পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেধি তীৰ্থলৈ যায়।

(১)

 কলিয়াবৰত মেধিৰ ঘৰ,
 নাম গোৱাত সুখ্যাতি বৰ,
কানীয়া-মেলত  সবাৰো মাজত
 মান ভাগটি পায়;
পুণ্য কৰিবৰ মনেৰে আজি
 মেধি তীৰ্থলৈ যায়।

(২)

 লেখি-বুজি মোনাত ভৰি,
ললে টকা আঢ়ৈ কুৰি,
ললে ভৰাই  কানিৰ টেমাটো,
 ওলাল মঙ্গল চাই;
গোটেই গাৱঁতে  উঠিল ঢৌ;—
 মেধি তীৰ্থলৈ যায়।

(৩)

 ঘাটত মেধিয়ে উঠিল কৈ,
 কি নো জাহাজ, কি নো চৈ,
কেইখন ব’ঠাৰে  মাৰে ইয়াক,
 কিমান বেগেৰে যায়!
ভাবি-চিন্তি লাহে-লাহে
 মেধি তীৰ্থলৈ যায়।