পৃষ্ঠা:ৰহঘৰা-দণ্ডিনাথ কলিতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহঘৰা।

(৫)

 পালেগৈ বিয়াৰ ঘৰ;
থৰক-বৰক বুঢ়াৰ চকুটো
 নাচনে কৰিলে থৰ।

(৬)

 উঠিল হঠাতে গা;
বিবিধ ভঙ্গীৰে ধৰিলে নাচোন
 কোনে চাব খোজ চা।

(৭)

 উঠিল মদৰ জাঁই;
নাচৰ পাকত  “বাই” চৰণত
 পৰিল বাগৰ খাই।

(৮)

 বৰটো পুতেকে ধৰি,
তেল-পানী ঢালি ঘৰল’ই বুলি,
 নিলে খৰ-ধৰ কৰি৷

(৯)

 বুঢ়ীও নাচিল কম!
জেন্তিপিৰ * চৰে  উঠিল জোকাৰি
 পাই কথাটোৰ গম।


* গ্ৰীচৰ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিচৰ পত্নী। এওঁ বৰ উগ্ৰ স্বভাবৰ আৰু কুন্দল-প্ৰিয়া আছিল। আন কি, এদিন অকল গাগি পৰিবেই তুষ্ট নহৈ, চক্ৰেটিচৰ মুৰত এচৰীয়া বোকা পানী ঢালি দিছিল।