিত,
বহি থাকো মাতিত।
মোক যদি ভাল পোআ
এবাৰ চইখু মেলি চোআ।
যদিহে মোক নিদিআ ভেতি,
শোনৰ নাকফুল এতি।
বানাৰচী সাৰি আৰু পাতৰ জেকেট
বোহ পাটি বহি ঠাকিম বৰ ঘৰৰ চুকত।”

(৩)

পঢ়ি লৰালৰিকই,  কবিত্বত ভোল গই,
 নিজে নিজে কিষে হলোঁ নহয় ব ন;

[ ২৩ ]

বুজিলোঁ ইয়াৰে দৰ বঢ়াই কৰিলে জড়,
 দুখীয়া কবিৰ এই সুখৰ জীৱন।
কবিতা ফৰ্ম্মুটি মাৰি,  আনি “কবিনী” পাৰি
 ৰসৰ ডোঙ্গাত বুৰি প্ৰাণ যায় যায়;
কৰাহি সহায় ৰাইজ,  পাৰোঁ যদি হওঁ বাজ,
 ধৰোঁ বানপ্ৰস্থীবেশ মুক্তিৰ উপায়।

সুৰাৰ জন্ম

—*):*:(*—

দেৱতা-দানৱে সাগৰ মথোঁতে
 সুধাৰ টেকেলি পালে
মোহিনী-ৰূপত ভুলিল দানৱ,
 দেৱতাই দকচি খালে।
মাত্ৰ চল চাই,  দানহ এটাই
 এবাৰ মাৰিলে ঢোকা;
ততালিকে তাৰ সোমাল পেটত
 বিষ্ণুৰ কটাৰী চোকা।
বাহু-কেতু নামে হল দুডোখৰ
 কটা পেটডালি ল’ই;
সেইহে এতিয়া বছৰে বছৰে
 জোন-বেলি গিলি থয়।
সেই সময়তে দৈত্যৰ পেটৰ
 পৰিল অমৃত জৰি;

[ ২৪ ]

আকোঁলি নোপাৱা প্ৰকাণ্ড বিৰিখ
 হ’ল পৃথিবীত পৰি।
গুটি লাগি তাৰ  হই সাঙী ভাৰ
 গছত ওলমি ৰলে;
পাই কোনোবাই  ৰস উলিয়াই
 ‘বটলত’ ভৰি থ'লে।
পৃখিবীত পৰি  টিকনি ছিপিল,
 গল সুধা নাম তাৰ,
পেট কটা বাবে লঠামূৰা “ধ”ৰ
 পেট-কটা অৱতাৰ।
‘সুৰ’ নাম হ'ল সৰ্ব্বত্ৰ বিদিত
 বেচোঁতাৰ নাম“সুৰি”(শুড়ি?);
পাব পাৰি হেনো  এঢোকা খালেই
 এতিয়াও স্বৰ্গপুৰী।
এতিয়াও হেনো সুৰাপায়ী হলে
 মোহিনীয়ে চুমা যাচে;
ৰাগীটি লগাই যতেই বাগৰা
 ততেই স্বৰগ আছে।
পবিত্ৰ সুধাৰ সাধু উপাসকে
 দেখে ধৰা পুণ্যময়;
কুকুৰে যদিও কৰে অপকৰ্ম্ম
 নাথাকে তথাপি ভয়।
কলকলনাদে  ‘গ্লাচত’ ঢালোঁতে
 আহে নামি মন্দাকিনী;

[ ২৫ ]

নিমিষতে হয় পাপ তাপ ক্ষয়,
 হয় ধৰা স্বৰ্গখনি।
এতেকতে সৱে ভক্তি সহকাৰে
 গোৱাঁ,-“জয় সুৰা জয়”;
দূৰ হব দুখ, পাবা স্বৰ্গ-সুখ,
 নাথাকে নৰক ভয়।

চণ্ডাল- কুমাৰী।

( কথা-সৰিৎসাগৰৰ পৰা।)

চণ্ডালৰ ঘৰত জম্মিল কন্যা
 ৰূপত পোহৰ ঘৰ;
ওপজোঁতেই বাপেকৰ চিন্তা
 ক’ত মিলিব বৰ।
বাপেকে বোলে ছোৱালীৰ ৰূপ
 সোণতকৈও চৰে;
নামটো হওক কাঞ্চনমতী
 ৰজাৰ জিয়াৰীৰ দৰে।
বয়সত কন্যাই  ভাবিলে তেওঁ
 সবাতকৈ ৰূপৱতী;
যি হব শ্ৰেষ্ঠ গোটেই বিশ্বত
 তেওঁকে বৰিব পতি।

[ ২৬ ]

ইয়াকে ভাবি  চাৰিও ফালে
 ফুৰিছে মাথোন চাই;–
আটাইতকৈ ডাঙৰ  কোন মানুহ নো
 চকুৰ আগে দি যায়।
দেখিলে এদিন হাতীত উঠি।
 সৈন্য-সামন্ত ল’ই;
গৈছে ৰজা মহাপ্ৰতাপী
 ৰমক-জমক হই।
ভাবিলে কন্যাই—  “এৱেঁই ডাঙ্গৰ
 এওঁকে বৰিম পতি;
ৰং মনেৰে সাজি-পাৰি
 কৰিলে পিচত গতি।
ক্ষন্তেক পিচত  আহিল সন্যাসী
 ভস্ম- ধূলা সানি;
দেখিয়েই ৰজাই  কৰিলে সেৱা
 হাতীৰ পৰা নামি।
ভাবিলে কন্যাই  সন্যাসীজন
 ৰজাতকৈও বৰ;
তেওঁহে হব কাঞ্চনমতীৰ
 মনৰ জোখায় বৰ।
ইয়াকে ভাবি দুগুণ উছাহে
 সন্যাসীৰ পিচত গ’ল;
সন্যাসী গ'ই বাটৰ কাষৰ
 শিৱ-মন্দিৰত ৰ’ল।

[ ২৭ ]

সাষ্টাঙ্গে পৰি  শিৱ-লিঙ্গত
 কৰিলে নমস্কাৰ;
দেখি ভাবিলে  কাঞ্চনমতীয়ে-
 শিৱ তেওঁতকৈ চৰি।
নতুন প্ৰেমৰ নতুন ৰসত
 ওফন্দি উঠিল হিয়া;
মনে মনে কৰিলে ঠিক
 কৰিব শিৱক বিয়া।
এনেতে এটা হৃষ্ট পুষ্ট
 কুকুৰ ওলাল তাত,
যাওঁতে গাটো  ঘঁহাই গ'ল
  শিৱ-লিঙ্গৰ গাত।
ভাবিলে কন্যাই  সামান্য নহয়
 সৰমানন্দন এওঁ।
দেখাতে ডাঙৰ  শিৱতকৈও
 নহয় সমান কেওঁ।
ইয়াকে ভাবি ধৰিলে পিচত
 কাঞ্চনমতীয়ে লৰ;
কুকুৰে গ’ই  কৰিলে প্ৰবেশ
 পাই চণ্ডালৰ ঘৰ।
আধা সিজা  বৰাৰ মঙহৰে
 পেটটো ভৰাই ঠাচি;
আছিল এটা ডেকা চণ্ডাল
 চোতালত ধেনু চাঁচি।

[ ২৮ ]

এনেতে আহি প্ৰভুভক্তই
 প্ৰভুৰ ওচৰ পাই;
ভৰিত পৰি কৰিলে সেৱা
 মিলন-সঙ্গীত গাই।
ভাবিলে তেতিয়া  কাঞ্চনমতীয়ে
 চণ্ডাল হে শ্ৰেষ্ঠ জন;
দুই হাতেৰে সাবটি ধৰি
 অৰ্পিলে চিত্ত-মন।
সমাধা হ'ল চণ্ডাল-চণ্ডলীৰ
 সমাৰোহেৰে বিয়া;
ডেকা-গাভৰু  চাপি আহি
 উৰুলি-জোলোকা দিয়াঁ।

[ ২৯ ]

ধোঁৱা-খোৱালৈ।

(আদৰ্শ প্ৰেমৰ কবিতা)

“অয়ি মুগ্ধে কান্তে কুটীলনয়নে চন্দ্ৰবদনে প্ৰসীদ।”

বিপদ কালৰ সখি, সুখৰ লগৰি,
আনন্দৰ উৎসৱৰ চিৰসহচৰি,
দুথ-শোক ক্ষুধা তৃষ্ণা-সন্তাপহাৰিণি,
আহাঁ ধোঁৱা-খোৱা মোৰ হৃদয়ৰঞ্জিনি।

ত্ৰিগুণ ঈশ্বৰী তুমি ধূমপ্ৰসবিনি,
মিচিকি হাঁহিৰে দেবি, লোৱাঁ মোক কিনি;
মানময়ি, এৰাঁ মান শুনোৱাঁ সুভাষ,
লোৱাঁ কৰি চিৰকাল চৰণৰ দাস।

তোমাৰ অধৰ দেখি বিশ্ব মতলীয়া,
ফুলা ফুল দেখি যথা ভোমোৰা বলিয়া;
আলিঙ্গন-আশে আছে বিশ্ব হাত মেলি,
সকলোকে এৰি মোক ধৰা আকোঁৱালি।

[ ৩০ ]

ধপাতে যোগাব নিতে আহাৰ তোমাৰ,
ধোঁৱাই কৰিব কৃষ্ণ কেশৰ বিস্তাৰ;
সজাম তোমাক মই আপোন হাতেৰে,
বুৰাবা নে হিয়া মোৰ প্ৰেমৰ ৰসেৰে?

চাপি আঁহা সুভাষিণি দিয়া মোক চুমা,
বৰষাঁ সঙ্গীত-মধু প, ধ, নি, সা, গা, মা;
বিশ্ব জুৰি হোক ধ্বনি কোৰ্‌ কোৰ্‌ কোৰ,
নাচোক তালত তাৰ অপেচৰাবোৰ।

থাকাঁ দেৱি, তুমি মোৰে সততে লুকাই;
নেদেখাবা মুখ কাকো ওৰণি গুচাই;
নুফুৰিবা বাটে পথে ক্ষন্তেকো ওলাই,
চুহিব অধৰ লোকে যদি দেখা পায়।

দেখিলে তোক শচী এৰিব ইন্দ্ৰই,
হব হৰমোহনৰ পুৰু অভিনয়;
সুন্দ উপসুন্দ দুয়ো মৰিব ৰণত,
ওলাব কানাই আহি ৰাতি দুপৰত।

কেৰাণীয়ে চাহাবৰ কাণ মলা খাই,
চাপিব তোমাৰ কাষ ফোঁপাই-জোঁপাই;
পণ্ডিতৰ কিল খোৱা বাণীৰ নন্দন
পলাই কৰিব আহি শ্ৰীমুখ-চুম্বন।

[ ৩১ ]

ফুৰা গাৰে পানী খালে জাত যায় যাৰ,
তোমাৰ কাষত তাৰো নৰ’ব বিচাৰ,
ভুলিব তোমাক দেখি মান অপমান,
ধোঁৱা হই উৰি যাব কৰ্ত্তব্যৰ জ্ঞান।

এতেকে হৃদয়েশ্বৰি, নাযাবা আঁতৰি,
মুক্ত কেশপাশে থাকাঁ সততে আৱৰি;
যক ধন, যক মান, থাকাঁ মাথোঁ তুমি,
পাহৰোঁ সংসাৰ তযু চন্দ্ৰমুখ চুমি।

কন্যামেধ!

(১)

নগাওঁ জিলাৰ  জকাইচুকুৰ
 ভদ্ৰ ভাগৱতী;
আগৰ দিনৰ  খিতাপ পোৱা
 ভাল মানুহৰ নাতি।
দোলাই ঘোৰাই  ধনে বস্তুৱে
 ৰমক-জমক ঘৰ ,
টেলেকা চকুৰ  পাক দেখিলে
 মানুহে মাৰে লৰ।
মুখ দেখিলে যেয়ে সেয়ে
 বোলে হনুৰ অংশ;

[ ৩২ ]

নাকটো দেখিলে  আটায়ে বোলে,
 কচাৰি ৰজাৰ বংশ।
মৰাপাট যেন  চুলি-তাৰেৰে
 ঢাকা গোটেইটো মূৰ;
শুকুলা ডাঢ়ি  গোঁফেৰে সৈতে
 মুখ হৈছিল পূৰ।
ঢোল পেট, কুঁজা পিঠি,
 ধেনুভিৰীয়া ঠেং;
খোজ কাঢ়োঁতে  চোৱা যদি
 সাইলাস ভেকুলী বেং।
দাঁতৰ কথাটো  নিজে নিজেই
 গমি পিটিকি চোৱা,
লোকৰ ঘৰত  তামোল নাখায়,
 তাতে প্ৰমাণ লোৱাঁ।
বয়সৰ কথাত  মুখ নবজাই
 ‘চুপে থকাই ভাল;
কিয়নো তাৰ  কথা ওলালেই
 লাগিব খৰিয়াল।–
চকুচৰহা ৰাইজে কয়,
 ষাঠি বছৰ বুলি;
প্ৰমাণ দিয়ে  আঙ্গুলী টোঁৱাই
 দেখুৱাই মূৰৰ চুলি।
ভদোৰ কথা  মানিলে মুঠেই
 দিছে ত্ৰিচত ভৰি;

[ ৩৩ ]

পোকে খালতহে  দাঁত কেইটা
 এৰাই পৰিছে সৰি।
ছমাহ হৈছে  এই ভদোৰে
 পত্নীয়ে স্বৰ্গ পোৱা;
সেইহে হাতত  লাখুটি লই
 হৈছে ছোৱালী চোৱা।

(২)


হাদিৰা চকীৰ  কৃষ্ণ শৰ্ম্মাৰ
 আছিল এটি কন্যা;
দহ বছৰত দিছিল ভৰি
 ৰূপে গুণে ধন্যা।
বিয়াৰ বয়সৰ  চমু চাপিল,
 দৰা পাবলৈ নাই।
কি হব উপায়?  বিয়া নিদিলে যে
  পৈত্ৰিক জাতটো যায়।
ভোকে লঘোনে  দৰা বিচাৰি
 টালি-টোপোলা লই;
সাদিনৰ মূৰত  গছৰ তলত
 ভদোক পালেগই।
ভদোৰ আশাৰ  বৰশী-টোপত
 লাগিল বুঢ়াৰ মন;
ধনী জোঁৱাই  কেওঁ কিছু নাই
 পাম বহুতো ধন।

[ ৩৪ ]

বাৰে ভচহু  কথা চোবাই,
 সম্বন্ধ স্থিৰকই;
উলটিল দুয়ো  শহুৰ জোঁৱাই
 ঘৰমুৱা হই।
ফাগুন মাহৰ ছদিন যোৱাত
 বিয়াখন পতা হল;
কৃষ্ণ শৰ্ম্মাৰ দুইটা ওঠত
 হাঁহি বিৰিঙি ৰ'ল।
বসতি ললে  হৰ-গৌৰীয়ে
 দৰা-কন্যাৰ গাত;
লগতে পৰিল ভদ্ৰকান্তৰ
 হিয়া-কৰিখন শাঁত।
ৰাইজে হলে  দুয়ো পক্ষকে
 পাৰিলে বিষম গালি;-
“বিয়া নহয়,  শহুৰ-জোঁৱায়ে
 ছোৱালীজনী হে খালি।”

(৩)


বিয়াৰ পিচত  এদিন দুদিনকৈ
 এপষ মাথোন গ'ল;
জকাইচুকৰ ভদোৰ ঘৰত
 উঠিল কোলাহল।
লৰি-ঢাপৰি সকলো গঞা
 ভদোৰ চোতাল পাই;

[ ৩৫ ]

দেখেগই আছে ভদ্ৰকান্তই
 দাঁত নিকটাই।
আগদিনা হেনো  দুৱাৰদলিত
 লাখুটি পিছলি পৰি ,
কঁকালটো ভাগি  কেঁকাই আছিল
 এতিয়া আছে মৰি।
বাতৰি পাই কৃষ্ণ শৰ্ম্মাই।
 প্ৰথমে লাগিল থৰ;
তাৰ পিচত ভদোৰ ঘৰলৈ
 দিলে বিজুলী লৰ।
মৰা জোঁৱাইৰ  স্থাৱৰ অস্থাৱৰ
 সম্পত্তিখিনি আনি;
সুখ কৰিলে বুঢ়া বয়সত
 হৈ চহকী মানী।
কৃষ্ণই পালে ধন-সম্পত্তি
 ভদ্ৰই পালে পাৰ;
কন্যাৰ হ'ল  সংসাৰখনি
 যমৰ দক্ষিণ দ্বাৰ।

[ ৩৬ ]

ধনীৰামৰ ধন।

“অজৰামৰৱৎ প্ৰাজ্ঞো ৱিদ্যামৰ্থঞ্চ ছিন্তয়েৎ।”

 ধনীৰ মৰোঁতে বাপেক-মাক,
 গোঁফে খোৱা নাছিল পাক;
সংসাৰ-কঠিয়াতলীত মুঠেই জুৰিছিল কুৰিৰ হাল;
এনেতে পৰিল পৈত্ৰিক আৰ্জ্জনৰ আল ধৰিবৰ পাল।
 পৈত্ৰিক অৰ্থ হেজাৰ কুৰি
 ঘৰৰ ভেঁটি আছিল জুৰি,
লেখি বুজি ধনময় হ’ল ধনীৰ গোটইটো মন,
মিঠা সুৰত ভৰিল শ্ৰৱণ ঝন্ ঝন্ ঝন্ ঝন্।
 একক কেনেকৈ কৰিব দুই,
 ধনীয়ে তাকে ভাবে শুই,
এনেতে বিয়াৰ সাঙ্গোৰেৰে ধনীৰ দ্বিত্ব ঘটিল;
খৰচ বঢ়াৰ গমটো পাই মূৰৰ মগজু লৰিল।
 নোৱৰা হল লোণ-তেল খাব,
 মাছ-মাংসলৈ নোৱাৰে চাব,
শুদাই পালে হে কোনোমতে দুগ ৰাহমান যায়;
ভকত মানুহ পৰ্ব্বৰ দিনত খোৱাৰে সহজ নাই।
 গৰম বুলি নিপিন্ধে চোলা,
 নোৱাৰে লব গাৰুত তূলা,
মাটিত শুলেহে ধনীৰ চকুত ৰাতি টোপনি আহে।
ধানখেৰ এবোজা জাপি ললেই জাৰ কাষলৈ নাহে।

[ ৩৭ ]

 ঘৈণীৰ মাথোন এখনি বস্ত্ৰ
 বেছি কৰিলেই হব নষ্ট,
কিয়নো এখন বস্তুহে হেনো সতীয়ে পিন্ধিব পায়;
অলঙ্কাৰ-পাতি পিন্ধা তিৰুতাত সমূলি সঁজাত নাই।
 এনেকৈ গ’লত এটা বছৰ,
 ধনীৰ চিন্তনি বাঢ়িল বৰ,
কিয়নো পুত্ৰ নামেৰে এটি আকৌ বাঢ়িল লগ;
বিয়া কৰায়েই ডেকা ধনীয়ে খালে বিষম ঠগ।
 ভাবোঁতে ভাবোঁতে ৰাতিটো গ’ল,
 পেটৰ ভোকো নোহোৱা হ’ল,
দিনত খালে গধূলিলৈ একোকে নোৱাৰে খাব;
ভাবিলে ধনীয়ে :—আজিপৰা এসাজেই এদিন যাব।”
 গলত এনেকৈ কিছুমান দিন,
 ধনীৰ ভোকো হলহি ক্ষীণ,
সাদিনৰ মূৰত শুদা ভাতৰ এসাজ খোৱা হ’ল;
ছদিনৰ খৰচ চাৰি অনা জমাৰ ঘৰত ৰ’ল।
 এদিন ধনীয়ে পাটীত পৰি,
 ভাবিলে বহুত সময় ধৰি,—
“ইমান খৰচ কৰিব লাগিলে তেনেই উদং হ’ব;
তাতে ইমান অধিক ভোজন পেটে কেনেকৈ সব।”
 পাগুলি পাগুলি অৰ্থনীতি,
 কৰিলে ঠিক সোণালী ৰীতি,—
সাদিন গুচাই পষৰ মূৰত কৰিব খোৱাৰ কাল;
তাৰ পিচত একবেলিয়েই উপবাসেই ভাল।

[ ৩৮ ]

 ইয়াকে ভাবি কৰিলে তাকে,
 কিন্তু নাখাই কেনেকৈ থাকে?
চৈধ্য দিনত মাক-পুতেক থাকিল দুয়োটা মৰি;
ধনীয়ে বেলে—“এদিনতে শতুৰু শালিলা হৰি।
 থকা হলে আজিটো দিন,
 নৰলহেতেন ভো্কৰ চিন,
পষব পাচত লঘোন দিয়েই পাৰিলেহেতেন ৰ’ব;
কেনেকৈ জানিম এদিনতে যে এনেকুৱাটো হ’ব!
 ধনীৰ ফালেও পৰিল টান,
 হেৰাল শ্ৰুতি বুদ্ধি-জ্ঞান,
তথাপি তেওঁ অপেক্ষা কৰিলে চাবলৈ পৰীক্ষাৰ ফল;
পেটৰ ভোকত তললৈ পেটকৈ দীঘল দি পৰি ৰ’ল।
 ৰাতিয়েই ধনীৰ উঠিল জ্বৰ,
 বাগৰি ফুৰিলে গোটেইটো ঘৰ,
গঞা এজনে দেখিলে পুৱা ভিতৰ প্ৰবেশ কৰি,
ধনবোৰ বুকত বান্ধি লই ধনীৰাম আছে মৰি।
 ইফালে সিফালে চকু ফুৰাই,
 গঞাই ধনবোৰ নিলে ভৰাই,
মহা ফস্তিৰে গোটেই জীৱন সেই ধনেৰেই খালে;
ৰাইজে মাথোন ধনীৰামৰ ভেলটো ঘৰত পালে।

[ ৩৯ ]

মেধি তীৰ্থলৈ যায়।

(১)

 কলিয়াবৰত মেধিৰ ঘৰ,
 নাম গোৱাত সুখ্যাতি বৰ,
কানীয়া-মেলত  সবাৰো মাজত
 মান ভাগটি পায়;
পুণ্য কৰিবৰ মনেৰে আজি
 মেধি তীৰ্থলৈ যায়।

(২)

 লেখি-বুজি মোনাত ভৰি,
ললে টকা আঢ়ৈ কুৰি,
ললে ভৰাই  কানিৰ টেমাটো,
 ওলাল মঙ্গল চাই;
গোটেই গাৱঁতে  উঠিল ঢৌ;—
 মেধি তীৰ্থলৈ যায়।

(৩)

 ঘাটত মেধিয়ে উঠিল কৈ,
 কি নো জাহাজ, কি নো চৈ,
কেইখন ব’ঠাৰে  মাৰে ইয়াক,
 কিমান বেগেৰে যায়!
ভাবি-চিন্তি লাহে-লাহে
 মেধি তীৰ্থলৈ যায়।

[ ৪০ ]

(৪)

 ইফালে সিফালে চকু ফুৰাই,
 দলঙত উঠি মেধি যায়,
গোটেই বাটত মানুহ ভৰা
 সন্ধি পাবলৈ নাই।
ইহঁতে বাৰু  জানিব নাপায় নে
 মেধি তীৰ্থলৈ যায়?

(৫)

 দেখিলে মেধিয়ে জাহাজ পাই,—
 ‘টিকট’ ঘৰত উঠিছে হাই;
নোছোৱাকৈ  ‘টিকট’ কিনাৰ
 উপায়েই দেখোন নাই;
ধুতি গাৰে  কেনেকৈ এতিয়া
 মেধি তীৰ্থলৈ যায়!

(৬)

 মানুহ যেতিয়া পৰিল কম,
 লৈ ‘ক্লাৰ্কৰ’ ‘মেজাজৰ’ গম,
ক’লে—“বাবু,  তীৰ্থলৈ টিকট
 কিমান দিলে পায়?”
বাবুৱে মাথোন  বুজিব পাৰিলে
 মেধি তীৰ্থলৈ যায়।

[ ৪১ ]

(৭)

 কৰিলে প্ৰশ্ন—“যাবি কলৈ?
 মেধিয়ে কলে—“তীৰ্থ যলৈ,”
শুনি বাবুৱে  দিলে ধমক—
 “তেনে ‘টিকট’ নাই”
কি হব উপায়?  কেনেকৈ এতিয়া
 মেধি তীৰ্থলৈ যায়?

(৮)

 মেধিয়ে বোলে—“টকাকে খোৱাঁ,
 শুনি বাবুৱে বোলে— ‘লোৱাঁ,
গোৱালন্দলৈ  দিলে টিকট
 দুকুৰি টকা পায়;
কলৈ যাব  নজনাকৈয়ে
 মেধি তীৰ্থলৈ যায়।

(৯)

 জাহাজত মেধিয়ে ললে উঠি,
 মেলিলে জাহাজে ঘোৰাৰ চুটি,
পাৰৰ গছবোৰ  উভতি লৰিলে,
 এনে অদ্‌ভুত নাই;
লণ্ডণডালত খামুচি ধৰি
 মেধি তীৰ্থলৈ যায়।

[ ৪২ ]

(১০)

 দুখনমান তামোল খোৱাৰ বেলি,
 গৈছিল জাহাজ ঢৌবোৰ ঠেলি,
এনেতে বালিত  সোমাই পৰিল,
 অলপো লৰচৰ নাই;
সৰ্ব্বনাশ হল!  এতিয়া কেনেকৈ
 মেধি তীৰ্থলৈ যায়?

(১১)

 তিন দিন জাহাজ তাতে ৰ’ল,
 মেধি উঠিব নোৱৰা হ’ল;
বঙালে-কঙালে  আছে ভৰি
 মেধিয়ে কেনেকৈ খায়?
কলপকলপকৈ  শুধ শৰীৰে
 মেধি তীবলৈ যায়।

(১২)

 জাহাজত এজন আছিল ডেকা
 ভাবিলে মেধিয়ে পাইছে সেঁকা;
কিনো ছলেৰে  একঠা ধৰাই
 জীৱটো ৰখা যায়;
শুকাই মৰিলে  তেতিয়া ক’ৰ
 মেধি তীথ লৈ যায়?

[ ৪৩ ]

(১৩)

 ইয়াকে ভাবি মুখলৈ চাই,
 ক’লে—“হেৰা মেধি-কাই,
ভালকৈ মই ভাত ৰন্ধাইছোঁ,
 লোৱা এমুঠি খাই;
তেনেকৈয়ে হে আগে পিচে
 মেধি তীৰ্থলৈ যায়।”

( ১৪ )

 মনটো থকা দেখি মেধিৰ,
 “বটলাৰেৰে” কৰি ফিকিৰ,
থোৱালে ডেকাই  কোঠাত ভাত,
 আৰু কোনোৱেই নাই;
তাকে খাই লৈ নতুন বলেৰে
 মেধি তীৰ্থ লৈ যায়।

(১৫)

 ক্ষন্তেক পিচত ‘বট্‌লাৰ’ আহি,
 খুজিলে ধন হাঁহি হাঁহি;
দেখিয়েই মেধিৰ কঁপনি উঠিল
 এইটো কলৈ যায়?
নাজানেনে ই ‘পুইণ’ কৰিবলৈ
 মেধি তীৰ্থ লৈ যায়?

[ ৪৪ ]

(১৬)

 মেধিয়ে বলে—“এইটো কোন?”
 ডেকাই বোলে– ’ৰান্ধনি বামুণ’;
মেধিয়ে বোলে— “বামুণ যদি
 পোন্ধ নো কিয় নাই?”
ডেকাই বোলে-  “এনে বাপুৰেই
 মেধি তীৰ্থ লৈ যায়।”

(১৭)

 “মেখেলা পিন্ধা”—মেধিয়ে কয়,
 “মছলমান এইটো বুজিছোঁ মই;
ইয়াৰ হাতেৰে ভাত খুৱাই
 দেহাটো কৰিলা ছাই;
আৰু নো কিহৰ আশা কৰি
 মেধি তীৰ্থলৈ যায়?”

( ১৮ )

 বিনাই বিনাই পইচা দিলে;
 ভাতেই মেধিৰ জাতটো নিলে;
নিজকে দূষি মূৰটো দোঁৱাই
 চিন্তাত অৱশ কায়;
পাব নে নাপায় জাতটো ভাবি,
 মেধি তীৰ্থ লৈ যায়।

[ ৪৫ ]

(১৯)

 ডেকাই এনেতে লগালে মাত,—
 “ভাতত সোমাই নাথাকে জাত,
জগন্নাথতে পাবা প্ৰমাণ
 তৰ্কৰ সকাম নাই;
তাকে শিকিবলৈ  তোমাৰ দৰে
 মেধি তীৰ্থলৈ যায়।”

(২০)

 “ৰাখিছা প্ৰাণ খাই ভাত,
 তাত যাব নোৱাৰে জাত,
ভালৰ অৰ্থে  কৰা কামৰ
 কোনো পৰাচিত নাই”;
শুনি গুণি বেজাৰ মনেৰে
 মেধি তীৰ্থলৈ যায়।

(২১)

 তিন দিনৰ মূৰত জাহাজ গ’ল
 পিচৰ ঘাটতে মেধি ৰ’ল;
পৰাচিত হবলৈ  উজাই আহিল
 কেৰেয়া নাও পাই;
শুনিলে মাজিয়ে—  নাৱেৰে কিয়
 মেধি তীৰ্থলৈ যায়।

[ ৪৬ ]

(২২)

 দেখোঁতে মেধিয়ে ঘাটৰ থল
 কেৰেয়া নাও তললৈ গল;
মাজিয়ে উঠি সকলো ক’লে
 মিতিৰ-কুটুম পাই;
বাতৰি দিলে -  “পানীৰ তলেদি
 মেধি তীৰ্থ লৈ যায়।”

(২৩)

 শুনি আটায়ে কান্দি-কাটি,
 পালেহি বহল নদীৰ দাঁতি;
কিছুমান বেলি  ইফাল-সিফালকৈ
 বিচাৰি-খোচাৰি চাই,
দেখিলে জড় দেহাটি ল’ই
 মেধি তীৰ্থ লৈ যায়।

( ২৪ )

 কি দৰে সৎকাৰ কৰিব শৰ,
 দাহ কৰিব নে দিব কবৰ,
পণ্ডিতে বোলে—  “এয়েই ভাল,
 তোলাৰ সকাম নাই;
প্ৰভুৰ ইচ্ছাত  মৰিও কি জানি
 মেধি তীৰ্থ লৈ যায়।”

[ ৪৭ ]

(২৫)

 আটায়ে বুলিলে “হয় হয়,
 জানোচা ইদৰেই মুক্তি হয়,
পানীয়ে পানীয়ে   ইদৰে গৈয়েই
 কি জানি তীৰ্থ পায়;”
বোলা ৰাম ৰাম,  আল্লা আল্লা,
 মেধি তীৰ্থ লৈ যায়।

 

বুঢ়াৰ উপদেশ।

“বৃদ্ধস্য বচনং গ্ৰাহ্যমাপৎকালে হ্যুপস্থিতে।”

ঘোষা।-বুঢ়া হোৱা ভাই,  একে চোঁচাই
 কেচুৱা কালটো এৰি;
কিয়নো মাজৰ  ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

( ১ )

স্কুল-কলেজত পঢ়িব লাগে
 ডেকা হবলই গ’লে;
পণ্ডিতৰ চেকনী  পিঠিত ছিগে;
 পঢ়িব নোৱাৰিলে।

[ ৪৮ ]

দুপৰ নিশা টোপনি এৰি
 পুৰিব লাগে তেল;
সিমানতো দুষ্ট পৰীক্ষকবোৰে
 কৰে পৰীক্ষাত “ফে’ল।”
(আকৌ) চুচৰি বাগৰি, বহু প্ৰবন্ধে
 হলেও পৰীক্ষা ‘পাচ’;
খাটিব লাগিব কামৰ বাবে
 ধৰি ডাঙৰৰ পাচ।
কাণত সোমালে,  “ওপৰৱালাৰ”
 সুমিষ্ট সম্ভাষণ;
দিনৌ দিনৌ গ্ৰহণ কৰি হে
 ঘটিব পাৰি ধন।
এতেকে বুঢ়া হোৱাঁ ভাই,  একে চোঁচাই
 কেচুৱা কালটো এৰি;
কিয়নো মাজৰ ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

(২)

আছে আৰু শুনা  ডেকা কালটোত
 ইয়াতকৈ বিপদ বৰ,
পোনেই ধৰা  ছোৱালী আনি
 কৰিব লাগিব ঘৰ।
জয়জয়তে নতুন ঘৈণীৰ
 ওৰণি-তলৰ হাঁহি;

[ ৪৯ ]

লাগিব মনত ফুলনি বাৰীৰ
 যেন গোলাপৰ পাহি।।
দুদিন পিচত  মুখ ওফোন্দাই
 কৰিব ঘনাই মান;
“দেহি পদ—  পল্লৱমুদাৰম্‌”
 কৰিহে পাবা ত্ৰাণ।
তুষ্ট কৰিবলৈ  গহনা দিওঁতে
 লাগিব কেঞাৰ ধাৰ;
হব শেহত  পহিলা তাৰিখটো
 যমৰ দক্ষিণ দ্বাৰ।
এডেকে বুঢ়া হোৱাঁ ভাই,  একে চোঁচাই
 কেচুৱা কালটো এৰি;
কিয়নো মাজৰ  ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

(৩)

নপৰে অন্ত ইমান খিনিতে
 ভালকৈ লেখি যোৱাঁ।
পাৰানে নে নোৱাৰা  ঠেলা সহিব
 গমি-পিটিকি চোৱাঁ।
বিয়া কৰালেই  সন্তান হব,
 ইটোৰ পিচত সিটো;
বঢ়াই নিদিলে ধাৰৰ জোখ
 তেতিয়া কৰিবা কিটো?

[ ৫০ ]

ডাঙৰ হলেই  পঢ়াব লাগিব
 পইচা-কড়ি ভাঙি;
ছোৱালী হ’লে  উলিয়াই দিওঁতেই
 লাগিব ধনৰ সাঙী।
সৰ্ব্বস্বান্ত হৈ,  লাগিব শেহত
 বানপ্ৰস্থী হ’ব;
তেতিয়াও হায়,  ডেকালিৰ চিন
 সাঁচ বান্ধি ৰ’ব।
এতেকে বুঢ়া হোৱাঁ ভাই,  একে চোঁচাই
 কেচুৱা কালটো এৰি;
কিয়নো মাজৰ  ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

(৪)

শুনাচোন কওঁ  আৰু অলপমান
 ডেকা কালটোৰ কথা :-
ইয়াৰ ঠেলাত  মানুহ হয় ঠিক
 দীঘলডঢ়ীয়া পঠা।
ভাল-বেয়াৰ  নাথাকে বিচাৰ
 মনৰ নাথাকে থিৰ;
নামানে কাৰো হাক-বচন
 ভাবে নিজকে বীৰ।
তেজৰ বলত সংসাৰ বনত
 অনাই বনাই ফুৰে;

[ ৫১ ]

শিয়াল বাঘ ছয় ৰিপুৱে
 নেলী চেপা দি ধৰে।
তিতি বুৰি ভুল বুজোঁতেইে
 ওচৰ চাপেহি কাল;
তেতিয়া আৰু  উজাই যাবৰ
 নাথাকে উপায় ভাল।
এতেকে বুঢ়া হোৱাঁ ভাই,  একে চোঁচাই
 কেচুৱা কালটো এৰি ,
কিয়নো মাজৰ  ডেকা কালটো
 সকলো কষ্টৰ গুৰি।

 

আমাতকৈ বুধিয়ক নাই।

(গীত)

ঘোষা।- আমাতকৈ বুধিয়ক নাই।
 বুধিৰ বলত  পৰৰ মূৰত
 আছোঁ একঠা খাই।
পদ। আগেয়ে সকলো  আছিল ভোদা,
 দিব প্ৰমাণ যাকে সোধা,
 মৰিছিল ভাবি  লোকৰ বাবে
 মূৰ ঘুৰোৱাই।

[ ৫২ ]

(আৰু) কৰিছিল নানান্ আবিষ্কাৰ,
 লোকে ভুঞ্জিছিল সাৰ তাৰ,
যদিও নিজে  পেটৰ ভোকত
 আছিল কলমলাই।
এই চোৱাঁ,—গণিত-বিজ্ঞান,
ভাৰতে উলিয়াই দিলে প্ৰাণ,
মজা কৰিলে  ইউৰোপে
 বিনা খৰচে পাই।
 আৰু কত যুঁজ-বাগৰ,
 কৰি কৰি লাগিল ভাগৰ,
লোকে দেখি  হৰিষ পালে
নিলগৰ পৰা চাই।
আজি কিন্তু সিকথা নেচেল,
আমাৰ ওচৰত সকলো “ফে’ইল”
আজি আমি  কাম কৰাওঁ
 পৰৰ হতুৱাই।
এৰিলোঁ আমাৰ ৰাজ্য-দেশ
কৰিলোঁ ভাবনা-চিন্তাৰ শেষ;
ৰাজ-নীতিৰ  লগত আমাৰ
 কোনো সম্বন্ধ নাই।
বিজ্ঞান দৰ্শন পিহিছে লোকে,
দিনে ৰাতিয়ে লঘোনে ভোকে,
ঘৈণীৰ লগত  চুপতি কৰিয়েই
 আমাৰ সময় যায়।

[ ৫৩ ]

 জাহাজ ৰেল লোকৰ সজা,
 আমি উঠি কৰিছোঁ মজা,
বিজুলী ডাকত  আমাৰ বাতৰি
 অলপ বেচতে যায়।
আনে লিখা কিতাপ পঢ়ি,
ডাঙৰ পৰীক্ষা 'পাচ’ কৰি,
আমাৰ মানুহ শই শই।
 দৰমহা আছে খাই।
আকৌ যেতিয়া লাগে যুঁজ,
আমি তাৰ নলওঁ বুজ,
আমাৰ নিমিত্তে  আনৰ মাথোন
 চিন্তাত ত ণি নাই।
যেতিয়া যুঁজলৈ যায় ফৌজ,
আমি কৰোঁ ঘৰত মৌজ,
জুহাল দাঁতিত  ৰং মনেৰে
 টিকিৰাৰ জুতি চাই।
লোকে মৰে কাটিমাৰি,
আমি বিচাৰোঁ পাটী ঢাৰি,
মহা ফস্তিৰে থাকোঁ শুই,
 দুবেলা দুসাজ খাই।
অতি ভোদা যুঁজাৰুবোৰ,
পৰৰ বিপদৰ কৰে ওৰ,
নিজৰ কিন্তু  বিনা লাভেই
 পৈত্ৰিক প্ৰাণটি যায়।

[ ৫৪ ]

 সেই হে আমি লৈছোঁ মত,
 থাকিম সদাই পৰৰ আঁৰত,
থাকিব তেও  প্ৰাণটো বীচি
 লোক লাথি খাই।
 স্বৰ্গলৈ বা নৰ্কলৈ
 যাওক মৰা যায় যলৈ;
কড়াকড়ি  আমাৰ ভাগত।
 আৰু কোনে পায়?
 জগতত বাৰু কোনে আজি
 ক'ব পাৰে বুকু ডাঠি,
আমাৰ দৰে  শিয়ান মানুহ
 বিচাৰিলে পায়?
অন্ততঃ ) মৰিলে কাৰো নাথাকে প্ৰাণ,
এই ফেৰা আমাৰ আছে জ্ঞান;
সকলো এৰি  প্ৰাণটো ৰখাই
 আমাৰ মন্ত্ৰ ঘাই।
সেইহে আমি নোখোজোঁ আন,
চৰ-ঢাকালৈ নকৰোঁ কাণ,
জীয়াই থাকিলে  বোপাইৰ নাম,
 মান যদিও যায়।
ঘোষা।- আমাতকৈ বুধিয়ক নাই।
বুধিৰ বলত  পৰৰ মূৰত
 আছোঁ একঠা খাই।

[ ৫৫ ]

পূৰ্ণচন্দ্ৰ৷

সদৰ আমীন সৰ্বানন্দক
 সকলো ৰাইজে জানে;
আন নহলেও  ঘৰৰ ঘৈণীয়ে
 দেৱতাৰ দৰে মানে।
ত্ৰিচ বছৰত ভৰি দিওঁতে
  জন্মিল এটি পুত্ৰ;
পুৱাই বাপুৱে  পাঁজি মেলি
 চালেহি গতি-গোত্ৰ।
নামটো থ’লে পূৰ্ণচন্দ্ৰ
  সোঁৱৰণী এখন কৰি;
দিনে দিনে  হলহি বাঢ়ি
 ফুৰিব পৰা লৰি।।
সৰুতে ঘৰত পঢ়িছিলে
 ফলি-পুথি লই;
অ-আ, ক-খ-  মাতিব পাৰিছিল
 ক’তো নোৰোৱাক’ই।
স্কুলত দিলতো  প্ৰথম ছোৱাত
 আছিল লৰাটো ভাল;
মাক-বাপেকৰ  সহায় পাই হে
  পিচত হলহি কাল।।
দুই, তিনি,  চাৰি বছৰকৈ
 একে শ্ৰেণীতে পঢ়ি;

[ ৫৬ ]

চতুৰ্থ শ্ৰেণী  পাওঁতে পূৰ্ণই
 ষোলত দিলে ভৰি।
সৰুৰে পৰা মাকৰ সাদৰ,
 হাতনি পেৰাৰ ধনে;
উচটাইছিল পূৰ্ণচন্দ্ৰক
 সকলো কাৰ্য্যৰ পোনে।
তথাপি তেওঁৰ  ষোল বছৰলৈ
 ভালে কুশলেই গ'ল;
চতুৰ্থ শ্ৰেণী  পোৱাৰ পিচতহে
 গোটেই সলনি হ'ল।
(এতিয়া) কপালৰ আগৰ  দীঘল চুলিত
 “জবাকুসুম” ঢালি;
নালাগে সুখ  লবলৈ নাপালে
  দীঘল সেওঁতা ফালি।
নুশুৱায় ডিঙি  কলাৰ নহলে
 চচমা নহলে চকু;
টেমি যেন ঘৰি  আঁৰি নললে,
 শুৱাই নধৰে বুকু।
উৰ্ম্মালত “এচেন্স,”  মুখত চেলেউ,
 ভৰিত বিলাতী “বুট,”
নেদেখে ষাৰে  পূৰ্ণৰ মানত
 সেয়ে জঙ্ঘলী ভূত।
এতিয়া পূৰ্ণই  সুযোগ বুজি
 লই লগৰীয়া লৰা;

[ ৫৭ ]

ফুৰিবলৈ ল’লে  দুপৰ ৰাতি,
 পলাই ঘৰৰ পৰা।
বাৰ্ষিক পৰীক্ষাৰ  উত্তৰ কাকতত
 বৃত্তৰ পৰিধি আঁকি;
পূৰ্ণক থলে পৰীক্ষকে
 একেটা শ্ৰেণীতে ৰাখি।
পৰীক্ষকৰ কাৰ্য্য  অন্যায় বুলি
 উঠিল পূৰ্ণৰ খং;
সেই দিনাৰ পৰা  অন্ত পৰিল
 স্কুলৰ লগত সং।
ছমাহৰ মূৰত  বাপেক মৰিল,
 মাউৰ বেমাৰত পৰি;
ঘৰৰ গৰাকী হৈ পূৰ্ণই
 মাটিত নথলে ভৰি।
মদ-মাংসৰ বজাৰ চলিল,
 পৈত্ৰিক চ’ৰা ঘৰত;
চুবুৰীয়াৰ কাণ  তান গাগিল,
 ‘হাৰ্ম্মোনিয়ামৰ" ৰোলত।
বাইজীহঁতৰ  আমদানি হ’ল
 ভাটী মলুকৰ পৰা;
নাচ-গানৰ  ভাব-ভঙ্গীৰে
 পূৰ্ণৰ হিয়া ভৰা।
পৈত্ৰিক অৰ্থ অন্ত কৰিলে,
 নানা অত্যাচাৰ কৰি;

[ ৫৮ ]

শেহত পূৰ্ণৰ  অৱস্থা দেখিলে,
 আটায়ে বোলে হৰি।
সম্পদৰ বন্ধু  যিমান আছিল,
 সকলো আঁতৰি গল;
খোৱাৰ দুখত,  মনৰ শোকত,
 মাকৰো মৃত্যু হ’ল।
উপায় নাপাই  “মহাবিদ্যাটি”
 কিঞ্চিৎ আয়ত্তকই;
কিছুমান দিন  তৰিলে পূৰ্ণ,
 নিশাচৰটি হই।
তাতে কিন্তু  ভাগ্যৰ দোষত,
 ঘটিল বিপদ বৰ;
এমাহ পিচত বগা ঘৰত
 হলগৈ পূৰ্ণৰ ঘৰ।
অনুতাপৰ  বহ্নিত এতিয়া
 চেঁচা-পোৰা হই;
তাতে এদিন  মৰিল পূৰ্ণ,
 আপোনঘাতী হই।
গুৰিতে শাসনৰ  অভাব হলে
 কেনে পৰিণাম হয়;
পটন্তৰটো  জলি থাকিল,
 ভবিষ্যতলৈ।

[ ৫৯ ]

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ১ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সত্য।
( আমাৰ) বোপাককাহঁত আছিল হোজা,
 কুসংস্কাৰৰ বান্ধি বোজ,
 আছিল সকলো  বন্য পশু
 বৰ্ব্বৰ, অসভ্য।
মাথোন আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ২ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
(আমাৰ) ফুৰণ-চাকন, পিন্ধন-উৰণ,
 গমন-ভোজন, ধৰণ-কৰণ,
 লিখা-পঢ়া,  কন্দা হঁহা,
 সকলোটি নব্য।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ৩ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
( আমি ) “এটিকেট” শিকিছোঁ ইংৰাজী পঢ়ি,

[ ৬০ ]

 “পেণ্টত” ধৰিছোঁ চুৰিয়া এৰি,
 পাগুৰি পেলাই পিন্ধিছোঁ ‘হেট’,
 ‘কলাৰ’ লগাই, তুলিছোঁ ফেঁট,
ডাঢ়ি-গোঁফ খুৰাই  ’পাউডাৰ' লগাই
 ভাবিছোঁ নিজক ভব্য।
সেইহে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ৪ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
 কোমল চাউল, চিৰা-পিঠা,
 আমাৰ মুখত লাগে তিতা;
 “ফাউল”, “বীফ”, কুকুৰা-কণী,
 মদৰ বটল, বিলাতী পানী,
 নহলে এতিয়া  নহয় আমাৰ
 পূৰ্ণ খাদ্য-দ্ৰব্য।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ৫ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
আমি ‘লভ’ কৰোঁ বিলাতী মতে,
গা ঘেলাওঁ পত্নীৰে সতে;
( নিজৰ নহলে ৷ পৰৰ স্ত্ৰীৰে বন্ধুতা কৰি,
বাটত ফুৰে হাতত ধৰি;
( কিয়নো ) ভালৰ মানত সকলো ভাল
 যেন দুগ্ধ গব্য।
তাতে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সত্য।

[ ৬১ ]

( ৬ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
( আমি পাহৰি আহিছোঁ ঘৰুৱা মাত,
 নাখাওঁ চামুচ নহলে ভাত,
 এৰিছোঁ সকলো  আগৰদিনীয়া
 চুষ্য-পেয়-চৰ্ব্ব্য।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ৭ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
 বাহিৰ আমাৰ সদাই নিকা,
 ভিতৰৰ পায় কোনে নো টিকা?
 নিজৰ দোষলৈ সততে অন্ধ,
 পৰদোষ কৰোঁ দেখিলে শুদ্ধ,
নিজৰ স্বাৰ্থত  হোৱা বিতত
 ভাবি অকৰ্ত্তব্য।
কিয়নে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ৮ )

 যি নচলে আমাৰ পথত,
 অজ্ঞান অসভ্য, বৰ্ব্বৰ সিহঁত,
দেখিলে নাসিকা  কুঞ্চিত কৰি,
 ভাবোঁ গলিত ক্ৰব্য।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

[ ৬২ ]

( ৯ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
( আমি ) জাতীয় ভাষাৰ সাহিত্য-চৰ্চ্চা,
এৰিলোঁ জাতিৰ দেশৰ অৰ্চ্চা;
 মামৰে ধৰা  ৰীতি এৰি
 কৰিম সকলো নব্য।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সত্য।

( ১০ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
 নালাগে আমাৰ লেতেৰা দেশ,
 লেতেৰা মানুহ, জলধা বেশ;
 পুৰণি বুৰঞ্জী কৰিম ধ্বংস,
 বঢ়াম নতুন সুসভ্য বংশ;
কৰিম লুপ্ত  পুৰণি কীৰ্ত্তি,
 বৰ্ব্বৰোচিত সৰ্ব্ব।
কিয়নো আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

( ১১ )

আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।
 লৈছোঁ আমি নতুন দীক্ষা,
 পাইছোঁ নিতে নতুন শিক্ষা,
 আমাতে পাতনি উন্নত জাতি,
 বান্ধিম তাৰেই জাতীয় ভেঁটি,

[ ৬৩ ]

প্ৰাচীন জাতিৰ  ভাটী দিব বেলি
 গৰ্ব্ব হব খৰ্ব্ব।
 ভোটা তৰা দৰে  জিলিকি পৰিম,
ৰাজতে আমি হিন্দুস্থানৰ প্ৰথম শ্ৰেণীৰ সভ্য।

বিহুৰ সম্ভাষণ।

চ'তৰ শেহত ৰঙালি বিহু
 চাপিল হাঁহি নাচি;
লৰা-বুঢ়া ডেকা চাপিল
 কাহি হাঁহি-হাচি।
নতুন সাজৰ  ‘বাহাৰত’ হ'ল
 জলক-তবক চকু;
বিহুৰ ৰসত ওফন্দি উঠিল
 আবেগ ভৰোৱা বুকু।
মাকৰ ঘৰলৈ জিয়াৰী আহিল
 শহুৰৰ ঘৰলৈ জোঁৱাই।
ওলগ ললে,  পেট ভৰালে,
 সান্দহ-পিঠা চোবাই।
কোনোৱে কাকো  ললে কোলাত,
 কোনোৱে খালে চুমা;

[ ৬৪ ]

কোনোৱে গালত  বুলালে হাত
 প্ৰেমৰ ৰসত পমা।
কাৰোবা প্ৰথম  দেখাদেখিতেই
 ব’লে চকুৰ পানী;
কাৰোবা মুখ  পৰিল ৰঙা,
 গাটো উঠিল ঘামি।।
ন বোৱাৰীয়ে  বিহু খাবলৈ
 মিতিৰ আহিছে শুনি;
ভিতৰৰ পৰা  চিনি ললে,
 বাৰৰ জলঙাই জুমি।
ইজন-সিজনৰ  খাৱন-লৱন
 দিয়ন-থোৱন হ’ল;
গা উঠাই গীত গাই
 পাক দিবলৈ গ’ল।
“দহ-পঁচি” “চাক্কা-পাঞ্জা”
 চিঞৰত গগন ফাঁটিল।
ঢোল-টকা  পেঁপা-কালিৰে।
 নতুন বছৰ আহিল।
নতুন প্ৰেমিকে  লেখিলে চিঠি
 সোণালী চিয়াহী লই;
প্ৰেমৰ উপহাৰ  কিমান চলিল
 কোনো অঁতাব ক’ই?
বিহুৰ বতাহত  আমাৰ গাতো
 লাগিছিল নতুন ঢ’উ;

[ ৬৫ ]

পাইছিলোঁ খেল,  কথা-বাৰ্ত্তা
 সকলোবোৰতে মউ।
এজন শিক্ষিত  ডেকা বন্ধুৱে
 মাতিছিল খুৱাম বুলি;
আবেলি পৰত  অকলে অকলে
 গলোঁ তালৈকে বুলি।
প্ৰথমে গ’ল হাত-জোকৰা
 অভ্যৰ্থনাৰ পাল;
তাৰ পিচত হে  ধৰিলোঁ গম
 কথাটো নহ'ল ভাল।
কিয়নো খাবলৈ  ভিতৰ সোমাই
 কাণ্ড দেখিলোঁ মহৎ;
আছে খাদ্য  নিশ্চিন্তে শুই
 কঁপাই টেবিল ভৰত।
খৰিকাত দিয়া  কুকুৰা-মঙ্গহ
 থৈছিল থালত সজাই;
আছিল ফটিকা  বটল চেৰেক
 ভক্তলৈ বাট চাই।
আৰু কত  বিলাতী আহাৰ
 নুশুনা নজনা নাম,
চামুচ কাটাও  দেখিলো তাতে
 যদিও নাজানো কাম।
সুধিলোঁ বন্ধুক-  “ইকি কাণ্ড!
 ইনো বিহু কেনে?”

[ ৬৬ ]

উত্তৰ পালোঁ- “সভ্য-সমাজত
 হোৱা উচিত যেনে।
কিয়নো যদি ভদ্ৰলোকে
 সান্দহ-পিঠা খায়,
পিচ দিনা যে  ডাক্তৰৰ 'ভিজিট'
 মিছামিছিকৈ যায়।
আলু-কচু  “বাই-জ’ভ”
 “বাইন্ড বীষ্টৰ” খাদ্য;
তামোল খোৱা  কুন্ধচ ৰীতি
 আটাইবোৰৰে আদ্য।
যি নুবুজে  এনে দিনত
 মদমাংসৰ মোল,
মানুহৰ শাৰীত নহয় গণ্য
 সিয়েই “গ্ৰেটেষ্ট ফুল।”
কথাটো শুনি ভূমি ছুই
 কৰ্ণত দিলোঁ হাত;
বিদায় ললোঁ বন্ধুৰ পৰা
 নলগোৱাকৈ মাত।
কৰিলোঁ ঠিক-  নহয় কোনো
 বন্ধুৰ ঘৰলৈ যোৱা,
আছা যদিহে  কোনোবা ৰই
 ইয়াতে তুষ্ট হোৱা।

[ ৬৭ ]

চাহ ৰহস্যম্।

( আদৰ্শেনামিতাক্ষৰছন্দসা লিখিতং মহাকাব্যম্।

প্ৰথমঃ সৰ্গঃ।

ৰসিৰু ৰঙাই কাই ফেহুজালি শুনি
চমকি দুচকু মেলি, খেপিয়াই চাই,
নাপাই পাটীত গম উষা গাভৰুৰ,
কোনোবাই নিলে বুলি যেতিয়া লণ্ঠন
লই বিচাৰি ওলায়, তেতিয়া মনুৰ
যত কলা-অৱতাৰ, এৰি সুকোমল
পাটী লয় যাৰ নাম; আক’উ ঘৰ্ম্মাক্ত
দেহে ক'লা-মলা হ’ই কেহৰাজ-বটা।
বথা আহি ‘অফিচাৰ ঢোকে ঢেকে
ধৰে যাক পিঠা-সমম্বিতে, দিনটোৰ দুখ
লাজ কাতি কৰি থই, বৃকোদৰ বীৰে
যথা পিঠা-অন্ন ক্ষীৰ, নকৰি কেৰেপ
বকাসুৰ নৃপতিৰ বাঘ-ঢকালই;-
সেই চাহ সুধা-সম পাৰ্থিব দ্ৰব্যৰ
খুজিছোঁ কাহিনী গাব তাল-লয় সতে।
কৃপা কৰি আহাঁ বগী গায়ননী আই,
লই সেই বীণখনি কৌটিকলীয়া,
পাভটি চাঙ্গৰ পৰা ভোজন অন্তত।
যদিহে ছিগিছে তাঁৰ জোৰাবা আপুনি।
ৰিহাৰ আগৰ পৰা দহি ছিঙি লই;
গুচাম আলান্ধু মই “পীয়েৰ্‌ চ’পেৰে।”

[ ৬৮ ]

শিকাবা মাথোন মোক ঋষভ-সুৰত
কিদৰে বৰ্ণাব লাগে চাহৰ কাহিনী।
কিন্তু এটি কথা দেবি, নবুজিলে যেন
নকৰা খঙত সাত পুৰুষ নিস্তাৰ,
যিদৰে জাপৰী বায়ে কৰিলে সিদিনা
দেখুৱাই মুদ্ৰা যত বীৰ ৰমণীৰ।
যদিহে কঁকাল পৰি হইছা আথৰ
কালিদাস, বেদব্যাস, বাল্মীকি, হোমাৰ-
চাৰি বাহকৰ কৰি স্কন্ধ-আৰোহণ
হৰিবোল চিঞৰেৰে চলিবা বেগাই;
বিষ্ণুপ্ৰাপ্ত দেহা যথা নিমতলালই।
বীণখনি দিবা লক্ষ্মীৰামৰ পিঠিত
ৰজক-ৰাসভ-পৃষ্ঠে শুদ্ধ বস্ত্ৰ যথা।
শুকাল যদিহে ৰস ভাটী বয়সত,
আনিবা লগত যত ৰসৰ ঘোলনি;-
গেন্ধেলী, ফেদেলী শচী, মেনকা উৰ্ব্বশী,
কুঁজীবাই, শূৰ্পনখা, হিড়িম্বা, ৰাধিকা,
খটাসুৰ, বৰ, ঘটোৎকচ, হনু,
গেৰেলা, ফেদেলা, কানু, অষ্টাবক্ৰ বীৰ;
দেখিলেই বয় যাতে ৰস লীলা গুৰ,
লালটি প্ৰবাহ যথা 'ৰসগোল্লা' দেখি।
শবদৰ ডিমবোৰ উমাই (১) উমাই (২)

[ ৬৯ ]

লাগিব জগাব আৰু অৰ্থৰ পোৱালি,
জোলোঙাত ভৰি থই, ভুলিব ভোলাই
যাক ভাঙৰ ৰাগীত; খাম আমি ‘ৰষ্ট’
কৰি ৰসৰ লগত। এতেকে দুয়োকো।
লবা যেনেতেনেকই। দুহোকুৰি, বধে
ছোৱে, নাপাহৰা যেন কুম্ভোদৰ হস্তী-
বক্ত, গণেশ বাপুক। জোকাৰি দীঘল
পেট, উঠি ইন্দুৰত, কাণত কলম
লই কাকতী বেশেৰে, তৰণীৰ দল
যথা আহে যেন লৰি। ভয় নাই বাহনৰ
বাবে; থৈছোঁ মেকুৰী বান্ধি শিকলী
লগাই। তেৱেঁ মোৰ বুদ্ধিৰ ভাৰসা;-
শুনো আছে লম্বোদৰ বুদ্ধিৰেই ভৰি,
কঠাল-কুঁৱৰী যথা কোমল কোঁহেৰে;
অথবা যিৰূপ, কলা বেমাৰীৰ পেট
জ্বৰ খাপৰিৰে। দিয়ে যদি লেখি এই
কাব্য মহত্তম, সমূল কদলী তৰু
পাব পুৰস্কাৰ। আহাঁ দেবি, এতেকতে,
সকলোটি লই, ধৰাঁ গীত ঐক্যতানে,
মধুৰ সুৰেৰে, যথা সান্ধ্য-সঙ্কীৰ্ত্তন
গোমায়ু-কুলৰ।
 কৈলাশ শিখৰ-শৃঙ্গে
দেৱ পশুপতি উপবেশি ব্যাঘ্ৰ চৰ্ম্মে,
মুদি ত্ৰিনয়ন, কৰিছিলে ঘোঁটা পান।

[ ৭০ ]

কলহে কলহে, কুম্ভকৰ্ণ বীৰে যথা
মদ্য কুম্ভ তুলি, ভোজন গৃহত পশি
টোপনি অন্তত। নীৰবি জীমূত-মন্দ্ৰ
এনে সময়ত, কৰি হাম্বাৰৱ ঘনে
পশিল বৃষভ সেই মহা ৰঙ্গাঙ্গণে,
খেদা খাই পাৰিষদ গোৰক্ষ নন্দীৰ;
তাহানি কৃষ্ণাই যথা দ্বাৰকা দ্বীপত
জৰাসন্ধ নৃপতিৰ বিষম খেদাত।
ভৰিৰ বতাহ লাগি পৰিল বাগৰি,
সিদ্ধিদাতা জনকৰ সিদ্ধিৰ টেকেলি;
পৰে যথা ঠাৰি ছিগি কুষ্মাণ্ড চালৰ।
একেৰাহে ললে গতি অলপো নৰই,
দক্ষিণা-গোন্ধত যথা ভূদেৱৰ দল।
সদিয়াৰ উত্তৰৰ চিংফৌ গিৰিত
চহোৱা ক্ষেত্ৰত পৰি ৰ'ল ঠেকা খাই,
ষ্টেচনত ৰেলগাৰী যথা। হ’ল জন্ম
পাদপৰ মুঠিত লুকুৱা পাৰিজাত
তৰু যথা সিন্ধু মন্থনত। পালে জন্মি
চাহ নাম চহোৱা ক্ষেত্ৰত; ৰল তাতে
বহু দিন, নাজানিলে কেৱেঁ, মাতৃ-গৰ্ভ-
স্থিত যথা জাৰজ সন্তান।

ইতি চাহৰহস্যে মহাকাব্যে প্ৰথমঃ সৰ্গঃ।

[ ৭১ ]

দ্বিতীয় সৰ্গঃ।

উঠিল গগনমাৰ্গে পুৱাতে এদিন,
শতেক যোজন ব্যাপি ঢেঁকী ভয়ঙ্কৰ,
তুচ্ছ কৰি ধূমকেতু হেলি-আবিষ্কৃত।
দেখা গল প্ৰাণী এক ওপৰত তাৰ,—
জক্‌ জক্‌ কামিহাৰ, গেৰুৱা বসন,
“কপালে চন্দন, গলে ৰুদ্ৰাক্ষৰ মালা,”
কাণ-ছিগা বেহেলা হাতত, ভস্ম-সনা
দেহা যথা টোকাৰি বায়ন, অৰ্থ হেতু
ভিক্ষা কৰা বাবাজী নামেৰে। মহানন্দে
ধাবিলে ঢেঁকীয়ে, ঢেঙ্কুৰু ঢেঙ্কুৰ সুৰে
পিঠিত প্ৰভুক লই পশ্চিমৰ ফালে;
যথা জাঁজি লুইতত কাক পৃষ্ঠে লই;
কিম্বা যথা, বৱতু টকচ ঘোৰা ধায়।
হাট মুখে, পৃষ্ঠে লই মহাজন দ্ৰব্য—
সমম্বিতে, তুলি ঘনে ফোঁপনি ঝঙ্কাৰ।
উত্তৰিল বিলাতৰ লণ্ডন পুৰত,
ঠিক দুপৰত হই তৃষ্ণাত কাতৰ,
পিৰালি চুকত যথা সিন্ধিৰাম বীৰ
হওঁতে সকলো প্ৰাণী শয্যা-সহবাসী।
সচকিত নৰনাৰী বিলাত-নিবাসী,

[ ৭২ ]

দেখি চেঁকী মহাপ্ৰাণী, ছাত্ৰগণ যথা
কম্পিতসভয়ে দেখি গুৰু সমুখত,
থাকোঁতে ধপাত খাই মহা আয়মেৰে।
পলাল ৰমণীকুল ঢেঁকীৰ শব্দত,
পলায় গৃহিণী যথা খেদিলে গৃহস্থে
জলদ গৰ্জ্জনে গৰ্জ্জি ঢেঁকী-ঠোৰা লই।
 হে পাঠক, চিনিছা নে কোন এই জন?
কিয় ইহেন বেশে ফুৰে দেশে দেশে?
নিচিনা যদ্যপি, চিনি লোৱা ভালকই,-
এৱেঁই নাৰদ মুনি, কন্দলৰ গুৰি,
“বানচ-বিহীন” হৰকৰা জগতৰ।
ধন লই ধান বানি ফুৰোঁতে খেহত, পাই লগ
ভকতৰ কানীয়া সত্ৰত, ললে ৰঙ্গে
প্ৰভুৰ প্ৰসাদ—টিকিৰা, শৰ্কৰা, পিঠা,
অতি বিতোপন; শেহত এবাটি পানী,
আহা কি মধুৰ, গয়াৰ মচলা দিয়া
তাম্ৰকুট যথা। পৰিচয় পালে শেষে
চাহ নাম তাৰ, সদিয়াৰ, শিতানত
আছে ক্ষেত্ৰ ভৰি, আনি তাৰে পত্ৰ হৰি,
কৰিছে প্ৰস্তুত এই দিব্য ‘সৰবত্‌”;
পালেও বুকত গোৰ নেৰে যাক লোকে।
ভাবিলে নাৰদে শুনি অতি সুসংবাদ,—

[ ৭৩ ]

চাহৰ নিমিত্তে নিশ্চয় ঘটিব ৰণ,
অশ্বিনীৰ বাবে যথা দ্বাপৰ যুগত,
কিম্বা যথা পথাৰত সীমাৰ কাৰণে
দুই সীতা-বল্লভৰ। সেয়ে হলে চাই
তেওঁ নিলগৰ পৰা, পাব সুখ, পায়
যথা নবীন যুবকে নব-বধুমুখ-
বস্ত্ৰ কৰি উন্মোচন। দিবলই
তাকে ভাবি চাহৰ বাতৰি, প্ৰবেশিছে
বিলাতত হেলাই-হেঁপাই; অসমীয়া
বৰ্ত্তাবহ পশে যথা আহি, অযথা
কালত লই ভেঁকুৰা বাতৰি।

ইতি চাহৰহস্যে মহাকাব্যে দ্বিতীয়ঃ সৰ্গঃ।

 

তৃতীয়ঃ সৰ্গঃ।

প্ৰবেশি নাৰদ এক কফি-দোকানত,
দেখিলে বহুত নৰ কফি পান কৰা,
বচন চৰ্ব্বণ কৰি আদি অন্ত হীন;
যথা আমোলানীগণ যধ্যাহ্ন সময়ে

[ ৭৪ ]

বৃত্তাকাৰে বহি লই ৰঞ্জি ওষ্ঠাধৰ,
গোৰোৱা কামোল চুণ সুপক্ক পাণেৰে,
পিকেৰে ৰাঙ্গলী কৰি ঘৰৰ পিৰালি।
গাঁঠিৰ পইচা ভাঙি কফি কিনি লই,
ঢোকা মাৰি অন্ত কৰি গুচালে পিয়াহ;
ভাতৰ পোতনি যথা পেটুলী বুঢ়ীয়ে,
কিম্বা যথা অগস্ত্যই সমুদ্ৰৰ জল।
মনটো সুস্থিৰ কৰি, কলে ধীৰে ধীৰে,
গম্ভীৰ সুৰেৰে অতি, সম্বোধি সমস্ত
জন, স্তব্ধ কৰি ভগা ঢোল, স্তব্ধ কৰি
যত গায়ক ৰাসভদল,—“হেৰ হেৰ
বিলাত-নিবাসী, অমৃত থাকোঁতে কিয় ,
মৰ কফি খাই, বুঢ়া বুঢ়া অসমীয়া
ভকতসকলে খাই যথা আধাখুন্দা
চাউলৰ গুৰি, বিবিধ সামগ্ৰী এৰি,
দোমাহীৰ দিনা? সকলো উজাই ব’ল
পবি সাগৰত, বাৰিষা কাৱই যথা
বাঢ়নী পানীত। সদিয়াৰ শিতানত
পাৰি মহাদ্ৰুম, সমস্ত শৰীৰ তাৰ
ৰসেৰেই পূৰ; ঠিক যেন ৰহধৰা
কেতেকী-কঠাল। এবাৰ সোৱাদ পালে
নোৱাৰ ভুলিব, নোৱাৰে ভুলিব যথা
হালোৱা ককায়ে, দুপৰীয়া পোৰা মাছ
পঁইতা ভাতেৰে।”

[ ৭৫ ]

 নাৰদৰ টোপ দেখি
খুটিলেহি টপাটপ বিলাতী চেঙেলী,
ডেও দি উঠিল যথা কুপৰ মণ্ডৃক।
সমস্বৰে মুহুৰ্ত্ততে জম্বুক নাদেৰে
কৰিলে প্ৰতিজ্ঞা সবে গগন কঁপাই;—
“নিশ্চয় নিশ্চয় আমি যাম কালিলই
কৰিম উদ্ধাৰ চাহ, হেলেন উদ্ধাৰ
যথা কৰি দিগ্বিজয়। সোমাব শত্ৰুৰ
দল পৰ্ব্বতে পাহাৰে, শুনি সিংহনাদ
সপ্তদশ তুৰস্কৰ, বঙ্গীয় লক্ষ্মণ
যথা কচু-কাননত।”
 শুনি ৰঙ্গে
মুনি-ধূৰ্ত্ত মৃগ-ধুৰ্ত্ত যথা, ওলোটাই।
দিলে মুখ বাহক ঢেঁকীৰ, লক্ষ্য কৰি
ত্ৰিদশ আলয়, যি ঢেকীৰ অভাৱত
ধান জুৰি থই, শচী আই আছে ৰ'ই,
অমৰাপুৰীত।

ইতি চাহৰহস্যে মহাকাব্যে তৃতীয়ঃ সৰ্গঃ।

[ ৭৬ ]

চতুৰ্থঃ সৰ্গঃ।

দেঢেই-দেঢেই ঢেই ভেঁ-পোঁ-ভেঁ-পোঁ-পোঁ-পোঁ,
ঢোল-শিঙ্গা, পেঁপা-কালি বাজিল সঘনে,
উনবিংশ শতিকাৰ ছাবিচ অব্দত,
কঁপাই কুণ্ডিল-মুখ ভৈৰৱ গৰ্জ্জনে;
বাৰিবা কালত জলে ভেক-ৰব যথা;
তুচ্ছ কৰি হোকা মন্দ্ৰ আফিং-ভোজীৰ,
পশিল কাণত আহি পশে উৰুষণি
যধা ফুটা চাল ভেদি। শুনা'গল,—চি, এ
ব্ৰুচে কৰিলে উদ্ধাৰ চাহ গছ, পাৰ
হই সপত সাগৰ, জানকী উদ্ধাৰ
যথা। সিদিনাৰে পৰা ৰাষ্ট্ৰ হ'ল কীৰ্ত্তি
তাৰ বিশ্বৰ বুকত, মৎস্যগন্ধা-বস্ত্ৰে
যথা মৎস্যৰ সুৰভি। বুঢ়া-বুঢ়ী, ডেকা-
ডেকী, বালক-বালিকা, মুগ্ধ হ’ল প্ৰেমে
তাৰ, মুগ্ধ যথা মূৰ্থ যুৱা, ডেৰগঞা
নাচনীৰ দেখি লয়লাস; কিম্বা যথা
ৰাজহংস বাৰিষা কালত, চোতালত
সৰীসৃপ দেখি; অথবা যিৰূপ হায়,
কবি-শিৰোমণি, বহল জঘন দেখি
নায়িকা বামাৰ। সুপবিত্ৰ দ্ৰব্য অতি
পুণ্যতনু পৰশত তাৰ, “ব্লেঙ্কো” সনা।

[ ৭৭ ]

ফটা জোতা যথা। সমস্ত জগৎ আজি
হ’ল বশীভূত, চাহৰ মহিমা দেখি,
বশ যথা নব য়ুবা নব গৃহিণীৰ,
টেলেকা নয়ন দেখি ভ্ৰুকুটি-ভয়ত।
 অন্ত হল মহাকাব্য চাহৰ কাহিনী;
নাই আৰু উপদেশ কাৰো প্ৰয়োজন।
বহাঁ বাণি, সাজু হই সহচৰ-সতে,
পাৰিষদ-সহ এলিজাবেথ যিমতে;
কৰাঁ সেৱা ভাগে ভাগে স্বৰ্গীয় সুধাৰ,
শৰাধৰ অন্ত হলে কল মাহ যথা॥
তাৰ পিচে, তামোল-ধপাত খাই, মুখ
শুদ্ধ কৰি, ওলোৱা সত্বৰে, একে চাবে
এই মোৰ ভবনৰ পৰা। হেতু তাৰ
সোধা যদি আছে বহুতৰ;—প্ৰথমতে
“জন্তুবিদ্যা মহাৰ্ণবে” পাই, “যাদুঘৰ”
পেলাব ভৰাই, ধৰি নি তোমাৰ যত
সহচৰ-দল, যিৰূপ ভৰাই থয়।
গুপ্ত প্ৰণয়ীক চন্দুকত প্ৰেমিকা
সতীয়ে যেতিয়া প্ৰবাসী পতি হয়
উপগত। নহয় অকল সেয়ে। মাৰে
যদি ইন্দুৰক প্লেগৰ ডাক্তৰে, বৰ
পেট দাঙিব নোৱাৰি, মিলিব দুৰ্দ্দশা
ঘোৰ গণেশ বাপুৰ; নোৱাৰিম ময়ো
দেবি, বোকোচাত লব। নেদেখোঁ তোমাৰো

[ ৭৮ ]

পুনু নিস্তাৰৰ বাট, প্ৰতিদ্বন্দ্বী ৰূপে
আছে বহু সৰস্বতী পুৰুষ-ৰমণী
ৰূপে জম্বুদ্বীপ জুৰি, হয় যদি হায়,
ভাগ্য দোষে জয়দ্ৰথ দ্ৰৌপদীৰ দৰে,
নোৱাৰিম ভীম হই উদ্ধাৰি আনিব।
এতেকে পলোৱাঁ তুমি সহ-সহচৰ,
নতু ভাগ্য-বিপৰ্য্যয়, অৰ্দ্ধচন্দ্ৰ-লাভ,
প্ৰহাৰেণ ধনঞ্জয় যথা।
 গ’ল, গল,
পলাল সকলো উচটাই জোল-টোপা
খালোঁ ৰন্ধনীক। কৰাহে পাঠক, পান
চাহৰ মদিৰা; গোৱাঁ গীত উচ্চ ৰৱে,
জলদ গৰ্জ্জনে, তুচ্চ কৰি সিংহনাদ,
ৰাৱণাদি কৰ্ব্বুৰৰ ৰণ-প্ৰাঙ্গণৰ।
আহাঁ চাহ, দিয়া মোক মধুৰ চুম্বন।

ইতি চাহৰহস্যে মহাকাব্যে চতুৰ্থঃ সৰ্গঃ

[ ৭৯ ]

ডাৰুইনৰ “থিৱৰিৰ” নেগুৰ।

ডাৰুইনে কয়,-  “মানুহ জাতি
 হনু ককাইৰ বংশ;
উন্নতি হওঁতে ক্ৰমে ক্ৰমে
 হেৰাল কিছুমান অংশ।
দীঘল নোমবোৰ  চুটি হ’ল
 ক্ৰমোন্নতিৰ সোঁতত;
নেগুৰড়ালো খহি পৰিল
 ডাল বগোৱাৰ চোটত।
মানুহ নামেৰে নতুন এবিধ
 জন্তু পৰিল হই;
একে চোঁচাই পালেহি আগ
 সকলো জন্তুতকই।”
শেষ কৰিলে  ইমানখিনিতে,
  ডাৰুইনৰ তথ্য;
ৰ'ল কিছুমান  সেই কাৰণে,
 ওপৰঞ্চি কথ্য।
মানুহ সদাই  নাথাকে মানুহ,
 তাৰো উন্নতি হব;
কওঁ শুনা একে থৰেৰে
 কেনেকই কিহত ৰ’ব।-

[ ৮০ ]

প্ৰথমতেই  “টাই”, “কলাৰ”
 মণি-মাদলীৰ ভৰত;
উখহি উখহি  ডিঙিৰ সাঁচটো
  হেৰাব মূৰৰ তলত।
দিনে ৰাতিয়ে  বিত চকুৰ
 আমনি সহি থাকি;
ধৰ্ম্মঘট কৰি  নাক-চকুৱে
 দিব এদিন ফাঁকি।
প্ৰামোফোনৰ ব্যৱহাৰত
  ঢুকাব জিতা ওঁঠ;
খুৰব চুমাত  তত হেৰুৱাই
 পলাব ডাঢ়ি গোঁফ।
চুলি কেইডাল  ‘হেটৰ' তলত
 থওঁতে সদাই ৰাখি;
হঠাৎ এদিন  নোহোৱা হব
 তপা কায়েই সাক্ষী।
পৰৰ কথালৈ  কাণ নিদিয়াত
 মিলিব কাণৰ ক্ষয়;
চামুচ কাটাৰ প্ৰভাৱত হব
 হাত দুটাৰো লয়।
দোলা-ঘোৰা, 'মটৰকাৰ'
 চাইকল্‌ বাগীৰ তাপত
“অনভ্যাসে হতা বিদ্যা”,
 লুকাব চৰণ লাজত।

[ ৮১ ]

সাৱশেহত  কাৰো লগত
 নৰব কাৰৰ সঙ্গ;
মুঠৰ ওপৰত,  উন্নতি হই
 ৰ’ব একেটা অঙ্গ।
মানুহ গুচি  ক্ৰমোন্নতিত
  কোমোৰা আকাৰ পাব;
কই থ'লোঁ,  গুণ নহলেও
 ধৰম নো ক’লই যাব?
আপত্তি যদি  আছে কাৰো
 একে আষাৰেই কোৱাঁ;
প্ৰমোন্নতিৰ  নেগুৰ theory
 নহলে দাঙি লোৱাঁ।
ললেই নামটো  ফাটি ওলাব
 সহস্ৰমুখী হ’ই;
জলজল কৰে  ওলাম নতুন
 ([১]) Evolutionist মই।

[ ৮২ ]

আমাৰ জাত।

(১)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত;
 সকলো জাতিয়েই ৰব পৰি,
 আমি যাম স্বৰ্গলই লৰি,
নন্দন বনত  ইন্দ্ৰৰ লগত
 পিন্ধিম পাৰিজাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(২)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 চন্দুকত ভৰোৱা ধৰ্ম্ম আমাৰ,
 নাপায় কোনেও অংশ তাৰ,
তাৰে বলত  অকলই আঘি
 দেখিম স্বৰ্গৰ বাট।
ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

[ ৮৩ ]

(১)

ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 আন ধৰ্ম্মৰ আছে যিমান,
 অপবিত্ৰ মেলেছ, সিমান;
সিহঁতে ছুলে  অশুচি হয়,
 আমাৰ বাট ঘাট।
ভূমণ্ডলত   আমাৰটোৱেই
আটাইতকৈ উত্তম জাত।

(৪)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 দেখিছোঁ আমি ঈশ্বৰ কেনে,
 দৈৱকীৰ ঘৰত জন্মিছিল যেনে,
একুৰি তেৰ  কোটি দেৱৰ
 ছবি আমাৰ গাত।
ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(৫)

ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 তমোগুণেৰে ভৰোক অন্তৰ,
 বাজত তথাপি ঢাকোন সত্বৰ;

[ ৮৪ ]

তাৰে বলত বশ্য কৰি
 ৰাখিছোঁ ঈশ্বৰ গাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(৬)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 যদিও আমাৰ বুদ্ধি বেঁকা।
 শাস্ত্ৰৰ অৰ্থত লগাওঁ চেকা;
তথাপি অকল  আচাৰৰ গুণত,
 পাপৰ মূণ্ডপাত।
ভূমণ্ডলত   আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(৭)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 তিনি প্ৰসঙ্গত গা ধোওঁ;
 ধুতি কাপোৰ মাথোন ছোওঁ;
মলি মাথোন  যদিও সাৰ;
  নাথাকে দোষ তাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

[ ৮৫ ]

(৮)

ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 যদিও লুকাই সকলো খাওঁ,
 কিনা চুমাৰো জুতি চাওঁ;
দেখা-দেখিকৈ  নাখাওঁ আমি
 আনৰ লগত ভাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(৯)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 জোতাৰ ভৰিৰে খালে পানী,
 খাব লাগিব শান্তি-পানী;
লাগিব পাপ,  ভৰি দিলেও
 নিচিনা মানুহৰ ছাঁত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(১০)

ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 যিহকে ইচ্ছা লুকাই লুকাই,
 কৰিলে দোষ একোৱেই নাই;

[ ৮৬ ]

নেদেখাকৈ ডাক-বঙলাতো
 পাৰিব পাৰি পাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(১১)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 পূৰ্ব্বে গুণ-কৰ্ম্মত চাৰি জাতি,
 এতিয়া বাঢ়িল পো-নাতি;
উপজিলেই  যাৰে তাৰে
 বন্ধা পৈতৃক জাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(১২)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 জাতেই আমাৰ ধৰ্ম্মৰ সাৰ;
 ছুৱা-সজৰো সুন্দৰ বিচাৰ,
ৰান্ধি দিলে  যদিও খাওঁ,
 ছুলে নৰয় জাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

[ ৮৭ ]

(১৩)

ভূমণ্ডলত আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 মানুহক শুনাই বুলিলে ৰাম,
 কৰিব পাৰো সকলো কাম;
নামো যদিও  পশুৰ শাৰীলৈ,
 নালাগে চেঁকা গাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

(১৪)

ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।
 ভিতৰত যদিও ঢকুৱাৰ বেৰ,
 বাজত নেৰোঁ চুৰিয়াৰ ফেৰ;
এনেকৈয়ে  চিৰকাললই
 ৰব আমাৰ জাত।
ভূমণ্ডলত  আমাৰটোৱেই
 আটাইতকৈ উত্তম জাত।

[ ৮৮ ]

শঙ্কৰৰ ধৰ্ম্ম

( কস্যচিৎ মহাব্ৰাহ্মণস্য।)

“হালোৱা শঙ্কৰে”(?)  ধৰম বিলালে
 জাত-কুল পিচত থই;
ৰৌ-ৰৌ নৰকত পচিব লাগিছে,
 মূৰুখে তাকেই লই।
‘গায়ত্ৰী’ জপিবৰ  নাই অধিকাৰ,
 কি জানে ধৰ্ম্মৰ মোল;
লোকৰ চুৰকৈ  দুকথা শিকালে'
 তাতো বাৰেপাচি ভুল।
যিমান ধৰম  আছে পৃথিবীত
 নজনা কালৰে পৰা;
তাৰ ভিতৰত  শঙ্কৰী ধৰম
 আটইতকৈ তলত পৰা।
প্ৰথমতে চোৱাঁ,— শঙ্কৰী ধৰ্ম্মত
 নাই ৰাসময়ী ৰাধা;
প্ৰেমৰ ৰসেৰে  হিয়া বুৰাবৰ
 বাটতে বিষম বাধা।
ভকতনীহীন  ভকতিৰে সতে
 মুকুতি নাপায় কেওঁ;
ইয়াকো নজনা  মূৰুখ শঙ্কৰ
 নহয় নে মেলেছ দেও?
প্ৰতিমাৰ পূজা  নামানে শঙ্কৰে,
 নুবুজে পূজাৰ মোল;

[ ৮৯ ]

বাৰুণী সেৱন নাই আয়োজন,
 মুঠেই নামৰ বোল।
নাম তো নহয়  পাঠাৰ মঙ্গহ,
 সিজাই দকচি খাব;
পূজাৰী বাপুৱে  নাম গাই জানো
 পূজাৰ দক্ষিণা পাব?
ইফালে শঙ্কৰৰ  যি ডালি ধৰম
 তিৰুতা-শূদ্ৰয়ো জানে,
হৰি নাম ললে  বামুণতকৈও
 চণ্ডালক ডাঙৰ মানে।
এনেপাট ধৰমক  যি বোলে ধৰম
 সিয়েই দিনতে কণা;
জ্ঞানীয়ে লোকক  নজনাই ধৰম,
 কৰিছে শাস্ত্ৰই মানা।
ব্ৰহ্মজ্ঞ (?) বামুণে  যদিও নিচিনে
 “ক”ৰ চুক কেইটামান;
তথাপি গায়ত্ৰী  বুজোঁ বুলিয়েই
 দিয়ে নে লোকক জান?
এতেকতে ভাই, শঙ্কৰী ধৰম
 গঁতিয়াই উলিয়াই দিয়াঁ;
সকলোৰে সাৰ উদৰ পূৰণ
 ধৰম সাবটি লোৱা।

[ ৯০ ]

( শ্ৰেষ্ঠ ) হেৰা অসমীয়া তুমি।

মানুহ গৰু থকা ভৰি,
এই যে ৰাজ্য জগৎ জুৰি,
তাৰে মাজত আমাৰ মানুহ চিকুণ পিন্ধি উৰি;
আহা, হাড়-ছালেৰে তৈয়াৰ কৰা খুওৱা হাত-ভৰি।
ত্ৰনে মানুহ কোনে পাব বিশ্ব জগৎ ভ্ৰমি;
সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি।
ফুৰণ চাকন, পিন্ধন-উৰণ,
ক'ত এনে বিচাৰ চিকণ,
কাৰ এনে “প্ৰভু-ঈশ্বৰ” শিষ্যৰ লগত মৰে?
তেওঁ এফেৰা মাথোন কৰ লৈয়েই স্বৰ্গত তুলি ধৰে।
এনে মানুহ কোনে পাব বিশ্বজগৎ ভ্ৰমি;
সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি।
এনে সুন্দৰ কাৰ ভিতৰ,
বেলিয়ে পুৱা কৰে পোহৰ
কাৰ ঘৰৰ চুকত পাবা ইমান কেঁচুমটা?
আহা, ক’ত এনে কানিৰ খোলা ঘৰে ঘৰে পতা?
এনে মানুহ কোনে পাব বিশ্ব জগৎ ভ্ৰমি?
সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি।
কোন এনে মহা পণ্ডিত,
ভা‍ৱোঁতে নিজা পৰৰ বিত?
 (কোৱাঁ)কোন এনে মহাপুৰুষ ইমান শক্তি গাত?
(তেওঁ) ঘৈণীৰ পিঠিত চোঁৰাত মেলে খাবলৈ নাপাই ভাত।

[ ৯১ ]

এনে মানুহ কোনে পাব বিশ্ব জগৎ ভ্ৰমি?
সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি।
লগুণ লৈয়েই ওজা বামুণ,
আন দেশত হব নো কোন?
এনে জাতি এই দেশতে ব্ৰহ্মাই দিছে গঢ়ি;
নিশ্চয় যাব য’তে উপজিছে সেইখিনিতে মৰি।
এনে মানুহ কোনে পাব বিশ্ব জগৎ ভ্ৰমি,
সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি।


দেশোদ্ধাৰকৰ মহাসভা।

ওঠৰ শ বত্ৰিচ শকৰ কাতিৰ বিহুৰ দিনা,
নবগ্ৰহত বহিল সভা তিনিও ভুবন জিনা।
উজনি-নামনিৰ ফুকন, চৌধাৰী,
গোঁহাই, বৰুৱা, টিকনিধাৰী,
দাস, ঘোষ, গোসাঁই, মহন্ত, মিলিল এটা হই;
লগ ললে ভট্টাচাৰ্য্যই মাজৰ পৰা গ’ই।

(২)


ৰাইজসকল লাগিছে লগ দেশৰ বিলাই দেখি,
কৰিব হেনো প্ৰতিকাৰ তাৰ এটা এটাকৈ লেখি।

[ ৯২ ]

সভা বহোঁতে সন্ধ্যা হ’ল,
এঘণ্টা সময় আঁতৰি গ'ল;
ইয়াৰ ভিতৰত বহুত ৰকমৰ বহুতো কথা হ'ল;
ঘাইকৈ তেও এশ চিলিম মলা ধপাত গ'ল।

(৩)


সভা আৰম্ভ তাৰ পাচত; সভাপতি বহিল;
লগে লগে পৰ্ব্বত কঁপাই হাতৰ ঘঁহনি উঠিল।
প্ৰস্তাবকাৰক পথালি গুচি,
থিয় হৈ ৰ'ল কুঁচি-মুচি;
অলপ পাচত গহীন মাতেৰে ধৰিলে প্ৰস্তাৱ দাঙি;
শ্ৰোতাসকলৰ জনচেৰেকে বান্ধিলে তাৰেই সাঙী।

(৪)


প্ৰথমতেই ভট্টাচাৰ্য্যই লগালে ডাঙৰ মাত;-
“সঁচা কথা, সকলো পিনেই আমাৰ অধঃপাত।
বাহিৰ বগা নীতি গুচাই,
সত্য বিচাৰি লোৱাঁ গোটাই,
তেতিয়া আমি সকলো মিলি একে উদ্দেশ্য লই;
সাধিব পাৰিম দেশৰ উন্নতি কুৰ্চ্চূত কপট থ’ই।

(৫)


“তেতিয়া আমাৰ শিক্ষা-দীক্ষা সকলো বিস্তাৰ হ'ব।
আমাকে এটা জাতি বুলি শত্ৰু হলেও কব।

[ ৯৩ ]

গাইগোটা থাকিলে হ’ই’
উন্নতি কেৱে নাপায় গই,
এতেকে আহাঁ সকলো মিলি সমাজ গঠন কৰোঁ;
তাব পাচত কৃষি, বাণিজ্য, ব্যৱসায়ত ধৰোঁ।

(৬)


"সমাজক আমি ভাঙি-ছিঙি পিঠাগুৰি কৰি,
জাতীয় জখলা সাজিব নোৱাৰি আছোঁ তলতে পৰি;
যেতিয়া আমাৰ পাৰ্থক্য যিমান,
জাতীয় নিন্ধুত হ’ব নিৰ্ব্বাণ,
তেতিয়া নিশ্চয় উন্নতি সাধি ৰাখিম দেশৰ নাম;-
মোৰ মনেৰে এয়ে আমাৰ প্ৰথম কৰ্ত্তব্য কাম।”

(৭)


শুনি উঠিল গোসাঁই-ঈশ্বৰ কাহ কেইটামান মাৰি,
তাৰ পাচত কবলৈ ধৰিলে ডাঙৰকৈ আটাহ পাৰি;
ভট্টাচাৰ্য্যৰ শুনিলে বুধি,
আমাৰ সকলো হব উদি;
গোটই দেশখন তেতিয়া হে ৰসাতললৈ যাব;
সিপুৰীতো যমৰ ৰাজ্যত নানান নিকাৰ খাব।

(৮)


“আমাৰ মতে মানুহবিলাকে ধুতি-বিধুতি এৰি,
উন্নতি-বাটত দিনে দিনে গৈছে পিচলৈ পৰি।
শূদিৰে বামুণক নকৰে মান,
গোসাঁইৰ কথাতো নিদিয়ে কাণ,

[ ৯৪ ]

আমাৰ আগতে জোতা পিন্ধি গমহ গমহ যায়;
গুৰুৰ আগতো আসন বিচাৰে, এনে অধৰম নাই।

(৯)


“এতিয়াৰ পৰা নিয়ম হোক, এনে অনাচাৰ ধৰি,
সমাজৰ পৰা বাজ কৰিব ৰাইজে বিচাৰ কৰি।
সৰহ সৰহকৈ লব দায়,
সত্ৰবিলাকত দিব ভগাই .
তাৰে আমি যাত্ৰা কৰিম বঙলা নাটক লেখি;
দেশৰ উন্নতি, ভাষাৰ উন্নতি অবাক হবা দেখি।”

(১০)


খিতাপধাৰী সকলে বোলে,-“জাত পিচলৈ থোৱাঁ;
প্ৰথমতেই কাড়ী চমুৱাৰ-ভাগবোৰ মিলাই লোৱাঁ।
সাত পুৰুষত খিতাপ নাই,
—এনেবোৰেও শিক্ষা পাই,
মূৰ জোকাৰি আমাৰ আগতে মান ভাগটো খায়;
সিহঁতৰ শিক্ষা বন্ধ কৰাই উন্নতিৰ উপায় ঘাই।”

(১১)


দাস-ঘোষে কৰিলে তেতিয়া ঘোৰ প্ৰতিবাদ তাৰ,—
“ন্যায় বিচাৰত সকলো মানুহৰ সমান অধিকাৰ।
ডাঙৰৰ ঘৰত, ডাঙৰ বংশত,
জন্মিও হয় নীচ কাৰ্য্যত,
সৰুৰ ঘৰত জন্মিও মানুহ পাৰে ডাঙৰ হ’ব;
শাস্ত্ৰ -ভাগৱত সকলোৱেই একে কথাকেই ক’ব।

[ ৯৫ ]

(১২)

‘সৰু-বৰ সকলোৱে সমানে শিক্ষা পালে,
দেশৰ অৱস্থা উন্নত হয় জ্ঞানীসকলে বোলে।
 ( যি) আপোনপেটীয়া মইমত,—
 পশু-প্ৰকৃতিৰ মূৰ্খ সিহঁত;
সিহঁতেই আমাৰ দেশৰ শত্ৰু,— ফুলৰ মাজৰ পোক;
ঈশ্বৰৰ ইচ্ছাত সেই বিলাকৰ ভেটি উছন্ হোক!”

(১৩)

ভট্টাচাৰ্য্যই শুনি বোলে,— “ধ্ৰুৱ সত্য কথা;
ঠিক গাইছা দাস-ঘোষ মোৰ প্ৰাণৰ গাঁথা।
  আহা আমি মিলি-জুলি,
 শিক্ষাৰ অৰ্থে হিয়া খুলি, .
উঠি-পাৰি লাগি যাওঁ, স্বাৰ্থৰ ভেঁটা ভাঙি;
মিছা জাত-কুল নষ্ট যাওক, শিক্ষাই ধৰোক দাঙি।

(১৪)

“এক জাতি, এক ধৰ্ম্ম, এক উৎসাহ লই,
এক উদ্দেশ্যৰ মহাসিন্ধুত সকলে মিলোঁগই;
 বামুণ শূদিৰৰ মুখাবোৰ,
 দলিয়াই ভাঙি পেলোৱাঁ ওৰ;
মিছামিছি ভেকোভাওনা দেখিও উঠে হাঁহি;
হোৱা নাই নে সেইবিলাক ইমান দিনেও বাহী?

[ ৯৬ ]

(১৫)

“মোমাইৰ ঘৰৰ গাই লেখি দুধ-কোঁৱৰ হ'লে,
“দুপিঠ সাদা’ পুথিৰ দৰে আটায়ে ভৰিৰে ঠেলে
 গোৱালৰ ঘৰতো কৃষ্ণ হয়,
 মুনিৰ বংশত ৰাক্ষস ৰয়,
তৰ্ক নকৰি কৰা থিৰ শাস্ত্ৰ বিচাৰি চাই;
জাত-কুলত, খিতাপত কাৰো পৈতৃক পট্টা নাই।

(১৬)

“ইয়াৰ ভিতৰত যি অধম বুজিও নুবুজা হয়,
তাক হে আমাৰ বিবেচনাই বাহিৰ হবলৈ কয়।
 ‘ক নাজানি ৰত্নাৱলী’
 পঢ়া সকলক দিলে বলি,
উঠিব আমাৰ সমাজ বুৰাই উন্নতিৰ নতুন বান;
পৰৰ মূৰত খোৱা দলেই কৰিছে যতমান ”

(১৭)

নৌ হওঁতেই ভট্টাচাৰ্য্যৰ কবলগীয়া অন্ত,
জঁপিয়াই উঠিল ভেকুলী জাঁপেৰে গোসাঁই বামুণ-সন্ত।
 “বামূণ হৈ ভট্টাচাৰ্য্যই,
 সমাজত এনে কথা কয়,
ধৰ ইয়াক এখুলা দিওঁ, আগলৈ গুচোক লেঠা;”
খিতাপীদলেও বলে—“ঠিক, অতি বিতোপন কথা।

[ ৯৭ ]

(১৮)

উঠি গ'ল কোলাহল, বসুমতী কঁপিল;
নৱগ্ৰহত নবৈ অস্ত্ৰৰ ঝন্‌ঝননি উঠিল।
কোনোৱে ললে খাগৰী কাপ,
কোনোৱে ধৰিলে দীঘল জাঁপ,
কোনোৰ “ঘোচা", কোনোৱে শোটা, কোনোৱে
হোকা-চিলিম,
কোনোৱে ক'লে—“একে খুন্দাই দাঁতৰ গুৰি ছিঙ্গিম।”

(১৯)


কোনোবা থাকিল লগুণ খামুচি গায়ত্ৰী মন্ত্ৰ মাতি;
কোনোবা উঠি শাওৰে স’তে জপিলে মালাগুটি।
অভ্যাসগুণত খিতাপীহঁতে,
হোঁহকা ললে ডাবিৰে স’তে,
দাস ঘোষ লাগি গ'ল ভট্টাচাৰ্য্যৰ পিচত;
লাগি গ'ল কুৰুক্ষেত্ৰ নৱগ্ৰহৰ টিঙত।

( ২০ )


জনচেৰেক হল আধা মৰা, জনচেৰেক হ’ল খোঁৰা;
জনচেৰেকে তাৰে ওপৰত উঠি ল’লে ঘোৰা।
পেটুৱা গোসাঁইৰ ওলাল পেটু,
চিঞৰ-বাখৰত ফাটিল টেটু,
গছৰ আগৰ গৃধ্ৰৰাজে কথাটো কৰি টং,
চোঁ মাৰি একে চোঁচাই ললেহি প্ৰভুৰ সং।

[ ৯৮ ]

শেহত গতি দেখি বিষম দিলে কোনোৱে লৰ।
কোনোৱে উঠিব নোৱাৰি তাতে ধৰিলে ধৰফৰ।
কোনোবা লুকাল গছৰ মূলত,
কোনোবা বাগৰি পৰিল তলত,
দেশোদ্ধাৰকৰ মহাসভা কেনিবা উৰি গ'ল;
পণ্ডিতে কওক হিচাপ কৰি উন্নতি কিমান হ’ল।

অসমীয়ালৈ উপদেশ।

দেখিছ নে অসমীয়া কামৰ সাগৰ?
পৰি পৰি আছে তাত কুম্ভীৰ-হাঙ্গৰ।
নাচাপিবি কাষ তাৰ থ’ব গিলি গিলি,
শতুৰুৱে মাতে যদি জাপিবি নিহালী।
দীৰ্ঘ জীৱনৰ এক উপায় শয়ন,
কুম্ভকৰ্ণ, মুচুকুন্দ নাই নে স্মৰণ?
বীৰত্বে হাতৰ যদি তোলে খজুৱতি,
ঘৈণীৰ পিঠি আছে চাবি তাতে জুতি।
নুফুৰিবি বিদেশত জাত-কুল যাব;
শিকাই বিদেশী ভাষা মেলেছ সজাব।
নকৰিবি বিলাসৰ সামগ্ৰী বিচাৰ;
নাই ক'তো জগতত তুল্য টিকিৰাৰ।

[ ৯৯ ]

কদাপি নেৰিবি ভেম প্ৰাণো যদি যায়,
চলাবি প্ৰভুত্ব যদি সুচল ওলায়।
নকৰিবি তিৰুতাক বিশ্বাস এতিল,
দিন ৰাতি দিবি বাঘ ঢকা থিয়-কিল।
ভালকৈ টানি লৈ ওৰণি দীঘল,
ওলাব তিৰুতা বাজ কৰি মূৰ তল।
বহিব লেপেটা কাঢ়ি ভুমি আসনত,
বিশেষত শাহু যদি থাকে ওচৰত।
শহুৰ জেঠাল দেখি সোমাব চুকত;
সেবিব ফটুৱাই ফটা স্বামী চৰণত।
কৰিবি ই মহানীতি সকলোকে দান,-
স্বামী হলে গৰু-চোৰো বিষ্ণুৰ সমান।
নাচাবি তিৰীৰ মুখ বেলি পোহৰত,
নাপাতিবি কোনো কথা পৰৰ আগত।
আনৰ উন্নতি হকে কথাকো নকবি;
নতু মান হেৰুৱাই জাহান্নামে যাবি।
শিৰফুটা হৈ কিয় কাম কৰি খাবি?
থাকোঁতে গৃহিণী কিয় আহাৰ গোটাবি?
লাগিলে কৰিবি ধাৰ ধনীৰ কাষত;
সাধিলে সোমাবি ফটা কথাৰ জাপত।
কোনোবাই মাৰে যদি চৰ, ভুকু, গঁতা;
সহিলে সম্পৰ পাই সুৱঁৰিবি কথা।
হিংসা-দ্বেষ খৰিয়াল উন্নতিৰ চিন;
নহলে পেলাব তল ভাবি লোকে হীন।

[ ১০০ ]

সততে থাকিবি ভাই হই গাই-গোট;
নহলে ঢুকাব নাম যেন পানী ফোঁট।
ৰঙা চুৰিয়াতে মাত্ৰ আছে ধৰ্ম্ম ৰ'ই;
গোসাঁইৰ শোধালে কৰ যাবি স্বৰ্গলই।
হবৰ উন্নত জাতি যদি আছে মন;
শুন এই উপদেশ হই এক মন।

শাস্ত্ৰৰ টোকা।

(ক)

১। সতী।


সতীৰ ভূষণ—অহল্যা, দ্ৰৌপদী,
কুন্তী, মন্দোদৰী, তাৰা।
শান্তিৰ ধৰম কৰিলে প্ৰচাৰ,
পাই একাধিক দৰা।

২। পত্নী নিৰ্বাচন।

ভ্ৰাতৃ বধূ হ’ল ব্যাসৰ গৃহিণী,

ভালুকী কৃষ্ণৰ প্ৰিয়া;

হিড়িম্বা ৰাক্ষসী ভীমৰ সঙ্গিনী,

নাগিনী পাৰ্থৰ জায়া।</poem>}}

[ ১০১ ]

৩। বামুণ।

বামুণ পৰাশৰ  ডুমুনীৰ স্বোৱামী
 ব্যাস ডুমুনীৰ লৰা;
বেশ্যাৰ নন্দন  সত্যকাম জাবালি
 গায়ত্ৰী মুখস্থ কৰা।
শূদ্ৰৰ সন্তান  লোমহৰষই
 পালে ব্ৰাহ্মণৰ মান;
“দাস্যাঃ পুত্ৰঃ”   নিষাদ কৱষে
 লিখিলে বেদৰ গান।

১। দণ্ডবিধি।

শূদ্ৰৰ সৌভাগ্য  দয়ালু বামুণে
 মাৰিলে বুকত লাথি;
শূদিৰে বামুণক  মাৰিম বুলিলে
 ভৰি-হাত পেলাব কাটি।

২। বিবাহ বিধি।

আশী বছৰীয়া বৰলাই কৰিব
   গৌৰীৰে নতুন ঘৰ;
স্বামী নৌ দেখোঁতেই কন্যা হলে বাঁৰী
   নোৱাৰে লভিব বৰ।

[ ১০২ ]

  ৩। ডাঙৰ হোৱাৰ লাভ।
বাপুৰ গালত ছুৱা লাগিল এছাৰ মাৰিয়েই শুচি;
লগুৱাৰ ভৰিত পোতনি পৰিল পৰাচিত কৰিহে “খুচী”।

ভেক-স্তোত্ৰ।

(ঋগ্বেদৰ দশম মণ্ডলৰ এটা স্তোত্ৰৰ ভাব লৈ লিখা)

ঢাকি সুবিশাল হ্ৰদ, তুলি উচ্চৰৱ,
গায় স্তোত্ৰ ভেকদল, কৰি আকিঞ্চন
বাৰিষাৰ শুভ-আগমন। কোনো কৃষ্ণ,
কোনো গৌৰ, কোন বা লোহিত, পৰিধান
উত্তৰীয়, মুণ্ডিত মস্তক। প্ৰথমতে,
এজনে আৰম্ভ কৰে, ধৰে পিচে আনে,
যথা ক্ৰম, অধ্বৰ্য্যুৰ হোতৃৰ পাচত।
উঠে সুৰ আৱৰি আকাশ, গান্ধাৰত
ঋষভত, ধৈৱত সুৰত, দ্ৰবীভূত
মেঘবৃন্দ হয় উত্তাপত। জানে কোন
পূজাৰীয়ে ইহেন সঙ্গীত, বিনা ভেক
শিৰোমণি পূজাৰীকুলৰ? কাৰ সাধ্য
কৰে আৰু বাঞ্ছিত পূৰণ, নমোৱাই

[ ১০৩ ]

বাৰিৰাশি মন্ত্ৰৰ বলেৰে? বৰ্ষাকাল
এক মাত্ৰ ভেকৰ কৰুণা। বিনা ভেক
পুৰোহিত, জলাভাবে গজিলহেঁতেন
হাড়তো দূবৰি বন জগৎ বাসীৰ।
এতেকে হে বিশ্ববাসী, নহবা কৃতঘ্ন,
শক্তি চাই দিয়াঁ আনি ভেকৰ দক্ষিণা,—
ৰজা ৰূপ, চিকা ৰূপ পাণ-তামোলেৰে;
নাৰ কৰুণাত, জীৱন-ৰক্ষক বৰ্ষা
ঋতুৰ উদয়। কৰা স্তুতি যথাৱৎ,
পৰি চৰণত;-“হেৰা পুৰোহিত দেউ,
বামুণ ভেকোলা, দিয়াঁ গাই বেদমন্ত্ৰ,
আমাসাক দান-ধন-ধান্য, পুত্ৰ-কন্যা,
সুদীৰ্ঘ জীৱন। দিম আমি যথাশক্তি
যজ্ঞৰ দক্ষিণা, মধুপৰ্ক সুমিশ্ৰিত
জলপানে সতে; চৰণৰ দাস হ'ই
ৰ'ম চিৰকাল।”

[ ১০৪ ]

খিচিৰি।[২]

 প্ৰাগজ্যোতিষৰ আগৰ কালৰ
 জ্যোতিষ পঢ়ি লাগিল ভাগৰ
মনটো থৈ কানিৰ নলটোত থাকিল কঁপি কঁপি;
ব্ৰহ্মপুত্ৰৰ পাৰত বহি মালা গুটি জপি।
 দেখি ভাৰতীয়ে ভাৰত এৰি
 হাঁহৰ পিঠিত গ'ল গৈ উৰি
সাগৰৰ মাজত খোঁপনি ল’লে অনাই-বনাই ফুৰি;
ৰিহা-মেখেলা দলিয়াই পেলাই পিন্ধিলে চোলাঘুৰী।
 বিলাতে পালে নতুন Muse, [৩]
 ভাৰতবৰ্ষৰ শুনিলে News, [৪]
লোভত লালটি মুখৰ পৰা টপৰ টপৰ সৰিল;
অলপ দিনতে বাণী-পুত্ৰেৰে গোটেই দেশখন ভৰিল।
 ভাৰত আহি কেতিয়া পাব,
 কোন বাটেৰে কিহেৰে যাব
গুনি-গাঁথি কুমাৰী ৰাণীৰে কথা-বতৰা হৈ;
কোম্পানী আহিল সোতৰ শতিকাৰ তুলাচনীখন লৈ।
 ভৰত পিঠি কৰি কুঁজা
 আহিল লগত মালৰ বোজা,

[ ১০৫ ]

লগত আহিল ‘বনেট' পিন্ধি reformed বাগীশ্বৰী;
বিদ্যা গছৰ পকা-কেঁচা ফল পাচিত ভৰি।
 ইফালে-সিফালে সুবিধা চাই,
 বিচাৰি ললে সুচল ঠাই,
আস্তে-সুস্থে মেলিলে পোহাৰ প্ৰাগজ্যোতিষৰ বুকত।
ততালিকে গ্ৰাহক আহি ভৰিল চাৰিও চুকত।
 কোনোৱে কিনিলে এন্ট্ৰেন্স-কল,
 কোনোৱে ইণ্টাৰ-নাৰিকল,
কোনোৱে বি, এ,—“পাইন্‌-এপল [৫] ৰসেৰে ভৰপূৰ;
মহঙা দামত কিনিব নোৱাৰি কোনোবা হ’ল দুৰ।
 বছৰৰ মূৰত লাগিব চাব,
 লাভ লোকচান কোনে কি পাব;
সেই হে আজি খুজিছে যাব বিচাৰি আপোন ঠাই;
ভাগিৰ হাট কিছু দিনলৈ যদিও অন্ত নাই।
 বছৰৰ অন্তত পৰিব এৰা,
 ঘৰলৈ ফিৰিব ঘৰৰ লৰা;
সেই হে আজি দুখে-সুখে mechanical mixture; [৬]
কিন্তু চোৱাঁ মেজৰ-বুকত what a glorious picture [৭]
 চাহ-পিঠা থৈছে তুলি,
 তাৰেই ভালকৈ ভৰাম বুলি,

[ ১০৬ ]

চালৰ মোনাটো বুকৰ তলত ৰঙতে আছে নাচি,
সেই কাৰণে বিষাদ খেদাই লোৱাঁ হৰিষ বাছি।
কিয়নো তেওঁক আটায়ে জানে,
আটায়ে তেওঁৰ প্ৰভুত্ব মানে,
তেওঁৰে আল ধৰোঁ বুলিয়েই চোৰেও কৰে চুৰ,
মহাদেৱেও ঘোঁটা খাই তেওঁকে কৰে জুৰ।
তেওঁৰে তাপত এৰে মান,
লাজ-কাজলৈ নকৰে কাণ,
কিয়নো তেওঁ চাউল সিজোৱা যদিও দুসাজ ধৰে;
তথাপি গা তেওঁৰ উৎপাতত পুৱাতে ৰাইজাই কৰে।
আবেলি হলে ককাল সৰু,
উপায় নাপাই বেচা গৈ গৰু,
নহলে হেকটি হামি মাৰি পানী-গামোছা বান্ধি,
কৰা পাটীৰে দ্বন্দ্ব সমাস নাইবা স্বৰসন্ধি।
পেটটো লগত থাকোঁতে এনে,
অসন্তোষ প্ৰকাশ কৰিব কোনে?
যেতিয়া আহি চকুৰ আগত মিঠৈ লাড়ুৱে হাঁহে ,
লগতে যদি ধৰে উজান কলিৰ অমৃত চাহে।
কিন্তু কখা ৰাখিবা মনত,
মাত্ৰা বাঢ়িলে বিপদ মহৎ,
ঘিউ খাওঁতে অগ্নি দেৱৰো dyspepsia [৮] হ’ল;
‘অপৰশ্য কা কথা” কথাটো ক'বলৈ ৰ'ল।

[ ১০৭ ]

 “ভাস্কৰ লৱন”, “পানীয় ভক্ত”
 “নাগাৰ্জ্জুন” ভীষণ শক্ত,
টেমাই টেমাই অন্ত কৰিলে; নগ'ল ৰোগৰ লেশ;
কামি হাড় কেই ডাল ওলাই পৰিল; হাড়-ছাল মাত্ৰ শেষ।
 শেহত ব্ৰহ্মাই visit [৯]ল’ই,
 Patent medicine [১০] দিলে কই
তেহে যেনিবা ‘“কৃষ্ণাৰ্জ্জুন পিলত” এই যাত্ৰালৈ তৰিল;
মূলত যদিও দুৰ্য্যোধনটো ঠেংটো ভাগি মৰিল।
 আকৌ তাহানি ৰামৰ ঘৰত
 দুই হাতেৰে বহাই খকত,
দুৰ্ব্বাসা বাপুৰ পেট উখহি ভীম দ'ল যেন হ’ল;
আলহী সোধাৰ ফলত লক্ষ্মণ মৰিবলৈ ওলাই গ'ল।
 বকায়ে ৰাখি পেটৰ মান,
 ভীমৰ ঠেকেচাত এৰিলে প্ৰাণ,
আগ-ভাগ খাই গণেশৰ পেট দাঙিব নোৱৰ হ’ল;
ঘোৰাত উঠিব নোৱাৰি শেহত ইন্দুৰৰ ওপৰত ৰ'ল।
 এতেকে চলিবা চাই বুজি,
 নিদিবা পেটক গুজি গুজি,
কিয়নো তেওঁক যিমান পাৰা যদিও দিয়া জাপি;
তথাপি মাথোন দে আৰু দে, সকলো ছাই মাটি।

[ ১০৮ ]

 এতেকে তেওঁক বুজি ভৰাই,
 হৰিধ্বনিৰে ব'লা ওলাই,
কিয়নো নতুন ঢলে আজি উটাব যেনি তেনি;
নাই ঠিক কোন যাব কলৈ, কোন উঠিব কেনি
 কিন্তু আছে নেদেখা গোসাঁই,
 ওপৰৰ পৰা আমাকে চাই,
তুলিব তেৱেই সকলোটিকে ভয়ৰ সকাম নাই;
ৰাখিব সদাই নিৰাপদে যদিও কিবাই পায়।
 নতুন বছৰৰ নতুন কালত,
 নতুন মিলন জাগিব প্ৰাণত,
সময়মতে এই হাটতে লাগিম আকৌ লগ;
ভ্ৰাতৃভাৱৰ দিওঁ মাথোন এতিয়া এটি ওলগ।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. * Evolutionist-ইভলিউচনিষ্ট—ক্ৰমে(ন্নতিবাদী।
  2. “১৯১৪ চনৰ দীঘ বন্ধৰ আগত পতা কটন হিন্দু হোষ্টলৰ ছাত্ৰ সকলৰ বিদায় সন্মিলনত পঢ়া”।
  3. Muse—মিউজ= বাগ্দেবী।
  4. News-নিউজ= বাতৰি।
  5. পাইন্‌ এপল= মাটি কঠাল।
  6. মেকানিকেল মিকশ্চাৰ = যৌগিক পদাৰ্থ।
  7. হোৱাট এ গ্ল'ৰিয়াচ, পিকশ্চাৰ = কেনে গৌৰবমণ্ডিত ছবি।
  8. dyspepsia-ডিস্পেপ্চি‌য়া—অগ্নিমান্দ্য।
  9. Visit-ভিজিট = দৰ্শনী।
  10. Patent medicine= পেটেন্ট মেডিচিন=পেটেন্ট ঔষধ।