পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

নিবেদন।

 ৰঙ্গৰ কিল চিৰকাল হাড়ভগা, খঙ্গত লপা থপা মাত্ৰ। ৰঙ্গেই আমাৰ স্বাভাবিক অৱস্থা। ৰঙ্গত যি হব, খঙ্গত সি হব নোৱাৰে। খঙ্গ নামেই চণ্ডাল-নীচ, অযোগ্য—সত্যৰ বহু দূৰত। ৰঙ্গত হলে কান্দিয়েই জিকিব পাৰি। তাৰ intention ভাল, সত্যৰ বিৰোধী নহয়। দায়িত্ব সদায় intentionৰ ওপৰত নিৰ্ভৰ কৰে। দেখাত নিতান্ত গৰ্হিত কামো তলব ভাল থাকিলে দোষৰ নহয়। জগতৰ যাৱতীয় কাৰ্যবিলাকেই য একেবাৰে ভাল হব ইয়াৰ কোনো অৰ্থ নাই। সকলোতে অলপ নহয় অলপ অনৰ্থ লুকাই থাকে। আমি জীয়াই থকাটোও দেখাত এটা অনৰ্থৰ ওপৰত। সিমান চকু দিলে ইয়াত একো কামকে কৰিব নাৱাৰি। পোক পৰুৱা মৰে বুলিলে ইয়াত খোজ এটাও দিয়া অসম্ভব। আমি খোজ দিয়াত যদি কিবা অনৰ্থ হয় বা আমি জীয়াই থাকিবলৈকে যদি কিবা বেয়া কাম কৰিব লগীয়া হয় তেন্তে আমাৰ সি ৰঙ্গৰ কিলহে। ৰঙ্গৰ কিল ২|১টা নমৰাকৈ আমি নোৱাৰো।

 ৰহ-ঘৰা ৰঙ্গৰ কিল! খাওঁতে মিঠা লাগে হওঁতে, কিন্তু যথাৰ্থতে ‘হাড় ভাগে।” নেখাওঁ বুলিও আমি থাকিব নোৱাৰোঁ। ৰঙ্গ-ৰহইচ আমি ভাল পাওঁ। দুখক দুখ ভাবেই গ্ৰহণ কৰিবৰ শক্তি আমাৰ কম। জগতত থকাটোৱেই কিল খোৱা, ইয়াত সত্যৰ সন্ধান কৰিব নোৱাৰি মায়া-মৰীচিকাত পৰি হাবাথুৰি খোৱা মাত্ৰ সাৰ। কিন্তু সি ৰঙ্গত, আনন্দত, খেলাত প্ৰতিষ্ঠিত কাৰণে আমি তালৈ কাণ নকৰোঁ। ইয়াৰ যথাৰ্থ তাৎপৰ্য্য, intention বা মতলব বেয়া নহয় কাৰণে বোজা, বৈ হাড় ভাগি যাবলগা হলেও আমাৰ স্ফুৰ্ত্তি দুগুণে বাঢ়িহে যায়। খেলা বা আনন্দত নহলে সাধাৰণ বস্তু এটাও আমি দাঙ্গি ধৰিবলৈ অমান্তি